সমললৈ যাওক

শান্তা ৰাও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তা ৰাও
জন্ম 1925 (1925)
বোম্বে, ব্ৰিটিছ ভাৰত
মৃত্যু ২৮ ডিচেম্বৰ, ২০০৭ (৮২ বছৰ)
মালেশ্বৰম, বাংগালোৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শাস্ত্ৰীয় নৃত্যশিল্প

শান্তা ৰাও (ইংৰাজী: Shanta Rao ; আনুমানিক ১৯২৫[1] – ২৮ ডিচেম্বৰ ২০০৭) ভাৰতৰ এগৰাকী নৃত্যশিল্পী। কথকলি, ভাৰতনাট্যম আৰু কুচিপুড়ি অধ্যয়ন আৰু পৰিবেশন কৰিছিল। ধ্ৰুপদী নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী, সংগীত নাটক অকাডেমী বঁটা[2] আৰু কালিদাস সন্মানেৰে সন্মানিত কৰা হয়।[3] ১৯২৫ চনত বম্বেত (বৰ্তমান মুম্বাই)[4] জন্মগ্ৰহণ কৰা ৰাৱে তাত আৰু বাংগালুৰুত বসবাস কৰিছিল। ২০০৭ চনৰ ২৮ ডিচেম্বৰত বাংগালুৰুৰ মালেশ্বৰমৰ বাসগৃহত তেওঁৰ মৃত্যু হয়।[5]

জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

১৯২৫ চনৰ আশে-পাশে এক সাৰস্বত ব্ৰাহ্মণৰ ঘৰত শান্ত ৰাওৰ জন্ম হৈছিল। ১৯৩৯ চনত ৰাৱে এজন সংৰক্ষকৰ সৈতে কেৰালা কলামণ্ডলমত অধ্যয়ন কৰিবলৈ যাত্ৰা কৰে।[6] ১৯৪০ চনত ত্ৰিশূৰত তেওঁ কথকলিৰ প্ৰথম প্ৰদৰ্শন কৰে।[7]

ৰাৱে মীনাক্ষীসুন্দৰম পিল্লাইৰ ওচৰত ভৰতনাট্যমৰ শিক্ষা লৈছিল।[8] ১৯৪২ চনত মাদ্ৰাচৰ মিউজিক একাডেমীত ভাৰতনাট্যমৰ অভিষেক হয়। ৰাৱে ভেম্পতী চিন্না সত্যমৰ অধীনত কুচিপুড়িৰ শিক্ষা লৈছিল।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Shanta Rao" (en ভাষাত). Sahapedia. https://www.sahapedia.org/shanta-rao। আহৰণ কৰা হৈছে: 2022-11-27. 
  2. "SNA: List of Akademi Awardees". Sangeet Natak Akademi Official website. http://sangeetnatak.gov.in/sna/awardeeslist.htm. 
  3. "Kalidas Award Holders (Classical Dance)". Department of Culture, Government of Madhya Pradesh. Archived from the original on 9 April 2012. https://web.archive.org/web/20120409203445/http://www.mpculture.in/html/kalidasaward-dance.asp। আহৰণ কৰা হৈছে: 18 March 2014. 
  4. Selma Jeanne Cohen; Dance Perspectives Foundation (1998). International encyclopedia of dance: a project of Dance Perspectives Foundation, Inc. Oxford University Press. ISBN 978-0-19-512309-8. https://books.google.com/books?id=jgYKAQAAMAAJ. 
  5. Dr. Sunil Kothari (16 May 2008). "Remembering the one and only Shanta Rao". Narthaki. http://www.narthaki.com/info/gtsk/gtsk6.html। আহৰণ কৰা হৈছে: 2014-03-18. 
  6. "The Sunil Kothari Column - Remembering the one and only Shanta Rao - Dr. Sunil Kothari". narthaki.com. https://narthaki.com/info/gtsk/gtsk6.html। আহৰণ কৰা হৈছে: 2021-03-28. 
  7. Kothari, Sunil (2019-06-17). "Paucity of archival material threatens legacy of Kathakali dancer Shanta Rao". The Asian Age. https://www.asianage.com/life/art/170619/paucity-of-archival-material-threatens-legacy-of-kathakali-dancer-shanta-rao.html। আহৰণ কৰা হৈছে: 2021-03-28. 
  8. "676 Ashoke Chatterjee, A perfect stillness: the art of Shanta Rao". www.india-seminar.com. https://www.india-seminar.com/2015/676/676_ashoke_chatterjee.htm। আহৰণ কৰা হৈছে: 2021-03-28. 
  9. (en ভাষাত) Interview with Shanta Rao, 25 March 2021, https://www.youtube.com/watch?v=NPfTeebpVSA, আহৰণ কৰা হৈছে: 2021-03-28 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]