শান্তি হীৰানন্দ
| শান্তি হীৰানন্দ | |
|---|---|
শান্তি হীৰানন্দ | |
| জন্ম | 1932 লক্ষ্ণৌ, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১০ এপ্ৰিল, ২০২০ (aged 87) গুৰুগ্ৰাম, ভাৰত |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০০৭) |
শান্তি হীৰানন্দ (ইংৰাজী: Shanti Hiranand ; ১৯৩২ – ১০ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, শাস্ত্ৰীয় সংগীতজ্ঞ আৰু লেখিকা। এগৰাকী গজল গায়িকা হিচাপে থকা প্ৰতিভাৰ বাবে তেওঁ পৰিচিত। প্ৰসিদ্ধ গজল গায়িকা বেগম আখতাৰৰ জীৱনীমূলক গ্ৰন্থ ‘বেগম আখতাৰঃ দ্য ষ্টোৰী অফ মাই আম্মী’ গ্ৰন্থৰ লেখিকা।
জীৱনী
[সম্পাদনা কৰক]১৯৩৩ চনত লক্ষ্ণৌত (বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত) অৱস্থিত এটা সিন্ধী ব্যৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা শান্তি হীৰানন্দে ভাটখাণ্ডে সংগীত প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল।[1]
১৯৪৭ চনত অল ইণ্ডিয়া ৰেডিঅ' লাহোৰত তেওঁ প্ৰথম সংগীত পৰিবেশন কৰে আৰু ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত পৰিয়ালটো ভাৰতলৈ উভতি অহাৰ পিছত ৰামপুৰৰ ওস্তাদ এইজাজ হুছেইন খানৰ তত্বাৱধানত লক্ষ্ণৌত সংগীতৰ প্ৰশিক্ষণ অব্যাহত ৰাখে।[2] ১৯৫২ চনত এটা ৰেডিঅ' ষ্টেচনৰ এজন বিষয়াই তেওঁক বেগম আখতাৰৰ অধীনত প্ৰশিক্ষণ ল'বলৈ পৰামৰ্শ দিয়ে।[3][4] ১৯৫৭ চনত বেগম আখতাৰৰ অধীনত থুমৰি, দাদৰা আৰু গজল গায়নৰ প্ৰশিক্ষণ আৰম্ভ হয় আৰু ১৯৭৪ চনত আখতাৰৰ মৃত্যুৰ আগলৈকে তেওঁলোকৰ মাজৰ সম্পৰ্ক অব্যাহত থাকে; এই সম্পৰ্কৰ কাহিনী ২০০৫ চনত প্ৰকাশিত হীৰানন্দৰ আখতাৰ ওপৰত লিখা গ্ৰন্থ ‘বেগম আখতাৰ: দ্য ষ্ট'ৰী অফ মাই আম্মী’ত নথিভুক্ত কৰা হৈছে।[5][6]
ভাৰত চৰকাৰে হিন্দুস্তানী সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৭ চনত তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান প্ৰদান কৰে।[7] তেওঁৰ কিছুমান পৰিবেশন সংকলন কৰি মিউজিক টুডেৰ দ্বাৰা এক্সপ্ৰেচনছ অফ লাভ বাই মিউজিক নামেৰে অডিঅ' চিডি হিচাপে উলিয়াই প্ৰকাশ কৰি উলিওৱা হৈছে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Shanti Hiranand on Indian Raga". Indian Raga. 2016. https://indianraga.wordpress.com/2010/12/13/shanti-hiranand/। আহৰণ কৰা হৈছে: 19 January 2016.
- ↑ "Explaining nuances of ghazals the begum Akhtar way". Times of India. 23 September 2012. http://timesofindia.indiatimes.com/city/lucknow/Explaining-nuances-of-ghazals-the-begum-Akhtar-way/articleshow/16519046.cms। আহৰণ কৰা হৈছে: 19 January 2016.
- ↑ Kidwai, Saleem (10 April 2020). "With the passing of Shanti Hiranand, the Begum Akhtar era is formally over" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/with-the-passing-of-shanti-hiranand-the-begum-akhtar-era-is-formally-over/article31313057.ece.
- ↑ "Ghazal singer Shanti Hiranand, torchbearer of Begum Akhtar's legacy, passes away" (en-US ভাষাত). The Indian Express. 11 April 2020. https://indianexpress.com/article/lifestyle/art-and-culture/shanti-hiranand-death-ghazal-singer-begum-akhtar-6356867/। আহৰণ কৰা হৈছে: 11 April 2020.
- ↑ "About the book". Viva Books. 2016. Archived from the original on 26 January 2016. https://web.archive.org/web/20160126121302/http://www.vivagroupindia.com/frmBookDetail.aspx?BookId=6408&Status=C। আহৰণ কৰা হৈছে: 19 January 2016.
- ↑ Rajan, Anjana (19 March 2014). "Looking into the mirror". The Hindu. http://www.thehindu.com/features/metroplus/looking-into-the-mirror/article5804960.ece.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016.
- ↑ "Expressions of Love". Music Today. 2016. Archived from the original on 26 January 2016. https://web.archive.org/web/20160126215008/http://mio.to/album/Shanti+Hiranand/Expressions+Of+Love। আহৰণ কৰা হৈছে: 19 January 2016.