সমললৈ যাওক

শিপ্ৰা বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিপ্ৰা বসু (ইংৰাজী: Sipra Bose; ৯ নৱেম্বৰ ১৯৪৫ – ২২ এপ্ৰিল ২০০৮) ভাৰতকলকাতাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ এগৰাকী বিশিষ্ট গায়িকা আছিল।[1][2]

কৰ্মৰাজি

[সম্পাদনা কৰক]

তেওঁ বাংলা ভাষাত লঘু শাস্ত্ৰীয় (ৰাগপ্ৰধান) গীত পৰিৱেশনৰ বাবে পৰিচিত। শাস্ত্ৰীয় সংগীতত তেওঁৰ কেইটামান উল্লেখযোগ্য গীত হ’ল— বিনি সুতোয় গাথা মালা, আচি বোলে কেন, মন না চাইলে, গানে গানে কেয়া ঘুম, প্ৰিয় তমো খোলো, জাও ভুলে এ অভিমান, যমুনা কি বলতে পাৰে ইত্যাদি। তেওঁৰ শেহতীয়া হিট এলবামসমূহৰ ভিতৰত সুৰ স্মৰণে আৰু বিনি সুতোয় গাথা মালা অন্যতম।

বাংলা আধুনিক গীতৰ বাবে তেওঁ বাংলা লোকৰ মাজত অধিক জনপ্ৰিয় আৰু স্মৰণীয়। সেই সময়ত তেওঁৰ সকলোবোৰ গীত হিট হৈছিল আৰু আজিও বিভিন্ন অনুষ্ঠানত বিভিন্ন শিল্পীয়ে সেইবোৰ গায়। তেওঁৰ কিছুমান উল্লেখযোগ্য গীত যেনে— আমাৰো বাদোলো দিন, মোনেৰ দুৱাৰ খুলে কেয়া, ভালো বেশে ব্যথা সহিবো, আহা মন কামুন, ও বাঁশি জানে, আহা কেয়া ৰঙ্গ কৰে গালো, এ ভাঙা বসন্ত বেলায়, আমাৰ সাদা ৰং টা নাও, ওগো হৃদয় ৰতন, কাছে আসাৰ মতো, আমাৰ কোবাৰ মৰণ, শোনো কথা আজি ৰাতে, ব্যথা কিছু ছিলো না, আমি শুনেছি তাৰ চৰণধ্বনি ইত্যাদি আজিও জনপ্ৰিয়।

তেওঁ চিন্ময় লাহিড়ীৰ তত্ত্বাৱধানত সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু বেগম আখটাৰৰ অধীনত লক্ষ্ণৌ ঘৰানাৰ ঠুমৰী আৰু গজলৰ সৈতে পৰিচিত হৈছিল। তেওঁ বেনাৰস ঘৰানাৰ নয়না দেৱী আৰু পণ্ডিত ৰবি শংকৰৰ সৈতেও কাম কৰিছিল।[3]

তেওঁৰ গজল পৰিৱেশন, বিশেষকৈ উৰ্দু ভাষাৰ উচ্চাৰণ সমালোচকসকলে উচ্চ প্ৰশংসা কৰিছে। ওড়িশাতো কিছুমান স্মৰণীয় ওড়িয়া চলচ্চিত্ৰৰ গীত আৰু দ্বৈত গীত গোৱাৰ বাবে তেওঁক স্মৰণ কৰা হয়।

তেওঁ নিজৰ অনন্য গায়ন শৈলীৰে ত্ৰিশা পাৰুইৰ দৰে বহু বিখ্যাত গায়কক অনুপ্ৰাণিত কৰিছিল।

২০০৮ চনৰ ২২ এপ্ৰিলত কলকাতাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ স্বামী গোবিন্দ বসু এগৰাকী বিশিষ্ট তবলা বাদক।[4] তেওঁলোকৰ দুজন পুত্ৰ আৰু এজনী ছোৱালী আছে। তেওঁলোকৰ পুত্ৰ সোমনাথ বসুও এজন তবলা বাদক আৰু কন্যা শুভাঙ্গী বসুৱে সংগীত উদ্যোগত কাম কৰিছে। আনজন পুত্ৰ শিৱৰাজ বসু এজন ব্যৱসায়ী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Evan Senior (1976). Music and Musicians. Hansom Books. https://books.google.com/books?id=vPtLAAAAYAAJ.
  2. Economic and Political Weekly. Sameeksha Trust. 1990. https://books.google.com/books?id=fd-wAAAAIAAJ.
  3. "Sipra Bose biography". Rhyme records. Archived from the original on 2007-10-11. https://web.archive.org/web/20071011224106/http://rhymerecords.com/ArtistBio.aspx?BioOf=SipraBose আহৰণ কৰা হৈছে: 2026-03-14.
  4. Samir Chatterjee (2006). A study of tabla: a comprehensive study with history, theory, and compositions accompanied by an instructional DVD. Chhandayan. https://books.google.com/books?id=Q_nZAAAAMAAJ.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]