সমললৈ যাওক

শান্তা আপ্তে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তা আপ্তে

গোপাল কৃষ্ণ (১৯৩৮) ছবিত শান্তা আপ্তে
জন্ম শান্তা আপ্তে
১৯১৬
দুধ্নি, মহাৰাষ্ট্ৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯৬৪ (বয়স ৪৭৪৮)
অন্ধেৰী, বম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা গায়িকা-অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩২–১৯৫৮

শান্তা আপ্তে (১৯১৬–১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী-গায়িকা৷ তেওঁ মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিছিল।[1] প্ৰভাত ফিল্মছৰ বেনাৰত দুনিয়া না মানে/কুংকু (১৯৩৭) আৰু অমৰ জ্যোতি (১৯৩৬)ৰ দৰে ছবিত অভিনয়ৰ বাবে বিখ্যাত তেওঁ ১৯৩২ চনৰ পৰা ১৯৫৮ চনলৈকে ভাৰতীয় ছবি জগতত সক্ৰিয় আছিল। কানন দেৱীৰ সৈতে আপ্তেক নেপথ্য গায়ক যুগৰ[2] আগৰ অন্যতম "মহান গায়ক তাৰকা" হিচাপে উল্লেখ কৰা হৈছে।[3] মাৰাঠী চলচ্চিত্ৰ শ্যামসুন্দৰ (১৯৩২)ত এগৰাকী যুৱতী ৰাধাৰ চৰিত্ৰত অভিনয় কৰি আপ্তেই ছবিত কেৰিয়াৰ আৰম্ভ কৰে। (১৯৩৪) চনত তেওঁৰ প্ৰথম হিন্দী ভাষাৰ ছবি অমৃত মন্থনত অভিনয় কৰে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯১৬ চনত ভাৰতৰ মহাৰাষ্ট্ৰৰ দুধনীত[5] মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা আপ্তে এজন ষ্টেচন মাষ্টাৰৰ কন্যা আছিল।[6] পিতৃৰ গান গোৱাৰ প্ৰতি থকা প্ৰৱণতাক অনুসৰণ কৰি যুৱতী আপ্তে পুনেৰ স্থানীয় গণেশ উৎসৱত ভজন প্ৰদৰ্শন কৰি সংগীতৰ পৰম্পৰা আগবঢ়াই নিছিল। তেওঁ পান্ধৰপুৰৰ মহাৰাষ্ট্ৰ সংগীত বিদ্যালয়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।[7]

৯ বছৰ বয়সত শিশু শিল্পী হিচাপে শ্যামসুন্দৰ নামৰ ছবিত তেওঁ আত্মপ্ৰকাশ কৰিছিল।[8]

১৯৬৪ চনৰ ২৪ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ মুম্বাইৰ আন্ধেৰীত থকা তেওঁৰ নিজা বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ আপ্তেৰ মৃত্যু হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Yves Thoraval (1 February 2000). The cinemas of India. Macmillan India. পৃষ্ঠা. 27. ISBN 978-0-333-93410-4. https://books.google.com/books?id=-OpkAAAAMAAJ আহৰণ কৰা হৈছে: 27 June 2015.
  2. "Shanta Apte". Indiancine.mawiki.indiancine.ma. Archived from the original on 17 June 2024. https://web.archive.org/web/20240617173921/https://wiki.indiancine.ma/wiki/Shanta%20Apte আহৰণ কৰা হৈছে: 24 June 2015.
  3. Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen (10 July 2014). "Devi, Kanan". Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 88–. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PA44 আহৰণ কৰা হৈছে: 26 June 2015.
  4. "Shanta Apte". Streeshakti.comstreeshakti.com. http://www.streeshakti.com/bookS.aspx?author=16 আহৰণ কৰা হৈছে: 26 June 2015.
  5. 1 2 Careers Digest. 1. 1964. পৃষ্ঠা. 383. https://books.google.com/books?id=byDNAAAAMAAJ আহৰণ কৰা হৈছে: 26 June 2015.
  6. Patel, Baburao (December 1938). "Questions And Answers". Filmindia খণ্ড 4 (12): 23. https://archive.org/stream/filmindia193804unse#page/n355/mode/2up/search/Shanta+Apte আহৰণ কৰা হৈছে: 26 June 2015.
  7. Sathe, V. P.. "Article-Profile Shanta Apte (1977)". cineplot.com. http://cineplot.com/shanta-apte-profile/ আহৰণ কৰা হৈছে: 24 June 2015.
  8. G. N. Joshi (1984). Down melody lane. Orient Longman. পৃষ্ঠা. 29. ISBN 978-0-86131-175-0. https://books.google.com/books?id=H40IAQAAMAAJ আহৰণ কৰা হৈছে: 24 June 2015.