সমললৈ যাওক

শিপ্ৰা খান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিপ্ৰা খান্না শিপ্ৰা খান্না এগৰাকী ভাৰতীয় চেলিব্ৰিটি চেফ, ৰেষ্টুৰেণ্টৰ মালিক, লেখিকা আৰু দূৰদৰ্শনৰ জনপ্ৰিয় ব্যক্তিত্ব। ২৯ বছৰ বয়সত [1] ষ্টাৰ প্লাছত প্ৰচাৰিত ভাৰতীয় টেলিভিছন শ্ব' মাষ্টাৰচেফ ইণ্ডিয়া (২০১২)ৰ দ্বিতীয় ছিজনত জয়ী হোৱাৰ পাছৰ পৰাই তেওঁ পৰিচিত আৰু চৰ্চিত। [2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চিমলাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা শিপ্ৰাই লৰেটো কনভেণ্টৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল। মাষ্টাৰচেফৰ দ্বিতীয় ছিজনত তেওঁ একক মাতৃ হিচাপে জয়ী হৈছিল।

জীৱিকা/পেচা

[সম্পাদনা কৰক]

মাষ্টাৰচেফ ইণ্ডিয়া (ছিজন ২) জয়ী হোৱা পিছত [4]শিপ্ৰাই ফুড ফুডত চেলিব্ৰিটি চেফ হিচাপে এটা টেলিভিছন শ্ব' কৰিছিল। তেওঁ ভাৰত আৰু বিদেশৰ বহুতো টেলিভিছন ৰন্ধন অনুষ্ঠানত ভূমুকি মাৰিছিল।

২০১৩ চনৰ ১১ ছেপ্টেম্বৰত তেখেতে গুজৰাটৰ আহমেদাবাদত "হট - হাউছ অৱ টেষ্ট" নামেৰে প্ৰথমখন ৰেস্তোৰাঁ মুকলি কৰে[5]

২০১৭ চনৰ ১৪ জানুৱাৰীত শিপ্ৰাই ভাৰতৰ নতুন দিল্লীত প্ৰথমখন ৰেস্তোৰাঁ খুলিছিল যাৰ নাম আছিল দ্যা দৰ্যি বাৰ এণ্ড কিটচেন। [6][7]

চেফ শিপ্ৰা খান্নাই মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ২ৰ খিতাপ অৰ্জন কৰিছিল। শিপ্ৰা খান্না লৰেটো কনভেণ্ট আৰু ছেইণ্ট বেডেৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। তেওঁ ৫০খনতকৈও অধিক দেশ ভ্ৰমণ কৰি বিভিন্ন সম্ভাৰৰ অভিজ্ঞতা অৰ্জন কৰিছে। তেওঁ 'মাষ্টাৰচেফ ট্ৰেভেল'ৰ ব্ৰেণ্ড এম্বাছাদৰ। তেওঁক "গ্লেমাৰাছ চেফ" হিচাপে জনা যায়। তেওঁ নেপাল সীমান্তলৈকে খাদ্যৰ ৰুচি বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ফেমিনা ৱিমেন আৰু হিমাচলৰ ষ্টাৰলিং খিতাপ তেওঁ লাভ কৰিছে। তেওঁৰ উদ্যোগীকৰণৰ উদ্যোগসমূহে পুষ্টিহীনতা আৰু লিংগ সমতাৰ ওপৰত বিভিন্ন সামাজিক অভিযানক সামৰি লৈছে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • শিপ্ৰাক ২০১৭ চনত ভাৰতত থকা স্পেইনৰ ৰাষ্ট্ৰদূতৰ দ্বাৰা ২০২২ চনত ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত ' স্পেইনত ৰান্ধনীৰ ৰাষ্ট্ৰদূত' উপাধিৰে সন্মানিত কৰা হয়। [8]

ৰান্ধনীশালৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 'উই ৱিমেন ৱাণ্ট শক্তি এৱাৰ্ডচ ২০২৩', 'চেফ অৱ দ্য ইয়েৰ' ২০২৩ বাই ইণ্ডাষ্ট্ৰী লাইভ আৰু এফ এইচ আৰ এ আই ৰে সন্মানিত কৰা হয়।

  • ২০১৪ চনত টুৰিজিম অষ্ট্ৰেলিয়া আৰু কক্স এণ্ড কিংছৰ বাবে 'কুলিনাৰী কন'ইজাৰ' উপাধিৰে সন্মানিত হয় [9]
  • লে কৰ্ডন ব্লু, পেৰিছৰ দ্বাৰা সন্মানিত। [10]
  • ছাৰ্ক চেম্বাৰ মহিলা উদ্যোগী পৰিষদৰ (এছ চি ডব্লিউ ই চি) ৰ দ্বাৰা "মহিলা চেফ টেকিং টেষ্ট বিয়ণ্ড বৰ্ডাৰ" খিতাপ লাভ।
  • ২০১৭ চনৰ গৌৰমাণ্ড ৱৰ্ল্ড কুকবুক এৱাৰ্ডছৰ দ্বাৰা তেওঁ "বেষ্ট টেলিভিছন চেফ বুক আউটছাইড ইউৰোপ" লাভ কৰে।
  • ২০২৩ চনৰ মে' মাহত চেলিব্ৰিটি চেফ শিপ্ৰা হৈছে 'কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্লোবেল বঁটা' চেলিব্ৰিটী চেফ ইনফ্লুৱেন্সাৰ এৱাৰ্ড' ডব্লিউ আই বি এ(WIBA) লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় চেলিব্ৰিটি চেফ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Shipra Khanna wins MasterChef India 2" (en ভাষাত). Hindustan Times. 2 January 2012. https://www.hindustantimes.com/tv/shipra-khanna-wins-masterchef-india-2/story-eOTnnkANfDSS30uUi7fpWL.html.
  2. "'MasterChef 2' has helped me reclaim my life: Shipra Khanna". The Times of India. 2012-01-02. https://timesofindia.indiatimes.com/entertainment/tv/MasterChef-2-has-helped-me-reclaim-my-life-Shipra-Khanna/articleshow/11326239.cms.
  3. "Shipra Khanna". Star Puls. http://starplus.startv.in/contestants.aspx?sid=126&cid=650.
  4. "'Masterchef' Shipra Feels She has Much to Stir". Daijiworld.com. 2011-08-10. http://www.daijiworld.com/news/news_disp.asp?n_id=126384 আহৰণ কৰা হৈছে: 2012-01-03.
  5. Chaturvedi, Devika (11 September 2013). "MasterChef India 2 winner Shipra Khanna opens her first restaurant in Ahmedabad" (en ভাষাত). India Today. India Today (Ahmedabad). https://www.indiatoday.in/india/west/story/shipra-khanna-masterchef-india-2-winner-hot-house-of-taste-restaurant-ahmedabad-210608-2013-09-11.
  6. "Celebrity chef Shipra Khanna launches her first restaurant - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/celebrity-chef-shipra-khanna-launches-her-first-restaurant/articleshow/56659734.cms.
  7. "'Even stirring the dal is delightful to me'" (en ভাষাত). Deccan Herald. 15 March 2016. https://www.deccanherald.com/content/534676/even-stirring-dal-delightful-me.html.
  8. Ayyappan, Aathira (5 November 2017). "The masterchef twist to paneer". The New Indian Express. The New Indian Express. https://www.newindianexpress.com/cities/chennai/2017/nov/05/the-masterchef-twist-to-paneer-1692993.html.
  9. Braganza, Avril-Ann (1 October 2014). "Shipra Khanna prepares for her culinary trail through Australia" (en ভাষাত). DNA India. https://www.dnaindia.com/lifestyle/report-shipra-khanna-prepares-for-her-culinary-trail-through-australia-2022830.
  10. "Chef shipra at Cordon Bleu, Paris". https://www.cordonbleu.edu/paris/shipra-khanna-cuisine-chef/en#:~:text=Shipra%20Khanna%2C%20young%20Indian%20chef&text=Passionate%20about%20cuisine%20from%20the,in%20the%20world%20of%20gastronomy. আহৰণ কৰা হৈছে: 27 April 2021.