সমললৈ যাওক

শিলশিলা আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিলশিলা আচার্য
জন্ম বাগলুং
ৰাষ্ট্ৰীয়তা নেপালী
শিক্ষা কাঠমাণ্ডু বিশ্ববিদ্যালয়
জনা যায় পুনঃব্যৱহাৰ,প্ৰচাৰ অভিযান

শিলশিলা আচার্য (ইংৰাজী: :Shilshila Acharya ) এগৰাকী নেপালৰ পৰিৱেশ বিজ্ঞানী, যিয়ে নেপালত প্লাষ্টিক পুনঃব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে সফল অভিযান আগবঢ়াইছে। তেওঁ নিজৰ দেশত প্লাষ্টিক বেগৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে ভ্ৰমণকাৰী পৰ্বতাৰোহীসকলে এৰি থৈ যোৱা আবৰ্জনা সংগ্ৰহ কৰিছে। ২০২৪ চনত তেওঁ BBC-ৰ ১০০ গৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।

শিলশিলাই নেপালৰ বাগলুংত জন্মগ্ৰহণ কৰিছিল । তেওঁ সন্মানীয় চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক ডিগ্ৰী (MBBS)লোৱাৰ পিছত চৰকাৰি বৃত্তি লাভ কৰি এজন চাৰ্জন হিচাপে ভালদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰিলেহেঁতেন,কিন্তু সেইয়া কৰিবলৈ আগ্ৰহি নহয় বুলি কৈ পৰিয়ালৰলোকক আচৰিত কৰিছিল । তেওঁ পৰিয়ালক বুজাইছিল যে আৰ্থিকভাৱে সুবিধাজনক নোহোৱাসত্ত্বেও তেওঁ পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰাতেই আগ্ৰহী। সেয়েহে তেওঁ কাঠমাণ্ডু বিশ্ববিদ্যালয়ত পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু তাত পৰিৱেশ বিজ্ঞানৰ কোনো বৃত্তিৰ সুবিধা নাছিল বাবে নিজৰ পঢ়াশুনাৰ খৰচ নিজেই বহন কৰিব লাগিছিল। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নৰৱে’ত অধ্যয়ন কৰিবলৈ গৈছিল, এইবাৰ অৱশ্যে নেপাল আৰু নৰৱে চৰকাৰৰ সহযোগত বৃত্তি লাভ কৰিছিল । ত্ৰিভুৱন বিশ্ববিদ্যালয় আৰু বাৰ্গেন বিশ্ববিদ্যালয়ত জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ বিজ্ঞান[1] অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

তেওঁৰ প্ৰাৰম্ভিক অভিযানসমূহৰ ভিতৰত এটা আছিল নেপালৰ ঘাইপথটোৰ কাষত গছ ৰোপণ কৰিব লাগে বুলি পৰামৰ্শ দিয়া।[3]

২০১৪ চনত তেওঁ হিমালয়ান জলবায়ু পদক্ষেপত যোগদান কৰিছিল, য’ত সংগঠনটোৱে নেপালত প্লাষ্টিক বেগৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে অভিযান আৰম্ভ কৰিছিল।[3] যদিও এইটো তেওঁলোকৰ আৰম্ভণিৰ মূল লক্ষ্য নাছিল। প্ৰথমতে তেওঁলোকৰ গোটে বিদেশলৈ সৰবৰাহ কৰা নেপালৰ কিশোৰীৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য লৈ কাম কৰিছিল। তেওঁলোকৰ সংগঠনে বৃহৎ ছুপাৰমাৰ্কেট শৃংখল ভাট-ভাটেনি চুপাৰ মাৰ্কেটৰ সৈতে অংশীদাৰিত্ব কৰি এবাৰত ব্যৱহাৰযোগ্য প্লাষ্টিক বেগৰ সলনি কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছিল। কাপোৰৰ বেগসমূহ অত্যন্ত জনপ্ৰিয় হৈছিল।[3] মানুহে সেইবোৰ কিনিছিল, কিন্তু ব্যৱহাৰ কৰা নাছিল। সেয়ে মানুহৰ আচৰণ সলনি কৰিবলৈ গোটটোৱে নতুন উপায় উলিওৱাৰ প্ৰয়োজন আহি পৰিছিল।[4]

তেওঁলোকৰ নতুন অভিযানৰ শ্লোগান আছিল " ধন্যবাদ নালাগে, মই মোৰ নিজৰ বেগ কঢ়িয়াই লৈ ফুৰো"(“No Thanks, I Carry My Own Bag”) আৰু ইয়াৰ ফলত মানুহৰ আচৰণ সলনি হ’ল। ফলস্বৰূপে নেপাল চৰকাৰে কাঠমাণ্ডুত প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে।[5]

২০১৮ চনত বিশ্ব বন্যপ্ৰাণী পুঁজিৰ নেপাল শাখাই নিজৰ ২৫ বছৰৰ জয়ন্তী উদযাপন কৰিছিল আৰু সেই উপলক্ষে তেওঁলোকে নিজৰ সংৰক্ষণ বঁটা পুনৰ গঠন কৰাৰ সিদ্ধান্ত লয়। হিমালয়ান জলবায়ু পদক্ষেপৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰা কামৰ বাবে আচার্যই ব্যক্তিগত শ্ৰেণীত এই বঁটাসমূহৰ এটা লাভ কৰিছিল।[6]

২০১৯ চনত তেওঁ হিমালয়ত ভ্ৰমণকাৰী পৰ্বতাৰোহীসকলে এৰি থৈ যোৱা বৃহৎ পৰিমাণৰ আবৰ্জনা হ্ৰাস কৰাৰ এটা অভিযানত জড়িত আছিল। তেওঁৰ এই অভিযানৰ ফলস্বৰূপে প্ৰায় ১২০ টন আবৰ্জনা অপসাৰণ কৰা হৈছিল।[5]

২০২৪ চনত তেওঁ BBC-ৰ ১০০ গৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচিত হৈছিল।[7]

তথ্যসুত্ৰ

[সম্পাদনা কৰক]
  1. of 2024, Ganesh Khatiwada :: Silsila Acharya Named Among BBC's 100 Influential Women. "Silsila Acharya Named Among BBC's 100 Influential Women of 2024". ecospherenews. https://www.ecospherenews.com/detail/191 আহৰণ কৰা হৈছে: 2024-12-08.
  2. "Shilshila Acharya – Avni" (en-US ভাষাত). https://avnicenter.org/team/52/ আহৰণ কৰা হৈছে: 2024-12-08.
  3. 1 2 3 Rich, Carrie; Fealk, Dean (2022-05-10) (en ভাষাত). Impact the World: Live Your Values and Drive Change As a Citizen Statesperson. John Wiley & Sons. পৃষ্ঠা. 108. ISBN 978-1-119-84891-2. https://books.google.com/books?id=92h6EAAAQBAJ&dq=shilshila+acharya&pg=PA108.
  4. "Beating Plastic Pollution with Shilshila Acharya" (en ভাষাত). www.wwfnepal.org. https://www.wwfnepal.org/?328870/Beating-Plastic-Pollution-with-Shilshila-Acharya আহৰণ কৰা হৈছে: 2024-12-08.
  5. 1 2 "Climate Pioneer Shilshila Acharya listed among BBC 100 Women 2024" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/climate-environment/2024/12/03/climate-pioneer-shilshila-acharya-listed-among-bbc-100-women-2024 আহৰণ কৰা হৈছে: 2024-12-07.
  6. "CONSERVATION AWARDS 2018". WWF Nepal. 2018. https://wwfasia.awsassets.panda.org/downloads/conservation_award_brochure_2018.pdf আহৰণ কৰা হৈছে: 8 December 2024.
  7. "BBC 100 Women 2024: Who is on the list this year? - BBC News" (en-GB ভাষাত). News. https://www.bbc.co.uk/news/resources/idt-4f79d09b-655a-42f8-82b4-9b2ecebab611 আহৰণ কৰা হৈছে: 2024-12-07.