শান্তা পি. নায়াৰ
শান্তা পি. নায়াৰ | |
|---|---|
| জন্ম | ৬ ফেব্ৰুৱাৰী, ১৯২৯ |
| উৎসস্থান | থ্ৰিছুৰ, কেৰেলা |
| মৃত্যুৰ তাৰিখ | ২৬ জুলাই, ২০০৮ (৭৮ বছৰ) |
| সংগীতৰ ধৰণ | নেপথ্য গায়িকা |
| পেচা | গায়িকা |
| বাদ্যযন্ত্ৰ | কণ্ঠ |
| সক্ৰিয়তাৰ বছৰ | ১৯৫১–১৯৬৭ |
শান্তা পি. নায়াৰ (ইংৰাজী: Santha P. Nair; ৬ ফেব্ৰুৱাৰী ১৯২৯ – ২৬ জুলাই ২০০৮) মালয়ালম চিনেমাৰ এগৰাকী নেপথ্য গায়িকা। তেওঁ কেৰেলাৰ থ্ৰিছুৰত বাস কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]থ্ৰিছুৰৰ বিখ্যাত আম্বাদী পৰিয়ালৰ বাসুদেৱ পোডুভাল আৰু লক্ষ্মীৰ ঘৰত শান্তা পোডুভালৰ জন্ম হৈছিল৷ পিতৃ-মাতৃৰ পাঁচজন সন্তানৰ ভিতৰত অন্যতম শান্তা পোডুভালে অতি কম বয়সতে সংগীতত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। তেওঁ চেন্নাইৰ কুইন মেৰী কলেজৰ পৰা শিক্ষা লাভ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]নেপথ্য গায়িকা হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ কোঝিকোডৰ অল ইণ্ডিয়া ৰেডিঅ’ত কাম কৰি আছিল। ১৯৫৩ চনত থিৰামালাৰ জৰিয়তে তেওঁ মালয়ালম চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল৷ সংগীত পৰিচালক বিমল কুমাৰৰ তত্বাবধানত তেওঁ চবিখনত 'আম্মাথান থংকাকুদামে' শীৰ্ষক এটি লুলাবী গীত গাইছিল। ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে তেওঁ সুৰীয়া কণ্ঠেৰে শতাধিক মালয়ালম ছবিত গীত গাই বহু গীতক অমৰ কৰি ৰাখিছিল। তেওঁ কৰ্ণাটকী সংগীতত সমানেই পাকৈত আছিল আৰু বহুতো অনুষ্ঠানত গীত পৰিবেশন কৰিছিল৷ এছ. জানকীৰ সহযোগত তেওঁৰ শেষ গীতটো আছিল ১৯৬১ চনত ভি চিদাম্বৰানাথৰ ছবি মুৰাপেন্নুৰ বাবে ‘কদৱথু থোনি আদুথাপল’। এটা অনুষ্ঠানৰ বাবে তেওঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ সন্মুখত বন্দে মাতৰম্ গীতটো গোৱাৰ সুযোগ পাইছিল। শান্তা নায়াৰে ১৯৮৭ চনত মালয়ালম লঘূ সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে কেৰেলা সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।[1] ২০০৫ চনত তেওঁক কেৰেলা সংগীত নাটক একাডেমীৰ ফেল'শ্বিপ প্ৰদান কৰা হয়।[2] তেওঁ কৈৰালী স্বৰালয় লাইফটাইম এচিভমেণ্ট বঁটা আৰু লাক্স এছিয়ানেট লাইফটাইম এচিভমেণ্ট বঁটাও লাভ কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সাহিত্যিক কে. পদ্মনাভন নায়াৰৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ২০০৮ চনত ৭৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁৰ কন্যা লাথা ৰাজু আৰু জোঁৱাই জে. এম. ৰাজুও মালয়ালম চলচ্চিত্ৰৰ নেপথ্য গায়ক।[3] তেওঁৰ নাতি আলাপ ৰাজু এজন গীটাৰ বাদক লগতে এজন নেপথ্য গায়ক।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Kerala Sangeetha Nataka Akademi Award: Light Music". Department of Cultural Affairs, Government of Kerala. http://www.keralaculture.org/light-music/467। আহৰণ কৰা হৈছে: 26 February 2023.
- ↑ "Classical Music". Department of Cultural Affairs, Government of Kerala. http://www.keralaculture.org/classical-music/456। আহৰণ কৰা হৈছে: 24 February 2023.
- ↑ "Born to sing". 11 December 2013. https://www.deccanchronicle.com/131211/entertainment-mollywood/article/born-sing.
- ↑ "Veteran playback singer Latha Raju still going strong". 25 October 2013. http://www.deccanherald.com/content/365192/veteran-playback-singer-latha-raju.html.