শাণ্ডিল্য বিদ্যা
চান্দোগ্য উপনিষদত বিশদভাৱে উল্লেখ কৰা শাণ্ডিল্য বিদ্যা হৈছে বৈদিক ঋষি ব্ৰহ্মৰ্ষি শাণ্ডিল্যৰ নামত আৰোপ কৰা এক মতবাদ যিয়ে ব্ৰহ্ম, সৰ্বাংগীণ বাস্তৱতাক ধ্যান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[1] ইয়াত ব্ৰহ্মক বিশ্বব্ৰহ্মাণ্ডৰ উৎস, জীৱিকা আৰু বিসৰ্জন হিচাপে ধাৰণাটোক উজ্জ্বল কৰি তোলা হৈছে আৰু ইয়াৰপৰা অনুমান কৰা হৈছে যে, মৃত্যুৰ পাছত মানুহৰ অৱস্থা জীৱনকালত অৰ্জন কৰা তেওঁলোকৰ কামনা আৰু ইয়াৰ ফলৰদ্বাৰা নিৰ্ধাৰিত হয়। বিদ্যাই আত্মাৰ প্ৰকৃতিৰ বিষয়েও অন্বেষণ কৰে, ইয়াক অসীমভাৱে সৰু আৰু অসীমভাৱে বিশাল দুয়োটা বুলি বৰ্ণনা কৰি ভিতৰৰ সকলো বস্তুকে সামৰি লৈছে।[2][3][4]
শাণ্ডিল্য বিদ্যাৰ বিখ্যাত উক্তি:
"सर्वं खल्विदं ब्रह्म"
- অসমীয়া অনুবাদ "এই সকলোৱে ব্ৰহ্ম"
— শাণ্ডিল্য, শাণ্ডিল্য বিদ্যা, চান্দোগ্য উপনিষদ
বিৱৰণ
[সম্পাদনা কৰক]শাণ্ডিল্য বিদ্যা চান্দোগ্য উপনিষদৰ অংশ। উপনিষদৰ তৃতীয় অধ্যায়ৰ ১৪ নং খণ্ডত ইয়াৰ উল্লেখ আছে।[1] শতপথ ব্ৰাহ্মণ (x. 6. 3) গ্ৰন্থত পাঠ্যৰ কিছু পাৰ্থক্যৰ সৈতেও ইয়াৰ পুনৰাবৃত্তি কৰা হৈছে।[1][4] অগ্নিৰহস্য আৰু বৃহদাৰণ্যক উপনিষদতো ইয়াৰ শিক্ষা দিয়া হৈছে।[5]
ড° ৰাধাকৃষ্ণনৰ মতে শাণ্ডিল্য বিদ্যায় ব্যক্তিগত আত্মা (আত্মান) আৰু পৰম ব্ৰহ্মৰ একত্বক দৃঢ় কৰে।[2] তেওঁ বেদান্ত দৰ্শনৰ টীকাত উল্লেখ কৰিছে যে, শাণ্ডিল্য বিদ্যাত নিম্ন আৰু উচ্চ ব্ৰহ্মৰ মাজত পাৰ্থক্য নাই।[6] ই পৰম সত্তাৰ প্ৰকাশ আৰু সমগ্ৰ উপনিষদ প্ৰজ্ঞাৰ সাৰমৰ্ম।
আত্মা আৰু পৰম ব্ৰহ্ম আৰু ইহঁতৰ ঐক্যৰ ধাৰণাটো প্ৰথমে উপলব্ধি কৰিছিল শাণ্ডিল্য ঋষিয়ে। আত্মা আৰু পৰম ব্ৰহ্মৰ ধাৰণা সম্পৰ্কে তেওঁৰ অন্তৰ্দৃষ্টিক শাণ্ডিল্য বিদ্যা বুলি কোৱা হৈছিল।[7]
বিষয়-বস্তু
[সম্পাদনা কৰক]চান্দোগ্য উপনিষদ গ্ৰন্থত শাণ্ডিল্য বিদ্যাত চাৰিটা পদ আছে।[8]
প্ৰথম পদটোৰ আৰম্ভণিতে "এই সকলোবোৰ ব্ৰহ্ম।" এই ব্ৰহ্ম হৈছে চূড়ান্ত বাস্তৱ, পৰম মহাজাগতিক আত্মা, সকলো অস্তিত্বৰ ভূমি বুলি মৌলিক ঘোষণা। পদটোত আৰু কোৱা হৈছে যে, বিশ্বব্ৰহ্মাণ্ড ব্ৰহ্মৰপৰা ওলাই আহি তাত একত্ৰিত হৈ উশাহ লয়। সেয়ে শান্ত মনেৰে ব্ৰহ্ম ধ্যান কৰিব লাগে। ইয়াৰ উপৰি কোৱা হয় যে, এজন মানুহ প্ৰকৃততে নিজৰ ইচ্ছাশক্তিৰদ্বাৰা গঠিত। এই পৃথিৱীত তেওঁ যি হ’বলৈ ইচ্ছা কৰে, ইয়াৰপৰা গুচি গ’লে তেওঁ বিচৰাধৰণেই হৈ পৰে। সেয়েহে এই জ্ঞান মনত ৰাখি তেওঁ নিজৰ ইচ্ছাশক্তি গঢ়ি তুলিব লাগে।[9][8]
দ্বিতীয় পদত অন্তৰ্নিহিত আত্মা (আত্মন)ৰ বিষয়ে উল্লেখ আছে। দ্বিতীয় শ্লোক অনুযায়ী "যি মনেৰে গঠিত, যাৰ শৰীৰ সূক্ষ্ম, যাৰ ৰূপ পোহৰ, যাৰ চিন্তা সত্য, যাৰ স্বভাৱ আকাশ (স্থান)ৰ দৰে, যি এই বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰিছিল, যি সকলো সৎ কামনাক অনুসৰণ কৰে, যি সকলো সুখদায়ক সুৰভি বহন কৰে, যি সকলো ৰুচিৰে সমৃদ্ধ, যি কেতিয়াও কথা নকয় আৰু যি লোভ, উত্তেজনা আৰু লালসাহীন, তেওঁ মোৰ অন্তৰ্নিহিত আত্মাৰ ভিতৰত আত্মা (আত্মন)।"[8]
তৃতীয় পদত আত্মা বা ব্ৰহ্মৰ মাত্ৰা (আকাৰ)ক বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰতকৈয়ো ডাঙৰ আৰু সৰুতকৈয়ো সৰু বস্তুলৈকে উপলভ্য উদাহৰণৰ সৈতে তুলনা কৰা হৈছে। আৰু শেষত ঘোষণা কৰা হৈছে যে, আত্মা আৰু পৰম ব্ৰহ্ম এই সকলো আকাৰৰ বাহিৰত।[8]
চতুৰ্থ পদত শাণ্ডিল্যই আত্মা (আত্মান) ব্ৰহ্ম বুলি ঘোষণা কৰিছিল। ইয়াৰপৰা যাওঁতে তেওঁ নিশ্চয় পৰম ব্ৰহ্মৰ ওচৰলৈ যাব; যাৰ এনে বিশ্বাস আছে আৰু যাৰ ওপৰত কোনো সন্দেহ নাই তেওঁ নিশ্চয় পৰম ব্ৰহ্ম লাভ কৰিব।[8]
একেদৰে শতপথ ব্ৰাহ্মণ গ্ৰন্থত শাণ্ডিল্য বিদ্যা অগ্নিৰহস্যৰ অংশ। শতপথ ব্ৰাহ্মণ গ্ৰন্থৰ দশম খণ্ডৰ ষষ্ঠ অধ্যায়ৰ তৃতীয় ব্ৰাহ্মণৰ পদ দুটাত ইয়াৰ চমু বৰ্ণনা কৰা হৈছে।[10][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Śāṇḍilya (1861) (en ভাষাত). The aphorisms of Sandilya: with the commentary of Swapneswara. C.B. Lewis, Baptist Mission Press. https://books.google.com/books/about/The_aphorisms_of_Sandilya.html?id=_64oAAAAYAAJ#v=onepage&q=sandilya%20vidya&f=false.
- ↑ 2.0 2.1 Sharma, Gurumayum Ranjit (1987) (en ভাষাত). The Idealistic Philosophy of Swami Vivekananda. Atlantic Publishers & Distri. https://books.google.com/books/about/The_Idealistic_Philosophy_of_Swami_Vivek.html?id=ORYOsJHi53sC#v=onepage&q=sandilya%20vidya&f=false.
- ↑ "Sandilya Vidya" (en-IN ভাষাত). The Hindu. 2020-04-29. ISSN 0971-751X. https://www.thehindu.com/society/faith/sandilya-vidya/article31466638.ece.
- ↑ 4.0 4.1 4.2 Warder, A. K. (1998) (en ভাষাত). A Course in Indian Philosophy. Motilal Banarsidass Publ.. ISBN 978-81-208-1244-4. https://books.google.com/books/about/A_Course_in_Indian_Philosophy.html?id=zw1UD1Mj9DwC#v=onepage&q=shandilya%20vidya&f=false.
- ↑ Bādarāyaṇa (2000) (en ভাষাত). The Vedāntasūtras with the Śrībhāṣya of Rāmānujācārya. Munshiram Manoharlal. ISBN 978-81-215-0460-7. https://books.google.com/books/about/The_Ved%C4%81ntas%C5%ABtras_with_the_%C5%9Ar%C4%ABbh%C4%81.html?id=pvbtAAAAIAAJ#Shandilya%20Vidya.
- ↑ "The Vedanta Philosophy and the Doctrine of Maya". The University of Chicago Press: Journals. https://www.journals.uchicago.edu/doi/pdf/10.1086/intejethi.24.4.2376777.
- ↑ Puthenthara, Dr Michael (2013-05-21) (en ভাষাত). Tat Tvam Asi. D C Books. ISBN 978-93-81699-23-2. https://books.google.com/books/about/Tat_Tvam_Asi.html?id=xe-vDQAAQBAJ#v=onepage&q=Shandilya%20Vidya&f=false.
- ↑ 8.0 8.1 8.2 8.3 8.4 Swahananda, Swami (1956). Chandogya upanisad. Ramakrishna Math, Madras. http://archive.org/details/dli.csl.5056.
- ↑ (en ভাষাত) The Sacred Books of the East Described and Examined: Philosophic and law books: Selections from the Upanishads. Bhagavad Gita. Vedanta Sara. Yoga Sastra. Laws of Manu. 1st ed. 1895. Christian Literature Society of India. 1898. https://books.google.com/books/about/The_Sacred_Books_of_the_East_Described_a.html?id=H_AYAAAAYAAJ#v=onepage&q=The%20four%20verses%20of%20Shandilya%20Vidya&f=false.
- ↑ Archive, Internet Sacred Text. "Satapatha Brahmana Part IV (SBE43): Tenth Kâ<I&g... | Sacred Texts Archive" (English ভাষাত). Internet Sacred Text Archive. https://sacred-texts.com/hin/sbr/sbe43/sbe4373.htm। আহৰণ কৰা হৈছে: 2025-07-20.