সমললৈ যাওক

শান্তিপুৰী শাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তিপুৰী শাৰী

শান্তিপুৰী শাৰীৰ গুটি ভাঁজ
Production area
Country  ভাৰত
State পশ্চিম বংগ
Location শান্তিপুৰ
Details
Ingredients কপাহী
Length ৫.৫.মি.
Breadth ১১৮-১২০ ছে.মি.
Style বংগ পৰম্পৰা
Borders ৫-৬ ইঞ্চি
Usage দৈনন্দিন জীৱন আৰু উৎসৱ
Status
GI Status পঞ্জীভূক্ত
Application No. ১৩৮
Website Santipore Saree

শান্তিপুৰী শাৰী (ইংৰাজী: Shantipuri sari ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা কপাহী শাৰী। পশ্চিম বংগৰ নদিয়া জিলাৰ শান্তিপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ইয়াৰ উৎপাদন হয়। শান্তিপুৰী হস্ততাঁত শাৰী (বা কাপোৰ) চানেকীৰ অভিনৱত্ব, অতিৰিক্ত বাণিসূতাৰ সৈতে হাতেৰে কাটিব পৰা পদ্ধতি, বিভিন্ন ৰঙৰ আৰ্হি আৰু কাপোৰৰ মিহি মোলায়েম গুণৰ বাবে বিখ্যাত। মিহি শান্তিপুৰী শাৰী সমগ্ৰ বিশ্বতে উচ্চ চাহিদাযুক্ত সামগ্ৰী।[1] শান্তিপুৰী শাৰীয়ে ২০০৯ চনত ভৌগোলিক সূচকৰ টেগ পাইছিল।[2][3]

পোন্ধৰ শতিকাৰ আৰম্ভণিতে বংগৰ গৌড়ৰ ৰজা গণেশৰ ৰাজত্বকালত শান্তিপুৰত তাঁতীসকলে প্ৰথমে বসতি স্থাপন কৰিছিল। শান্তিপুৰী শাৰীৰ ইতিহাস আৰম্ভ হয় ১৪০৯ খ্ৰীষ্টাব্দৰ পৰা। তথ্য অনুসৰি গৌড় ৰজা গণেশ দানু সাধনদেৱৰ ৰাজত্বকালত ১৪০৯ খ্ৰীষ্টাব্দত শান্তিপুৰত প্ৰথম শাৰী বোৱা হৈছিল।[4] শান্তিপুৰৰ বয়ন পৰম্পৰা শ্ৰী অদ্বৈত আচাৰ্যৰ (১৪৬০–১৫৫৮) জীৱনীমূলক পাণ্ডুলিপিত অদ্বৈত্ মংগল নামেৰে লিপিবদ্ধ হৈছে।[5] নদিয়া ৰাজ ৰুদ্ৰ ৰায়ৰ দিনত (১৬৮৩–৯৪) আৰু মোগল শাসনৰ সময়ত শান্তিপুৰৰ হস্ততাঁত বয়ন পৰম্পৰাগত উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিছিল। নদিয়াৰ ৰজা ৰুদ্ৰ ৰায়ৰ (১৬৮৩–৯৪) ৰাজত্বকালত শিপিনীসকলৰ এই কামে যথেষ্ট প্ৰশংসা আৰু খ্যাতি লাভ কৰিছিল। সেই সময়ত আৰব, গ্ৰীচ, তুৰস্ক, ইৰাণ আৰু আফগানিস্তানলৈ শাৰী ৰপ্তানি কৰা হৈছিল। ইয়াৰ পিছত এই উদ্যোগটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহিছিল। মূলতঃ শাৰী আৰু ধুতি বোৱা হৈছিল যদিও শান্তিপুৰৰ বিশেষত্ব আছিল শাৰী তৈয়াৰত। শান্তিপুৰৰ শিপিনী আৰু শাৰী ইমানেই বিখ্যাত আছিল যে তেওঁলোকে বঙালী লোকসাহিত্যতো স্থান পাইছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Geographical Indications Journal No.29". search.ipindia.gov.in. পৃষ্ঠাসমূহ: 138–143. https://search.ipindia.gov.in/IPOJournal/Journal/ViewJournal। আহৰণ কৰা হৈছে: 17 August 2023. 
  2. "ৰসগোল্লাৰ মতো বাংলাৰ শাড়িতেও ৰয়েছে জিআই স্বীকৃতি, পেয়ে যাবেন এ শহৰেই" (bn ভাষাত). প্ৰকাশক Kolkata: Anandabazar PatrikaAnandabazar2. 10 February 2022. https://www.anandabazar.com/aamarkolkata/fashion/sarees-of-bengal-that-have-gi-tag-and-where-can-you-buy-them-in-the-city-dgtl/cid/1328160। আহৰণ কৰা হৈছে: 19 August 2023. 
  3. "Santipur Saree". search.ipindia.gov.in. https://search.ipindia.gov.in/GIRPublic/Application/Details/138। আহৰণ কৰা হৈছে: 18 August 2023. 
  4. "হস্তচালিত তাঁতেৰ শাড়িৰ শ্ৰমিকদেৰ ঘৰ অন্ধকাৰই" (bn ভাষাত). Anandabazar PatrikaAnandabazar. 25 August 2019. https://www.anandabazar.com/editorial/handloom-labours-of-shantipur-are-at-a-fix-1.1035973। আহৰণ কৰা হৈছে: 18 August 2023. 
  5. Pradipta Dubey; Dr. Subhrangsu Santra (25 December 2013). "WEAVING AND LIVELIHOOD IN SHANTIPUR OF WEST BENGAL: PAST AND PRESENT". International Journal of Current Research খণ্ড 5 (12): 4014–4017. ISSN 0975-833X. https://www.journalcra.com/sites/default/files/issue-pdf/Download%204605.pdf। আহৰণ কৰা হৈছে: 18 August 2023.