শিলালিপি (মুখপত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিলালিপি হাফলং শাখা সাহিত্য সভাৰ মুখপত্ৰ৷ ১৯৭৯ চনত স্থাপিত হোৱা হাফলং শাখা সাহিত্য সভাৰ মুখপত্ৰ হিচাপে “শিলালিপি’’ নামৰ এখন পত্ৰিকা প্ৰকাশৰ সিদ্ধান্ত সেইবছৰতে লোৱা হয়৷ অসমীয়া ভাষাত প্ৰকাশ কৰিবলগীয়া পত্ৰিকাখনিৰ সম্পাদক নিৰ্বাচিত হয় লক্ষীধৰ বৰদলৈ৷ ১৯৮২ চনত এই পত্ৰিকাখনিৰ প্ৰথম সংখ্যা বৰদলৈৰ সম্পাদনাত প্ৰকাশ পায়৷ পত্ৰিকাখনিত সমাজৰ বিভিন্ন দিশৰ প্ৰবন্ধ প্ৰকাশ পোৱাৰ উপৰি স্থানীয় জনজাতীয় লোকসকলৰ ভাষা সাহিত্যৰ উন্নতি সাধন কৰাই লক্ষ্য হিচাপে লোৱা হয়৷[1]

থোৰতে হাফলঙৰ সংবাদপত্ৰ আলোচনী[সম্পাদনা কৰক]

ডিমা হাচাও জিলাৰ (উত্তৰ কাছাৰ পাহাৰ জিলা) সংবাদ পত্ৰৰ ইতিহাস তেনেই চমু৷ ১৯৭২ চনৰ ১৭ জুনত সোণাৰাম থাউসেনৰ চেষ্টাত “গ্দাঁঈ খুৰাং’’ নামে এখন পত্ৰিকা ডিমাছা ভাষাত আৰু বাংলা লিপিত তেওঁৰ নিজৰ প্ৰেছ “হাফলং প্ৰেছ’’ত ছপা কৰি প্ৰকাশ কৰিবলৈ লয়৷ তাৰপাছত সেই বছৰৰে জুলাই মাহত বাংলা আৰু অসমীয়া ভাষাত “দূত’’ নামৰ সাপ্তাহিক সংবাদপত্ৰ বিনোদলাল চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশ পায়৷ ১৯৭৬ চনত সমীৰ ৰঞ্জন পালৰ প্ৰচেষ্টাত প্ৰথমে বাংলা-ইংৰাজী আৰু পিছত বাংলা-অসমীয়াত “বড়াইল’’ নামে এখনি সাপ্তাহিক সংবাদপত্ৰ প্ৰকাশিত হয়৷ সেইবছৰতে অৰ্থাৎ ১৯৭৬ চনত “মাৰ ভাষা’’ত “পালাই’’ নামৰ এখনি মাহেকীয়া সংবাদপত্ৰ এল, ভি, জৌতেৰ সম্পাদনাত প্ৰকাশিত হয়৷ তাৰপাছত “হাসাও বুবলি’’ নামৰ ইংৰাজী-ডিমাছা ভাষাত দ্বিভাষী আলোচনী এখন প্ৰকাশ পায় ১৯৮৭ চনত৷ থাডৌ-কুকি ভাষাৰ “বমবিল’’ নামৰ সংবাদপত্ৰ, মাৰ ভাষাৰ “ঙাইবান থ্লিফিম’’ ১৯৮৯ চনত, বিভিন্ন ভাষাৰ সংবাদপত্ৰ “দ্য নৰ্থ কাছাৰ এক্সপ্ৰেছ’’ সম্পাদক তুষাৰকান্তি মুখাৰ্জী, থাডৌ-কুকি ভাষাত “দ্য ভয়চ অফ চংপিজান’’, ১৯৯৩চনত জেমী ভাষাত “মাৰাচাম’’, ১৯৯৩ চনত ডিমাছা ভাষাত আৰু মনোজ গৰলোচাৰ সম্পাদনাত “জালাই খুৰাং’’, ১৯৯৭ চনত “দ্য পেজাৰ’’ প্ৰকাশ পায়৷ এইবোৰৰ উপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুখপত্ৰ হিচাপে উল্লেখযোগ্য হ’ল উত্তৰণ, শিলালিপি, বনমৰ্মৰ, উত্তৰফাল্গুনী, জাতিঙ্গা, থাপনা, নিসৰ্গ, থিঙ্দল, নীল পাহাৰেৰ দেশ আদি৷[2]

প্ৰথম সংখ্যা শিলালিপি[সম্পাদনা কৰক]

১৯৮২ চনৰ অক্টোবৰত প্ৰকাশ হোৱা শিলালিপিৰ সম্পাদক লক্ষীধৰ বৰদলৈ৷ মুঠ ৫০ পৃষ্ঠাৰ পত্ৰিকাখনত চাৰিটি প্ৰবন্ধ, দুটি গল্প আৰু কেইটামান কবিতা সন্নিবিষ্ট কৰা হৈছিল৷ ডিমাছা কছাৰীৰ লোকবিশ্বাস, ডিমাছাসকলৰ বোৱাকটা সাজপাৰ আৰু গহনাগাঁঠৰি, কবি গণেশ গগৈৰ কাব্যকৰ্ম, দুৰ্গেশনন্দিনী আৰু মিৰিজীয়ৰী শীৰোনামৰ প্ৰবন্ধকেইটা মূল্যবান হিচাপে বিবেচিত৷[3]

প্ৰথম সংখ্যা শিলালিপিৰ পিছত পৰৱৰ্তী সংখ্যাৰ বিষয়ে একো জনা নাযায়৷ তাৰপিছত ২০০৯ চনৰ পৰা পুনৰ ই মাত্ৰ ৩২ পৃষ্ঠাৰ ক্ষুদ্ৰ আলোচনী ৰূপে প্ৰকাশ পাবলৈ ধৰে৷ সাহিত্য সভাৰ হাঠলং অধিৱেশনৰ লগত সংগতি ৰাখি, ২০১৬ চনত প্ৰকাশিত বৰ্দ্ধিত কলেৱৰৰ শিলালিপিৰ সম্পাদক গৌৰিকান্ত দাসে সম্পাদকীয়ত এইবিষয়ে লিখিছে, “হাফলং শাখা সাহিত্য সভা পুনৰ কাৰ্যক্ষম হৈ চলি থকাৰ মাজতে পুৰণি তথ্যৰ ভিত্তিত সদস্যসকলে ’শিলালিপি’ৰ পুনৰ্প্ৰৱৰ্তনৰ কথা চিন্তা কৰে আৰু ২০০৯ চনত হাতেলিখা (অৰ্থাভাৱত) আলোচনী ৰূপত শিলালিপিক প্ৰকাশ কৰে৷ তাৰপাছৰে পৰা প্ৰতি দুমাহৰ অন্তৰে অন্তৰে শিলালিপি ক্ষুদ্ৰ পত্ৰিকা ৰূপত ওলাবলৈ ধৰে৷’’৷[4] শিলালিপিৰ লেখাসমূহ সাহিত্যসভাৰ নিয়মীয়া শনিবৰীয়া চ’ৰাত পাঠিত লেখাৰ পৰাই নিৰ্বাচিত কৰি সংকলন কৰা হৈছিল৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. অসমৰ সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ৩২৮, প্ৰকাশক: অশ্বিনীকুমাৰ বৰঠাকুৰ, মধু প্ৰকাশ, ১৯৯৪
  2. উত্তৰ কাছাৰেৰ পত্ৰপত্ৰিকা:একটি সম্পূৰ্ণ ইতিবৃত্ত, জগন্নাথ (চক্ৰৱৰ্তী), অতিৰিক্ত অধিকৰ্তা, শিক্ষা বিভাগ(পাৰ্বত্য) আসাম-এৰ অৰ্থসাহায্যে প্ৰকাশিত, ২০০১
  3. উত্তৰ কাছাৰেৰ পত্ৰপত্ৰিকা:একটি সম্পূৰ্ণ ইতিবৃত্ত, জগন্নাথ (চক্ৰৱৰ্তী), পৃ:নং; ৯৩ অতিৰিক্ত অধিকৰ্তা, শিক্ষা বিভাগ(পাৰ্বত্য) আসাম-এৰ অৰ্থসাহায্যে প্ৰকাশিত, ২০০১
  4. শিলালিপি, সম্পাদক: গৌৰিকান্ত দাস, অন্তৰঙ্গ আলাপ বিশেষ সংখ্যা, ফেব্ৰুৱাৰী, ২০১৬