শান্তি মিশ্ৰ
| শান্তি মিশ্ৰ | |
|---|---|
| স্থানীয় নাম | शान्ति मिश्र |
| জন্ম | শান্তি শ্ৰেষ্ঠ ২২ জুন, ১৯৩৮ ঝোচেন, কাঠমাণ্ডু, নেপাল |
| মৃত্যু | ১৫ মে', ২০১৯ (৮০ বছৰ) ইণ্ডিয়ানাপলিছ, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষা | এম.এ. (ইতিহাস, গ্ৰন্থাগাৰ বিজ্ঞান) |
| শিক্ষানুষ্ঠান | ভাণ্ডাৰবিল্ট বিশ্ববিদ্যালয় |
| পেচা | প্ৰবক্তা, গ্ৰন্থাগাৰিক, লেখিকা, অনুবাদক |
| জনা যায় | প্ৰথম নেপালী মহিলা গ্ৰন্থাগাৰিক |
| দাম্পত্যসঙ্গী | নাৰায়ণ মিশ্ৰ (বি. ১৯৭০) |
| পিতৃ-মাতৃ |
|
| সন্তান | ১ |
শান্তি মিশ্ৰ (জন্মগত উপাধি শ্ৰেষ্ঠ; ২২ জুন ১৯৩৮ – ১৫ মে’ ২০১৯) এগৰাকী নেপালী প্ৰবক্তা, গ্ৰন্থাগাৰিক, লেখিকা আৰু অনুবাদক আছিল। তেওঁ আছিল নেপালৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা প্ৰবক্তা আৰু প্ৰথমগৰাকী নেপালী মহিলা গ্ৰন্থাগাৰিক। তেওঁ ত্ৰিভুৱন বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ প্ৰথমগৰাকী মহিলা গ্ৰন্থাগাৰিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ পেন ইণ্টাৰনেশ্যনেলৰ নেপাল শাখাৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]
১৯৩৮ চনৰ ২২ জুনত কাঠমাণ্ডুৰ ঝোচেনত শান্তি মিশ্ৰৰ জন্ম হৈছিল। তেওঁ পিতৃ জানকী লাল শ্ৰেষ্ঠ আৰু মাতৃ কৃষ্ণা দেৱী শ্ৰেষ্ঠৰ জ্যেষ্ঠা কন্যা আছিল। তেওঁৰ এজন ভায়েক আৰু এগৰাকী ভনীয়েক আছিল।
তেওঁ কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰপৰা আই.এ. আৰু বি.এ. ডিগ্ৰী লাভ কৰিছিল আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা ইতিহাসত এম.এ. ডিগ্ৰী লাভ কৰিছিল। ১৯৫৯ চনত যেতিয়া ত্ৰিভুৱন বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হয়, তেতিয়া তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত গ্ৰন্থাগাৰ বিজ্ঞান অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। তেওঁ ভাণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ জৰ্জ পীবডী লাইব্ৰেৰী স্কুলৰপৰা গ্ৰন্থাগাৰ বিজ্ঞানত এম.এ. ডিগ্ৰী লাভ কৰিছিল।
পেছাদাৰী কেৰিয়াৰ
[সম্পাদনা কৰক]
১৯৬২ চনত তেওঁ নেপাললৈ উভতি আহে। ১৯৬৩ চনৰ ১ মে'ত তেওঁক ত্ৰিভুৱন বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মুখ্য গ্ৰন্থাগাৰিক হিচাপে নিযুক্তি দিয়া হয়। গ্ৰন্থাগাৰটো প্ৰথম অৱস্থাত ত্ৰিপুৰেশ্বৰত আছিল আৰু ১৯৬৭ চনত কীৰ্তিপুৰলৈ স্থানান্তৰিত কৰা হয়। ১৯৬৯ চনত তেওঁৰ কাৰ্যকালত ব্ৰিটিছ শিক্ষাবিদসকলে পৰিদৰ্শন কৰাৰ সময়ত গ্ৰন্থাগাৰটোক "দক্ষিণ-পূব এছিয়াত প্ৰায় অনন্য" বুলি ঘোষণা কৰা হৈছিল। এই ভ্ৰমণৰ বাতৰি বিবিচিয়ে সম্প্ৰচাৰ কৰিছিল আৰু গ্ৰন্থাগাৰটো দেশৰ বাবে গৌৰৱৰ প্ৰতীক হৈ পৰিছিল।[1] তেওঁ ত্ৰিভুৱন বিশ্ববিদ্যালয়ত তিনিটা দশক ধৰি কাম কৰিছিল।
তেওঁ তেওঁৰ স্বামীৰ সৈতে মিলি গ্ৰন্থাগাৰ বিজ্ঞানৰ ওপৰত 'পুস্তকলায় বিজ্ঞান কো ৰূপৰেখা' নামৰ এখন গ্ৰন্থ লিখিছিল। ১৯৮১ চনত কিতাপখন প্ৰকাশ পাইছিল। ইয়াৰ পিছত তেওঁ 'ভইচ অৱ ট্ৰুথ: দ্য চেলেঞ্জেজ এণ্ড ষ্ট্ৰাগলছ অৱ এ নেপালিজ ৱমেন' শীৰ্ষক এখন স্মৃতিকথা লিখিছিল, য’ত দক্ষিণ এছিয়াৰ এগৰাকী মহিলাৰ দুখ-কষ্টৰ চিত্ৰ অংকন কৰা হৈছিল। ১৯৯৪ চনত কিতাপখন প্ৰকাশ পাইছিল। তেওঁ স্বামীৰ সৈতে যুটীয়াভাৱে ত্ৰিভুৱন বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ ইতিহাসৰ ওপৰত 'ত্ৰি. বি. কেন্দ্ৰীয় পুস্তকলায় কো গৌৰৱশালী কাহিনী ৰা হাম্ৰো সেৱা' নামৰ এখন গ্ৰন্থও লিখিছিল। ১৯৯২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[2]
তেওঁ ১৯৭৫ চনত নেপালৰ আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষ সমিতিৰ সদস্য-সচিব হিচাপেও কাম কৰিছিল। গ্ৰেটা ৰাণা, টয়া গুৰুং, অশেষ মাল্লা, ভুৱন ঢুংগানা, ধ্ৰুৱ চন্দ্ৰ গৌতম আদি প্ৰখ্যাত লেখকসকলৰ সৈতে নেপালত পেন (PEN) শাখা স্থাপনৰ বাবে চহী কৰা সদস্যসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। তেওঁ পেন ইণ্টাৰনেশ্যনেল নেপালৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে সেৱা আগবঢ়াইছিল।[3]
ইয়াৰ উপৰি তেওঁ মাৰ্টিন চৌতাৰীৰ অধ্যক্ষ, 'সঞ্চাৰিকা সমূহ'ৰ (মহিলা মিডিয়া গোট) উপদেষ্টা, ১৯৮৫ চনত ভূটানত আধুনিক গ্ৰন্থাগাৰ নিৰ্মাণৰ বাবে ইউনেস্কোৰ পৰামৰ্শদাতা আৰু ৰুদ্ৰ ৰাজ পাণ্ডে সাহিত্য সেৱা সমিতিৰ উপ-অধ্যক্ষ হিচাপে কাম কৰিছিল। মিশ্ৰ ৰাষ্ট্ৰসংঘৰ মহিলা সংস্থা আৰু নেপালৰ সক্ৰিয় মহিলাসকলৰ সন্মানীয় সদস্যও আছিল।[2]
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- পুস্তকলায় বিজ্ঞান কো ৰূপৰেখা (গ্ৰন্থাগাৰ বিজ্ঞানৰ এক পৰ্যবেক্ষণ; ১৯৮১, নাৰায়ণ মিশ্ৰৰ সৈতে যুটীয়াভাৱে লিখিত)
- ভইচ অৱ ট্ৰুথ: দ্য চেলেঞ্জেজ এণ্ড ষ্ট্ৰাগলছ অৱ এ নেপালিজ ৱমেন (১৯৯৪)
- এ উইড'জ গিফ্ট (উপন্যাস, ২০০৮)
- ত্ৰি. বি. কেন্দ্ৰীয় পুস্তকলায় কো গৌৰৱশালী কাহিনী ৰা হাম্ৰো সেৱা (ত্ৰিভুৱন বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ গৌৰৱময় কাহিনী আৰু আমাৰ সেৱা; ২০১৮, নাৰায়ণ মিশ্ৰৰ সৈতে যুটীয়াভাৱে লিখিত)
অনুবাদ
- ৰূপমতী (১৯৯৯, ৰুদ্ৰ ৰাজ পাণ্ডেৰদ্বাৰা লিখিত)
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]
১৯৭০ চনৰ ৮ মে'ত তেওঁ সহকৰ্মী নাৰায়ণ মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭১ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়।
২০১৮ চনৰ জুন মাহত তেওঁ স্বামীৰ সৈতে স্বাস্থ্যৰ চিকিৎসাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। তেওঁ পিত্তাশয়ৰ কৰ্কট ৰোগত ভুগি আছিল।[4] ২০১৯ চনৰ ১৫ মে'ত ইণ্ডিয়ানাপলিছৰ ইণ্ডিয়ানাত তেওঁৰ মৃত্যু হয়।[2] মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু কন্যাক এৰি থৈ যায়।[5]
সন্মান আৰু উত্তৰাধিকাৰ
[সম্পাদনা কৰক]গ্ৰন্থাগাৰ খণ্ডলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁ ভাৰতৰপৰা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ আন্দোলন বঁটা লাভ কৰিছিল। ২০১০ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গ্ৰন্থাগাৰ বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীক ক্ৰমে নাৰায়ণ-শান্তি মিশ্ৰ স্বৰ্ণ পদক আৰু শান্তি-নাৰায়ণ মিশ্ৰ স্বৰ্ণ পদক প্ৰদান কৰিবলৈ ৪,৩৩,০০০ নেপালী টকাৰ এক পুঁজি গঠন কৰা হয়।[2]
২০২১ চনত তেওঁৰ স্বামীয়ে তেওঁলোকৰ ৩ নিযুত নেপালী টকাৰ পুথি সংগ্ৰহ ত্ৰিভুৱন বিশ্ববিদ্যালয় কেন্দ্ৰীয় গ্ৰন্থাগাৰলৈ দান কৰে।[6] দান কৰা ১৬৭০খন কিতাপ গ্ৰন্থাগাৰটোত শান্তি নাৰায়ণ সংগ্ৰহ নামেৰে প্ৰদৰ্শিত কৰা হৈছে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Tribhuvan University Central Library and Shanti Mishra" (en-US ভাষাত). People's Review. 2020-09-08. https://www.peoplesreview.com.np/2020/09/08/tribhuvan-university-central-library-and-shanti-mishra/। আহৰণ কৰা হৈছে: 2022-03-28.
- 1 2 3 4 "एक 'पुस्तकालय'को अवसान" (ne ভাষাত). Himal Khabar. Archived from the original on 2022-11-03. https://web.archive.org/web/20221103160549/https://www.himalkhabar.com/news/12705। আহৰণ কৰা হৈছে: 2022-03-28.
- ↑ Rana, Greta. "The beginnings of PEN Nepal" (en ভাষাত). The Annapurna Express. https://theannapurnaexpress.com/news/the-beginnings-of-pen-nepal-2828। আহৰণ কৰা হৈছে: 2022-03-28.
- ↑ "नेपाली पुस्तकालयका पर्याय शान्ति मिश्रको निधन" (ne ভাষাত). Swadesh Nepal. 2019-05-16. https://www.swadeshnepal.com/2019/05/99255/। আহৰণ কৰা হৈছে: 2022-03-28.
- ↑ "Shanti Mishra Obituary – Indianapolis, IN" (en ভাষাত). Dignity Memorial. https://www.dignitymemorial.com/obituaries/indianapolis-in/shanti-mishra-8713541। আহৰণ কৰা হৈছে: 2022-03-28.
- ↑ "Noted librarians Shanti-Narayan's collection of books donated to central library" (en ভাষাত). Khabarhub. https://english.khabarhub.com/2021/18/227415/। আহৰণ কৰা হৈছে: 2022-03-28.
- ↑ "Noted librarians Shanti-Narayan's collection of books donated to central library" (en ভাষাত). GorakhaPatra. https://risingnepaldaily.com/nation/noted-librarians-shanti-narayans-collection-of-books-donated-to-central-library। আহৰণ কৰা হৈছে: 2022-03-28.