শান্থা ৰঙ্গস্বামী
| ব্যক্তিগত তথ্য | ||||
|---|---|---|---|---|
| সম্পূৰ্ণ নাম | শান্থা ৰঙ্গস্বামী | |||
| জন্ম | ১ জানুৱাৰী, ১৯৫৪ (৭২ বছৰ) মাদ্ৰাছ, ভাৰত | |||
| বেটিং শৈলী | সোঁহতীয়া | |||
| ভূমিকা | অলৰাউণ্ডাৰ | |||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
| টেষ্ট অভিষেক (কেপ ১০) | ৩১ অক্টোবৰ ১৯৭৬ বনাম ৱেষ্ট ইণ্ডিজ | |||
| অন্তিম টেষ্ট | ২৬ জানুৱাৰী ১৯৯১ বনাম অষ্ট্ৰেলিয়া | |||
| অ'ডিআই অভিষেক (কেপ ১৯) | ১০ জানুৱাৰী ১৯৮২ বনাম অষ্ট্ৰেলিয়া | |||
| অন্তিম অ'ডিআই | ২৭ জুলাই ১৯৮৭ v ইংলেণ্ড | |||
| কেৰিয়াৰ পৰিসংখ্যা | ||||
| প্ৰতিযোগিতা | Test | ODI | ||
| মুঠ খেল | 16 | 19 | ||
| ৰাণ | 750 | 287 | ||
| বেটি গড় | 32.60 | 15.10 | ||
| শতক/অৰ্ধশতক | 1/6 | 0/1 | ||
| সৰ্বোচ্চ ৰাণ | 108 | 50 | ||
| বল | 1,555 | 902 | ||
| উইকেট | 21 | 12 | ||
| বলিং গড় | 31.61 | 29.41 | ||
| এটা ইনিংছত ৫টা উইকেট | 0 | 0 | ||
| এখন খেলত ১০টা উইকেট | 0 | 0 | ||
| শ্ৰেষ্ঠ বলিং | 4/42 | 3/25 | ||
| কেচ্চ/ষ্টাম্পিং | 10/– | 6/– | ||
| উৎস: http://www.espncricinfo.com/ci/content/player/54274.html ESPNcricinfo, 11 January 2013 | ||||
শান্থা ৰঙ্গস্বামী (জন্ম ১ জানুৱাৰী ১৯৫৪) এগৰাকী ভাৰতীয় অলৰাউণ্ডাৰ ক্ৰিকেটাৰ। ১৯৭৬ চনৰপৰা ১৯৯১ চনলৈ ভাৰতৰ হৈ ১৬খন মহিলা টেষ্ট ক্ৰিকেট খেল খেলিছিল, ১৯৭৬-৭৭ চনত ৮খন আৰু ১৯৮৩–৮৪ চনত চাৰিখন খেলত দলটোৰ অধিনায়কত্ব কৰিছিল। ১৯৭৬ চনৰ নৱেম্বৰ মাহত পাটনাৰ মইন-উল-হক ষ্টেডিয়ামত শান্থাৰ অধিনায়কত্বত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্ট জয় লাভ কৰে।[1][2][3] ১৯৮১-৮২ চনৰপৰা ১৯৮৬ চনলৈকে ১৯খন মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলতো খেলিছিল, ১৯৮১-৮২ চনৰপৰা ১৯৮৩–৮৪ চনলৈকে ১৬খন খেলত দলটোৰ অধিনায়কত্ব কৰিছিল।
কেৰিয়াৰৰ পৰিসংখ্যা
[সম্পাদনা কৰক]সোঁহাতৰ বেটছমেন হিচাপে ১৬খন টেষ্ট মেচত ৩২.৬ বেটিং গড়ত ৭৫০ ৰান সংগ্ৰহ কৰিছিল আৰু এটা শতক(১০৮) কৰিছিল, যিটো ১৯৭৭ চনৰ ৮ জানুৱাৰীত ডুনেডিনৰ কেৰিছব্ৰুকত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ প্ৰথম শতক।[4] ইংলেণ্ডৰ বিৰুদ্ধে ৪-৪২ গ’লৰ সৰ্বোত্তম বিশ্লেষণকে ধৰি ৩১.৬১ গড়ত সোঁহাতৰ মধ্যম গতিৰে ২১টা উইকেট দখল কৰে।[5]
১৯খন এদিনীয়া মেচত ১৫.১ত ২৮৭ ৰান সংগ্ৰহ কৰে আৰু ২৯.৪১ত ১২টা উইকেট দখল কৰে। ১৯৮২ চনত নিউজিলেণ্ডত অনুষ্ঠিত হোৱা মহিলা ক্ৰিকেট বিশ্বকাপত তেওঁ এদিনীয়াত তেওঁৰ শ্ৰেষ্ঠ বেটিং আৰু বলিং প্ৰদৰ্শন ৰেকৰ্ড কৰে, নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁৰ একমাত্ৰ এদিনীয়া পঞ্চাশ (৫০ ৰানত আউট) স্ক’ৰ কৰে[6] আৰু আন্তঃৰাষ্ট্ৰীয় একাদশৰ বিৰুদ্ধে ৩-২৫ ৰান সংগ্ৰহ কৰে।[7] ভাৰতৰ হৈ টেষ্ট মেচত (Vs New Zealand at Dunedin ) শতক অৰ্জন কৰা ১ম ভাৰতীয় মহিলা ক্ৰিকেটাৰ।
২০১৯ চনৰ অক্টোবৰ মাহত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ এছ’চিয়েচন আৰু বিচিচিআই এপেক্স কাউন্সিলক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।[8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]শান্থাৰ জন্ম হৈছিল চি ভি ৰঙ্গস্বামী আৰু ৰাজলক্ষ্মীৰ ঘৰত। তেওঁ তৃতীয় সন্তান আৰু ছয়গৰাকী ভগ্নী আছে।
১৯৭৬ চনত ৰঙ্গস্বামীয়ে অৰ্জুন বঁটা লাভ কৰিছিল। বৰ্তমান ক্ৰিকেট লেখিকা আৰু কানাৰা বেংক (বেংগালুৰু অঞ্চল)ৰ কাৰ্যবাহী (জেনেৰেল মেনেজাৰ) বিষয়।
ইয়াৰ উপৰি তেওঁ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)ৰপৰা মহিলাৰ বাবে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "One more game, and it can change India's fortunes: Mithali Raj". https://www.icc-cricket.com/womens-world-cup/news/441451। আহৰণ কৰা হৈছে: 22 July 2017.
- ↑ "The history of Indian women's cricket". http://www.espncricinfo.com/ci/content/story/94140.html.
- ↑ "1978 Patna scorecard". http://www.espncricinfo.com/series/17165/scorecard/67455/India-Women-vs-West-Indies-Women-4th-Test-West-Indies-Women-tour-of-India-1976-77.
- ↑ "Only test: New Zealand Women vs. Indian Women at Dunedin, 8–11 Jan 1977". Crincinfo.com. http://www.cricinfo.com/db/ARCHIVE/1970S/1976-77/OTHERS+ICC/IND-WOMEN_IN_NZ/IND-WOMEN_NZ-WOMEN_WT_08-11JAN1977.html। আহৰণ কৰা হৈছে: 2009-01-09.
- ↑ "1st Test: England Women vs. Indian Women at Collingham Cricket Club, 26–30 June 1986". Crincinfo.com. http://www.cricinfo.com/db/ARCHIVE/1980S/1986/OTHERS+ICC/IND-WOMEN_IN_ENG/IND-WOMEN_ENG-WOMEN_WT1_26-30JUN1986.html। আহৰণ কৰা হৈছে: 2009-01-09.
- ↑ "3rd Match: England vs. India at Auckland, 12 Jan 1982". Crincinfo.com. http://www.cricinfo.com/db/ARCHIVE/WORLD_CUPS/WWC82/ENG-WOMEN_IND-WOMEN_WWC82_WODI3_12JAN1982.html। আহৰণ কৰা হৈছে: 2009-01-09.
- ↑ "30th Match: India vs. International XI at Christchurch, 6 Feb 1982". Crincinfo.com. http://www.cricinfo.com/db/ARCHIVE/WORLD_CUPS/WWC82/IND-WOMEN_INT-XI-WOMEN_WWC82_WODI30_06FEB1982.html। আহৰণ কৰা হৈছে: 2009-01-09.
- ↑ "Never imagined a female cricketer will be part of male-dominated BCCI: Shantha" (en-IN ভাষাত). The Hindu. PTI. 2019-10-11. ISSN 0971-751X. https://www.thehindu.com/sport/cricket/never-imagined-a-female-cricketer-will-be-part-of-male-dominated-bcci-shantha/article29654562.ece.
- ↑ "India is ready for Women's IPL, says Shantha Rangaswamy – CricTracker" (en-US ভাষাত). CricTracker. 2017-09-21. https://www.crictracker.com/india-ready-womens-ipl-says-shantha-rangaswamy/.