শিপ্ৰা গোৱেল
শিপ্ৰা গোৱেল এগৰাকী ভাৰতীয় গায়িকা। তেওঁ "ইছক বুলাৱা", "অংগ্ৰেজীৱালী মেডাম", "উংলি", "টুট্টি বোলে ৱেডিং দি", "য়াদাঁ তেৰিয়াঁ", "লাভলী ভিএছ পিইউ", "মেইনু ইছক লগা" আৰু "পাৰো" আদি গীতৰ বাবে জনপ্ৰিয়।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]যদিও পৈতৃক শিপা ভাৰতৰ পঞ্জাৱৰ মানছাত, তেওঁৰ দিল্লীত জন্ম হৈছিল আৰু তাতে ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৰিয়ালটো সংগীতৰ সৈতে জড়িত। তেওঁৰ পিতৃ-মাতৃ সুভাষ আৰু অঞ্জু গোৱেল দিল্লীৰ বিখ্যাত গায়ক। অতি কম বয়সতে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল আৰু পিতৃ-মাতৃৰ লগত লাইভ শ্ব’ আৰু ৰেকৰ্ডিঙত অংশগ্ৰহণ কৰি বিভিন্ন অভিজ্ঞতা সংগ্ৰহ কৰিছিল। স্কুলীয়া জীৱনত তেওঁ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত আছিল, কেৱল শৈক্ষিক দিশতে, নহয় সংগীত প্ৰতিযোগিতাতো। দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত (কলা) তেওঁ শীৰ্ষস্থান দখল কৰে। ষষ্ঠ শ্ৰেণীত থাকোঁতে তেওঁ প্ৰথম সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যিক পৰ্যায়ত ১ম পুৰস্কাৰ লাভ কৰে।[2] তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লৈছে।
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰতিযোগিতাত অংশ কৰি লাভ কৰা সকলো অভিজ্ঞতাই, দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়ত প্ৰথমটো শ্ব’ কৰাত সহায় কৰিছিল। তেওঁ দিল্লীৰ সংগীত মহলত এটা নিয়মীয়া নাম। ২১ বছৰ বয়সত বলীউড নেপথ্য কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ কথা ভাবিছিল। দিল্লীৰ হিন্দু কলেজৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লোৱাৰ পিছত ২০১৩ চনত তেওঁ মুম্বাইলৈ গুচি যায় আৰু অতি সোনকালেই বিশাল–শেখৰৰ 'ইছক বুলাৱা'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। তেতিয়াৰ পৰাই তেওঁ বলীউড আৰু পলিউডত বহু গীত গাইছে।[3][4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Shipra Goyal". Gaana.com. https://gaana.com/artist/shipra-goyal। আহৰণ কৰা হৈছে: 30 December 2018.
- ↑ "Shipra Goyal: Kumaar is my mentor in Bollywood - Times of India". 19 September 2015. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Shipra-Goyal-Kumaar-is-my-mentor-in-Bollywood/articleshow/49012712.cms। আহৰণ কৰা হৈছে: 30 December 2018.
- ↑ http://www.hungama.com/artists/shipra-goyal/107094 Archived 1 December 2014 at the Wayback Machine Hungama
- ↑ "Shipra Goyal croons 'Tutti Bole' from 'Welcome Back'". www.radioandmusic.com. http://www.radioandmusic.com/entertainment/editorial/news/shipra-goyal-croons-tutti-bole-welcome-back-150817। আহৰণ কৰা হৈছে: 30 December 2018.