শাৰমীন শ্বাহৰিভাৰ
| শাৰমীন শ্বাহৰিভাৰ | |
|---|---|
২০১৮ চনত শ্বাহৰিভাৰ | |
| জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯৮২ (৪৩ বছৰ) তেহৰান, ইৰান |
| পেচা | মডেল |
| সন্তান | ১ |
| 'Beauty pageant titleholder' | |
| Title | মিছ ইউৰোপ ২০০৫ |
| Hair color | ক'লা |
| Eye color | মুগা |
শাৰমীন শ্বাহৰিভাৰ (ফাৰ্চী: شرمینه شهریور; জন্ম ১৭ ছেপ্টেম্বৰ ১৯৮২) হৈছে এগৰাকী ইৰানী-জাৰ্মান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউৰোপ ২০০৫ৰ খিতাপ অৰ্জন কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]শ্বাহৰিভাৰৰ জন্ম ইৰানী পিতৃ-মাতৃৰ ঘৰত হৈছিল।[2] তেওঁৰ বয়স যেতিয়া এবছৰ আছিল, তেতিয়াই তেওঁলোকৰ পৰিয়ালটো জাৰ্মানীলৈ স্থানান্তৰিত হয়। তেওঁৰ মাতৃ আৰু ভাতৃসকল জাৰ্মানীত বাস কৰে। তেওঁ জাৰ্মান আৰু ফাৰ্চী ভাষা কৈ ডাঙৰ-দীঘল হৈছিল। ইয়াৰ উপৰি তেওঁ ফৰাচী আৰু ইংৰাজী ভাষাতো সাৱলীল। শ্বাহৰিভাৰে সমাজ বিজ্ঞান বিষয়ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছে।
কেৰিয়াৰ
[সম্পাদনা কৰক]শ্বাহৰিভাৰে ২০০৪ চনত মিছ জাৰ্মানীৰ খিতাপ অৰ্জন কৰে আৰু ইয়াৰ পিছত ২০০৫ চনত ফ্ৰান্সত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সামগ্ৰিকভাৱে মিছ ইউৰোপৰ খিতাপ লাভ কৰে।[3][4]
২০০৫ চনৰ মাৰ্চ মাহত জাৰ্মানীৰ ওবেৰহাউছেনত অনুষ্ঠিত হোৱা বিশ্বৰ বৃহত্তম বুলি বিবেচিত নৱৰোজ উৎসৱৰ আঁত ধৰিবলৈ তেওঁক নিৰ্বাচিত কৰা হৈছিল। তেওঁ ২০০৪ চনৰ ডিচেম্বৰৰপৰা ২০০৫ চনৰ আগষ্টলৈকে জাৰ্মানীত ট্ৰাউমপাৰ্টনাৰ টিভি নামৰ অনুষ্ঠানটোৰ আঁত ধৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১২ চনত শ্বাহৰিভাৰে তেওঁতকৈ ১৫ বছৰৰ ডাঙৰ ডিজাইনাৰ মাৰ্কাছ ক্লচেকৰ সৈতে ডেটিং আৰম্ভ কৰে। ২০১৩ চনত এই দম্পতীয়ে তেওঁলোকৰ প্ৰথম সন্তান হিচাপে এগৰাকী কন্যা সন্তানক আদৰণি জনায়।[5][6]
২০১৬ চনৰপৰা ২০১৭ চনলৈকে শ্বাহৰিভাৰে ইটালীৰ ব্যৱসায়ী লাপো এলকানৰ সৈতে ডেটিং কৰিছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Shermine Shahrivar im Interview: "Ich bin lieber alleine, als faule Kompromisse zu machen"" (de ভাষাত). GALA. 1 June 2020. https://www.gala.de/stars/news/shermine-shahrivar-im-interview---ich-bin-lieber-alleine--als-faule-kompromisse-zu-machen--22278222.html। আহৰণ কৰা হৈছে: 19 June 2020.
- ↑ staff writers (9 July 2010). "THE boy from Hamilton has done all right for himself.". Herald Sun. http://www.heraldsun.com.au/entertainment/confidential/twilight-aussie-star-xavier-samuel-with-new-love-miss-europe-for-premiere/story-e6frf96o-1225889748934। আহৰণ কৰা হৈছে: 17 March 2011.
- ↑ Welle (www.dw.com), Deutsche. "ملکه زیبایی ایرانیتبار در شو تلویزیونی "آلمان میرقصد" | DW | 8 November 2016" (fa-IR ভাষাত). DW.COM. https://www.dw.com/fa-ir/%D9%85%D9%84%DA%A9%D9%87-%D8%B2%DB%8C%D8%A8%D8%A7%DB%8C%DB%8C-%D8%A7%DB%8C%D8%B1%D8%A7%D9%86%DB%8C%D8%AA%D8%A8%D8%A7%D8%B1-%D8%AF%D8%B1-%D8%B4%D9%88-%D8%AA%D9%84%D9%88%DB%8C%D8%B2%DB%8C%D9%88%D9%86%DB%8C-%D8%A2%D9%84%D9%85%D8%A7%D9%86-%D9%85%DB%8C%D8%B1%D9%82%D8%B5%D8%AF/g-36311497। আহৰণ কৰা হৈছে: 19 June 2020.
- ↑ "شرمينه شهريور ملکه زيبايي قاره اروپا شد" (fa ভাষাত). 28 November 2006. https://www.radiofarda.com/a/296578.html.
- ↑ "Shermine Shahrivar zeigt XXL-Babybauch - B.Z. – Die Stimme Berlins" (de-DE ভাষাত). www.bz-berlin.de. 2013-04-27. https://www.bz-berlin.de/archiv-artikel/shermine-shahrivar-zeigt-xxl-babybauch। আহৰণ কৰা হৈছে: 2024-08-06.
- ↑ "Shermine Shahrivar: Das Baby ist da" (de-DE ভাষাত). Yahoo News. 2013-08-09. http://de.omg.yahoo.com/blogs/baby-boom/shermine-shahrivar-das-baby-ist-da-082329865.html। আহৰণ কৰা হৈছে: 2024-08-06.
- ↑ "Fiat Heir Lapo Elkann Is Reportedly Engaged to Girlfriend Shermine Shahrivar" (en-US ভাষাত). Town & Country. 2016-08-05. https://www.townandcountrymag.com/society/news/a7349/lapo-elkann-shermine-shahrivar-engaged/। আহৰণ কৰা হৈছে: 2024-08-06.