শান্তি দেৱী
শান্তি দেৱী | |
---|---|
ষষ্ঠ লোক সভা | |
কাৰ্যকাল ১৯৭৭ – ১৯৮০ | |
উত্তৰসূৰী | বিজেন্দ্ৰ পাল সিং |
অষ্টম লোক সভা | |
কাৰ্যকাল ১৯৮৪ – ১৯৮৯ | |
পূৰ্বসূৰী | বিজেন্দ্ৰ পাল সিং |
উত্তৰসূৰী | শ্ৰীপাল সিং যাদৱ |
ব্যক্তিগত তথ্য | |
জন্ম | ৩০ জানুৱাৰী, ১৯৩৭ (৮৮ বছৰ) জৰিফ নগৰ, উত্তৰ প্ৰদেশ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
শান্তি দেৱী (ইংৰাজী: Shanti Devi (জন্ম ১৯৩৭)) উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ সম্ভালক লোকসভাত প্ৰতিনিধিত্ব কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিধায়িনী দলৰ দুয়োখন সদনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]শান্তি দেৱী চৌধুৰী বদন সিং যাদৱৰ কন্যা আৰু তেওঁ ১৯৩৭ চনৰ ৩০ জানুৱাৰীত বদৌন জিলাৰ জাৰিফ নগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ মেট্ৰিক পৰ্যায়লৈকে শিক্ষা লাভ কৰিছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬২ চনৰ পৰা ১৯৬৮ চনলৈ শান্তি দেৱী উত্তৰ প্ৰদেশ বিধান পৰিষদৰ সদস্য আছিল। ১৯৭৪ চনত তেওঁ উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়।[1] তিনি বছৰৰ পাছত ভাৰতীয় লোকদলৰ সদস্য হিচাপে তেওঁ ১৯৭৭ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত সম্ভালৰ পৰা জয়ী হয়৷ তেওঁ মুঠ ভোটৰ ৬৪.২৯% ভোট লাভ কৰে। পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত তেওঁ জনতা পাৰ্টি (ধৰ্ম-নিৰপেক্ষ)ত যোগদান কৰে যদিও ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)ৰ বিজেন্দ্ৰ পাল সিঙৰ হাতত পৰাস্ত হয়।[2]
১৯৮৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে দেৱীয়ে আইএনচি (আই)লৈ দল সলনি কৰে৷ তেওঁ ৩৬.৪৬% ভোট লাভ কৰি আসনখন লাভ কৰে। পাঁচ বছৰীয়া কাৰ্যকাল সমাপ্ত কৰাৰ পিছত তেওঁ সম্ভলৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও জনতা দলৰ এছ পি যাদৱৰ হাতত পৰাস্ত হয়। ৩৯.২৮% ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ চৌধুৰী জগন্নাথ সিং যাদৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ চাৰিজন পুত্ৰ সন্তান আছে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Members Bioprofile: Shanti Devi, Shrimati". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2575.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ 2.0 2.1 "Sambal Partywise Comparison". Election Commission of India. http://eci.nic.in/archive/electionanalysis/GE/PartyCompWinner/S24/partycomp05.htm। আহৰণ কৰা হৈছে: 27 November 2017.