সমললৈ যাওক

শাৰদা (মালয়ালম ভাষাৰ মহিলা আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শাৰদা (ইংৰাজী: Sharada (Malayalam women's magazine)) হ'ল কেৰালাৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন মালয়ালম ভাষাৰ মহিলা আলোচনী [1] ১৯০৪ চনৰ নৱেম্বৰ মাহত কোচিৰ থ্ৰিপুনিথুৰাৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ হয়।[2] শাৰদা সম্পাদনা কৰিছিল বি কল্যানী আম্মা, টি.চি. কল্যানী আম্মা আৰু টি আম্মুকুট্টী আম্মাই।[3] কেৰালাত মহিলাই সম্পাদনা কৰা এইখন প্ৰথম মহিলা আলোচনী।[4] কে নাৰায়ণ মেনন আলোচনীখনৰ মালিক আছিল আৰু ভাৰতী বিলাসম প্ৰেছত ছপা হৈছিল।

তিনি বছৰৰ ভিতৰতে শাৰদাৰ ছপা বন্ধ হৈ গ’ল। পাছৰ বছৰত তিৰুৱনন্তপুৰমৰ পৰা ইয়াৰ পুনৰ প্ৰকাশ আৰম্ভ হয়। ১৯০৮ চনলৈকে কে. ৰামকৃষ্ণ পিল্লাইৰ পৃষ্ঠপোষকতাত শাৰদা ছপা হৈছিল।[5]

বিৰতিৰ পিছত ১৯১৩ চনত কল্যাণী আম্মা আৰু অন্যান্য মহিলা লেখিকা আৰু সমাজকৰ্মীসকলৰ সম্পাদনাত আলোচনীখন পুনৰ প্ৰকাশ আৰম্ভ হয়। এইবাৰ ই ১৯২৫ চনলৈকে ছপা হৈছিল। এই আলোচনীখন পুনালুৰৰ টি. কে. কল্যাণিকুট্টি আম্মাই প্ৰকাশ কৰিছিল।[5] ই মূল শাৰদা পৰা পৃথক আছিল। ১৯২০-ৰ দশকত ৭৫০-ৰ প্ৰকাশ সংখ্যাৰ সৈতে শাৰদা সেই সময়ৰ বাবে যথেষ্ট জনপ্ৰিয় আছিল।[6][7]

শাৰদা ই সামাজিক বিষয়ৰ লগতে‍ অন্যান্য বিষয়ৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। মালয়ালী মহিলাসকলক শিক্ষিত আৰু বিকাশৰ লক্ষ্যৰে আলোচনীখন আৰম্ভ কৰা হৈছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rekha, P. (2016). Women and Journalism in Colonial Kerala. প্ৰকাশক Kalady: Department of History, Sree Sankaracharya University of Sanskrit. পৃষ্ঠা. 84–86. 
  2. "Editorial". Sharada খণ্ড 1: 3. 
  3. Kumari E.K., Swarna (2001). "WOMENS' MAGAZINES IN KERALA AND THEIR SOCIAL SIGNIFICANCE". Proceedings of the Indian History Congress খণ্ড 62: 705–708. ISSN 2249-1937. https://www.jstor.org/stable/44155817. 
  4. Awaya, Toshie (2003). "Becoming a 'Female Citizen' in Colonial Kerala". Gender and Modernity: Perspectives from Asia and the Pacific. Kyoto University Press and Trans Pacific Press. পৃষ্ঠা. 41–60. 
  5. 5.0 5.1 Priyadarsanan, G. (2017) (Malayalam ভাষাত). Masikapatanangal. প্ৰকাশক Kottayam: Sahithya Pravarthaka Co-operative Society Ltd.. পৃষ্ঠা. 80. Priyadarsanan, G. (2017). Masikapatanangal (in Malayalam). Kottayam: Sahithya Pravarthaka Co-operative Society Ltd. p. 80.
  6. The Travancore Almanac & Directory 1921. প্ৰকাশক Thiruvananthapuram: Government Press. 1921. 
  7. The Madras Year Book 1923 with an Official, Commercial and General Directory of the Madras Presidency. প্ৰকাশক Madras: Government Press. 1923. 
  8. "Women's History: An Overview of Early Malayalam Periodicals for Women" (en-US ভাষাত). Samyukta: A Journal of Gender and Culture. 2020-07-31. https://samyuktajournal.in/womens-history-an-overview-of-early-malayalam-periodicals-for-women-2/। আহৰণ কৰা হৈছে: 2022-04-22. [সংযোগবিহীন উৎস]