শালিনী পাণ্ডে
| শালিনী পাণ্ডে | |
|---|---|
২০২৩ চনত পাণ্ডে | |
| জন্ম | ২৩ ছেপ্টেম্বৰ, ১৯৯৩ (৩২ বছৰ) জবলপুৰ, মধ্যপ্ৰদেশ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৬–বৰ্তমান |
শালিনী পাণ্ডে (ইংৰাজী: Shalini Pandey; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু, হিন্দী আৰু তামিল ছবিত অভিনয় কৰে। পাণ্ডেই তেলুগু ছবি অৰ্জুন ৰেড্ডী (২০১৭)ৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছৰেপৰা তেওঁ তামিল ছবি ১০০% কাধল (২০১৯), তেলেগু ছবি মহানন্দী (২০১৮) আৰু ১১৮ (২০১৯), আৰু হিন্দী ছবি জয়েশভাই জোৰ্দাৰ (২০২২) তথা মহাৰাজ (২০২৪)ত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পাণ্ডেৰ জন্ম ১৯৯৩ চনৰ ২৩ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ জবলপুৰত হৈছিল। অভিনয়ত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে পাণ্ডেই জবলপুৰত এগৰাকী থিয়েটাৰ শিল্পী হিচাপে কাম কৰিছিল।[1][2]
কেৰিয়াৰ
[সম্পাদনা কৰক]সাফল্য (২০১৭–২০১৯)
[সম্পাদনা কৰক]পাণ্ডেই ২০১৭ চনত তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ বিজয় দেৱৰাকোণ্ডাৰ বিপৰীতে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।[3][4] এক বৃহৎ ব্যাৱসায়িক সফলতা লাভ কৰা এই ছবিখনে তেওঁক শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ এছ.আই.আই.এম.এ. বঁটাৰ মনোনয়ন লাভত সহায় কৰে।[5] ফাৰ্ষ্টপোষ্টৰ হেমন্ত কুমাৰে লিখিছে, "প্ৰীতিৰ চৰিত্ৰত শালিনী ভাল হৈছে আৰু তেওঁ ফুটাই তোলা আৱেগিক দিশটোৱেই প্ৰেম কাহিনীটোক ইমান তীব্ৰ কৰি তুলিছে।" [6] ২০১৮ চনৰ প্ৰথমখন ছবিত পাণ্ডেই মেৰী নিম্মোত এটা কেমিঅ' চৰিত্ৰৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে।[7] একে বছৰতে তেওঁ তেলেগু ছবি মহানন্দীত এটা সহযোগী চৰিত্ৰত অভিনয় কৰে, যিখন ছবি বক্স অফিচত বৃহৎ সফল হিচাপে পৰিগণিত হয়।[8][9]

২০১৯ চনত পাণ্ডেৰ পাঁচখন ছবি মুক্তি পাইছিল। তেওঁ প্ৰথমে তেলেগু ছবি এনটিআৰ: কথানায়কুডুত ছৌকাৰ জানকীৰ চৰিত্ৰত অভিনয় কৰিছিল।[10] ইয়াৰ পিছত তেওঁ নন্দমুৰী কল্যাণ ৰামৰ বিপৰীতে তেলেগু ছবি ১১৮ত মুখ্য চৰিত্ৰত অভিনয় কৰে।[11] ছবিখন ব্যাৱসায়িকভাৱে সফল হৈছিল। দ্য টাইমছ অৱ ইণ্ডিয়াৰ নীশিতা ন্যায়পতিয়ে চৰিত্ৰটোত তেওঁৰ অভিনয় পৰ্যাপ্ত বুলি গণ্য কৰিছিল যদিও ৰামৰ সৈতে তেওঁৰ ৰসায়নক (কেমিষ্ট্ৰী) অধিক প্ৰশংসা কৰিছিল।[12] সেই বছৰৰ শেষৰফালে পাণ্ডেই ১০০% কাধলৰ জৰিয়তে তামিল ছবিত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ জি. ভি. প্ৰকাশ কুমাৰৰ বিপৰীতে এগৰাকী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। বক্স অফিচত এই ছবিখন বিফল বুলি প্ৰমাণিত হয়।[13] তেওঁৰ পৰৱৰ্তী তামিল ছবি গোৰিলাত জীৱাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰে।[14] বছৰটোৰ অন্তিমখন ছবিত তেওঁ ৰাজ তৰুণৰ বিপৰীতে তেলেগু ছবি ইদ্দাৰী লোকম ওকেটেত এগৰাকী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰে, যিখন ছবি বক্স অফিচত গড় হিচাপত সফল হয়।[15]
কেৰিয়াৰৰ সম্প্ৰসাৰণ (২০২০–বৰ্তমান)
[সম্পাদনা কৰক]২০২০ চনত পাণ্ডেই বামফাড় নামৰ এখন ৰোমাণ্টিক একচন ছবিত অভিনয় কৰে, য’ত তেওঁ এগৰাকী হিন্দু ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল যি এজন মুছলমান ল’ৰাৰ (আদিত্য ৰাৱাল) সৈতে প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয়।[16][17] ফাৰ্ষ্টপোষ্টৰ আন্না এম. এম. ভেটিকাদে তেওঁৰ অভিনয়ক "দক্ষ" বুলি অভিহিত কৰিছিল যদিও লগতে কৈছিল যে তেওঁৰ মাজত "উদ্যম"ৰ অভাৱ।[18] সেই বছৰতে তেওঁ তেলেগু ছবি নৈঃশব্দ্যমত অভিনয় কৰে।[19] দ্য নিউজ মিনিটৰ সৌম্য ৰাজেন্দ্ৰনে লিখিছিল যে তেওঁ "অধিকাৰী সোণালীৰ চৰিত্ৰত এক আশ্চৰ্য আছিল। তেওঁ বিৰক্তিকৰ হ’ব লাগে অথচ মৰম লগা হোৱা উচিত। ই এটা কঠিন কাম আছিল, কিন্তু পাণ্ডেই ইয়াক সুন্দৰকৈ ফুটাই তুলিছে।" [20]
পাণ্ডেই ২০২২ চনৰ হিন্দী ছবি জয়েশভাই জোৰ্দাৰত ৰণবীৰ সিঙৰ বিপৰীতে এগৰাকী গুজৰাটী গৃহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন আছিল কন্যা শিশু হত্যাৰ ওপৰত নিৰ্মিত এখন কমেডী ছবি। এই ছবিখনে বক্স অফিচত শোচনীয়ভাৱে বিফল হয়।[21] ছবিখনৰ এক নেতিবাচক পৰ্যালোচনাত ৰেডিফ ডট কমৰ সুকন্যা ভাৰ্মাই লিখিছিল যে পাণ্ডেই "কোনো প্ৰভাৱ পেলাবলৈ সম্পূৰ্ণৰূপে ৰণবীৰ সিঙৰ নাৰীবাদৰ ওপৰত নিৰ্ভৰ কৰিছে।" [22] দুবছৰৰ বিৰতিৰ পিছত তেওঁ ২০২৪ চনৰ হিন্দী ছবি মহাৰাজত জুনেইদ খানৰ বিপৰীতে এটা চমু চৰিত্ৰত অভিনয় কৰে, যিখন পোনপটীয়াকৈ নেটফ্লিক্সত মুক্তি পাইছিল।[23] দ্য কুইণ্টৰ প্ৰতীক্ষা মিশ্ৰই মত প্ৰকাশ কৰিছিল যে তেওঁ চুটি কিন্তু গুৰুত্বপূৰ্ণ চৰিত্ৰটোত "নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে।" [24]
২০২৫ চনত পাণ্ডেই নেটফ্লিক্সৰ ধাৰাবাহিক ডাব্বা কাৰ্টেলত অভিনয় কৰে, যিখনত খাদ্য বিতৰণ কোম্পানীৰ ছদ্মবেশত ড্ৰাগছ কাৰ্টেল চলোৱা এদল মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে।[25] হিন্দুস্তান টাইমছৰ অভিমন্যু মাথুৰে লিখিছিল যে তেওঁৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও পাণ্ডে এনে এটা চৰিত্ৰত আবদ্ধ আছিল যিয়ে "তেওঁক অসহায় দেখাৰ বাহিৰে কৰিবলৈ বৰ কম সুবিধা দিছিল।" [26] তেওঁক পৰৱৰ্তী সময়ত ধনুশৰ সৈতে ইডলি কাডাইত দেখা যাব।[27]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ritika Singh pens emotional post for Shalini Pandey on birthday". India Today. 22 September 2018. https://www.indiatoday.in/movies/regional-cinema/story/ritika-singh-s-post-for-shalini-pandey-s-birthday-is-too-cute-for-words-1346369-2018-09-22। আহৰণ কৰা হৈছে: 2 June 2019.
- ↑ "All you need to know about Arjun Reddy actress and Ranveer Singh's Jayeshbhai Jordaar co star Shalini Pandey" (en ভাষাত). Pinkvilla. 11 October 2019. Archived from the original on 23 May 2022. https://web.archive.org/web/20220523041946/https://www.pinkvilla.com/photos/shalini-pandey/all-you-need-know-about-arjun-reddy-actress-and-ranveer-singhs-jayeshbhai-jordaar-co-star-shalini-pandey/facts-about-shalini-pandey.
- ↑ Murali Krishna, CH (30 August 2017). "I'm open to a live-in relationship: Arjun Reddy star Shalini Pandey". The New Indian Express. http://www.newindianexpress.com.
- ↑ Nyayapati, Neeshita (28 August 2017). "Samantha showers love on Vijay Deverakonda and Shalini Pandey starrer 'Arjun Reddy,' calls it the most original film she has watched" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com.
- ↑ "Telugu film 'Arjun Reddy' reaches the Rs 50 crore club". The News Minute. 16 October 2017. https://www.thenewsminute.com.
- ↑ Kumar, Hemanth (25 August 2017). "Arjun Reddy movie review: Vijay Devarakonda-starrer heralds a new chapter in Telugu cinema". Firstpost. http://www.firstpost.com.
- ↑ "Aanand L Rai's Meri Nimmo to premiere on Eros Now today". Daily News and Analysis. 27 April 2018. http://www.dnaindia.com। আহৰণ কৰা হৈছে: 29 April 2018.
- ↑ Pudipeddi, Haricharan (2 July 2018). "Mahanati completes 50-day theatrical run, becomes highest grossing woman-led South Indian film". Firstpost. https://www.firstpost.com। আহৰণ কৰা হৈছে: 24 May 2018.
- ↑ "Arjun Reddy star Shalini Pandey bags Dulquer Salmaan's next Tamil film". The Indian Express. 15 October 2017. https://indianexpress.com.
- ↑ Dundoo, Sangeetha Devi (9 January 2019). "NTR Kathanayakudu: On a reverential tone" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com.
- ↑ Ratda, Khushboo (1 March 2019). "118 Movie Review: Kalyan Ram starrer opens to positive response; check it out" (en ভাষাত). Pinkvilla. https://www.pinkvilla.com.
- ↑ "118 Review". The Times of India. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 30 September 2020.
- ↑ Suganth, M (18 September 2017). "Arjun Reddy girl Shalini Pandey in 100% Kadhal". The Times of India. https://timesofindia.indiatimes.com.
- ↑ C R, Sharanya (29 December 2017). "Jiiva and Shalini Pandey's next movie will feature a live chimpanzee". The Times of India. https://timesofindia.indiatimes.com.
- ↑ Nyayapati, Neeshita (7 October 2019). "Raj Tarun and Shalini Pandey's 'Eddari Lokam Okate' first-look is here". The Times of India. https://timesofindia.indiatimes.com.
- ↑ "Bamfaad Trailer: Paresh Rawal's son Aditya & Shalini Pandey's love story is marred by violence & drama". Pinkvilla. 7 April 2020. Archived from the original on 13 April 2020. https://web.archive.org/web/20200413081417/https://www.pinkvilla.com/entertainment/news/bamfaad-trailer-paresh-rawal-s-son-aditya-shalini-pandeys-love-story-marred-violence-drama-522226?amp। আহৰণ কৰা হৈছে: 7 April 2020.
- ↑ "7 best shows and movies on Netflix, Amazon Prime Video, Zee5 and Voot Select to watch this weekend". GQ India. 10 April 2020. https://www.gqindia.com/binge-watch/collection/best-shows-movies-on-netflix-amazon-prime-video-zee5-voot/। আহৰণ কৰা হৈছে: 20 May 2022.
- ↑ "Bamfaad movie review: Aditya Rawal makes his mark in an engaging, even if generic, crime-and-love saga". Firstpost. 10 April 2020. https://www.firstpost.com/entertainment/bamfaad-movie-review-aditya-rawal-makes-his-mark-in-an-engaging-even-if-generic-crime-and-love-saga-8247841.html। আহৰণ কৰা হৈছে: 11 November 2021.
- ↑ Dundoo, Sangeetha Devi (24 September 2020). "Director Hemanth Madhukar discusses the making of Anushka Shetty and R Madhavan starrer 'Nishabdham'" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/entertainment/movies/hemanth-madhukar-on-the-making-of-nishabdham/article32684951.ece.
- ↑ Rajendran, Sowmya (2 October 2020). "'Nishabdham' review: Anushka Shetty, Madhavan film has good ideas but falls short". The News Minute. https://www.thenewsminute.com/article/nishabdham-review-anushka-shetty-madhavan-film-has-good-ideas-falls-short-134360। আহৰণ কৰা হৈছে: 2 October 2020.
- ↑ "Ranveer Singh and Shalini Pandey starrer Jayeshbhai Jordaar to release on May 13, 2022; unveils quirky announcement video". Bollywood Hungama. 3 March 2022. https://www.bollywoodhungama.com/news/bollywood/ranveer-singh-starrer-jayeshbhai-jordaar-to-release-on-may-13-2022-unveils-quirky-announcement-video/। আহৰণ কৰা হৈছে: 12 March 2022.
- ↑ "Jayeshbhai Jordaar Review". Rediff.com. Archived from the original on 17 May 2022. https://web.archive.org/web/20220517041604/https://m.rediff.com/amp/movies/review/jayeshbhai-jordaar-review/20220513.htm। আহৰণ কৰা হৈছে: 13 May 2022.
- ↑ Chowdhury, Rishita Roy (15 February 2021). "Ira Khan demands inside scoop as brother Junaid begins shooting his debut film Maharaja with Shalini Pandey" (en ভাষাত). India Today. https://www.indiatoday.in/movies/celebrities/story/ira-khan-demands-inside-scoop-as-brother-junaid-begins-shooting-his-debut-film-maharaja-1769377-2021-02-15.
- ↑ "Review: 'Maharaj' Encourages Deeper Conversations Than the Ones It Tries To Have" (en ভাষাত). The Quint. 21 June 2024. https://www.thequint.com/entertainment/movie-reviews/maharaj-court-case-maharaj-libel-case-1862-full-movie-review-netflix-junaid-khan-debut-sharvari-wagh-jaideep-ahlawat-film। আহৰণ কৰা হৈছে: 22 June 2024.
- ↑ Gupta, Shubhra (28 February 2025). "Dabba Cartel review: A trippy, twisted ride". The Indian Express. https://indianexpress.com/article/entertainment/web-series/dabba-cartel-review-a-trippy-twisted-ride-9861274/.
- ↑ Mathur, Abhimanyu (28 February 2025). "Dabba Cartel review: Shabana Azmi in Godmother mode is the saving grace of this tepid desi Narcos-meets-Breaking Bad". Hindustan Times. https://www.hindustantimes.com/entertainment/web-series/dabba-cartel-review-shabana-azmi-in-godmother-mode-is-the-saving-grace-of-this-tepid-desi-narcos-meets-breaking-bad-101740741402888.html.
- ↑ "Dhanush to direct Idli Kadai featuring Nithya Menen and Shalini Pandey". News18. 20 September 2024. https://www.news18.com/movies/dhanush-to-direct-idli-kadai-featuring-shalini-pandey-and-nithya-menen-9057862.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত শালিনী পাণ্ডে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- শালিনী পাণ্ডে সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত শালিনী পাণ্ডে