শাস্ত্ৰাৰ্থ
প্ৰাচীন ভাৰতবৰ্ষত প্ৰচলিত একপ্ৰকাৰৰ বৌদ্ধিক বিতৰ্ক হৈছে শাস্ত্ৰাৰ্থ। ই আছিল একপ্ৰকাৰৰ দাৰ্শনিক আৰু ধৰ্মীয় বিতৰ্ক য’ত পণ্ডিতসকলে অংশগ্ৰহণ কৰি হিন্দু শাস্ত্ৰৰ অভ্যন্তৰীণ অৰ্থ(ভেদ) উন্মোচন কৰিছিল যাক শাস্ত্ৰ বুলি জনা যায়। ভাৰতত তিনিপ্ৰকাৰৰ শাস্ত্ৰাৰ্থ প্ৰচলিত আছিল- বদকথা (সত্যক লক্ষ্য কৰি কৰা সুস্থ আলোচনা), জল্পকথা (য’ত দুটা পৰস্পৰ বিৰোধী ব্যাখ্যায় ইটোৱে সিটোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল) আৰু বিতণ্ডকথা (যিবোৰে নিজৰ মতামত প্ৰতিষ্ঠা নকৰাকৈয়ে আন মতামতক আক্ৰমণ কৰিছিল)। গুৰু-শিষ্যৰ মাজত বা একেটা দাৰ্শনিক ধাৰণাৰ অন্তৰ্গত লোকসকলৰ মাজত বদকথা কৰা হৈছিল। আনহাতে জল্পকথা আৰু বিতণ্ডকথা বিভিন্ন বিদ্যালয়ৰ মানুহৰ মাজত বা বিৰোধী সম্প্ৰদায়ৰ সৈতে কৰা হৈছিল। প্ৰাচীন শাস্ত্ৰৰ জ্ঞান দেখুৱাই প্ৰতিযোগিতাত জয়ী হোৱাৰ বাবে মানুহে ইজনে সিজনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
উৎস
[সম্পাদনা কৰক]- Omacanda Hāṇḍā (1994). Buddhist Art & Antiquities of Himachal Pradesh, Upto [sic 8th Century A.D.]. Indus Publishing. পৃষ্ঠা. 32. ISBN 978-81-85182-99-5. https://books.google.com/books?id=6Cqgb9pL3L4C&pg=PA32.