শাম্মী (অভিনেত্ৰী)
শাম্মী | |
---|---|
![]() | |
জন্ম | নাৰ্গিছ ৰাবাদী ২৪ এপ্ৰিল, ১৯২৯ মুম্বাই, বোম্বাই প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৬ মাৰ্চ, ২০১৮ (৮৮ বছৰ)[1][2] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৪৯- ২০১৮ |
দাম্পত্যসঙ্গী | চুলতান আহমেদ (বি. ১৯৭৩; divorce ১৯৮০) |
সন্তান | ১ |
নাৰ্গিছ ৰাবাদী (ইংৰাজী: Nargis Rabadi ; ২৪ এপ্ৰিল ১৯২৯ – ৬ মাৰ্চ ২০১৮), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক মঞ্চনাম শাম্মীৰে অধিক পৰিচিত। তেওঁ দুশৰো অধিক হিন্দী ছবিত অভিনয় কৰিছিল।[3] যেতিয়া মুৰ্খালীৰে ভৰা আৰু কৌতুকধৰ্মী চৰিত্ৰৰ কথা আহে, তেতিয়া শাম্মীয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ, বিশেষকৈ ১৯৪৯–১৯৬৯ চনৰ সময়ছোৱাত আৰু পিছলৈ ১৯৮০–২০০২ চনৰ সময়ছোৱাত পচন্দৰ অভিনেত্ৰী আছিল।[4][5][6] সহযোগী অভিনেত্ৰী হিচাপে তেওঁৰ বিখ্যাত ছবিসমূহৰ ভিতৰত আছে- দিল অপনা ঔৰ প্ৰীত পৰায়ী, হাফ টিকট, হলাকু, সমাজ কো বদল দালো, খুদাগৱাহ, কুলি নং ১, গোপী কিষাণ আৰু হম সাথ সাথ হ্যায় আৰু ৰাজেশ খান্নাৰ সৈতে দ্য ট্ৰেইন, আচঁল, কুদৰত, ৰেড ৰোজ, আৱৰা বাপ আৰু স্বৰ্গ আদি ছবি। তেওঁ ১৯৪৯–১৯৫৫ চনৰ ভিতৰতো হিন্দী ছবিত মূল নায়িকা বা দ্বিতীয় নায়িকা হিচাপে অভিনয় কৰা এগৰাকী আগশাৰীৰ অভিনেত্ৰী আছিল। পিছলৈ ১৯৮৬ চনৰ পৰা ১৯৯৮ চনলৈকে বহু জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক, যেনে- দেখ ভাই দেখ, জবান সম্ভাল কে, শ্ৰীমান শ্ৰীমতী, কভি য়ে কভি ৱো, ফিল্মী চক্কৰ আদিত অভিনয় কৰে। শাম্মী ফেশ্বন ডিজাইনাৰ মণি ৰাবাদীৰ কনিষ্ঠ ভগ্নী।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Schultz, Kai (8 March 2018). "Shammi, Bollywood Actress Known for Comedic Roles, Dies at 89". The New York Times. https://www.nytimes.com/2018/03/08/obituaries/shammi-bollywood-actress-known-for-comedic-roles-dies-at-89.html.
- ↑ Correspondent, D. C. (6 March 2018). "Veteran actress Shammi passes away at 89, Big B, others mourn her death" (en ভাষাত). www.deccanchronicle.com. https://www.deccanchronicle.com/entertainment/bollywood/060318/shammi-passes-away-death-veteran-actress-death-89-amitabh-bachchan.html.
- ↑ "Veteran Actress Shammi, Dekh Bhai Dekh's Nani, Dies In Mumbai". NDTV.com. https://www.ndtv.com/entertainment/veteran-actress-shammi-dekh-bhai-dekhs-nani-dies-in-mumbai-1820067.
- ↑ "Hindi cinema's other Shammi". The Indian Express. http://archive.indianexpress.com/news/hindi-cinema-s-other-shammi/964706/। আহৰণ কৰা হৈছে: 1 April 2014.
- ↑ "At 83, Shammi Aunty, hard of hearing, but frail". NDTV Movies. Archived from the original on 27 May 2014. https://web.archive.org/web/20140527015211/http://movies.ndtv.com/bollywood/at-83-shammi-aunty-frail-hard-of-hearing-but-invincible-260688। আহৰণ কৰা হৈছে: 31 March 2014.
- ↑ "Acting is the only thing I know how to do: Shammi aunty". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Acting-is-the-only-thing-I-know-how-to-do-Shammi-aunty/articleshow/15885831.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Shammi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- শাম্মী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য