শিল্পা মুদবী
| শিল্পা মুদবী | |
|---|---|
| জন্ম | বাংগালুৰু |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | মিডিয়া আৰ্টছ এণ্ড প্ৰডাকচনত স্নাতকোত্তৰ |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি অফ টেকন'লজী, ছিডনী |
| জনা যায় | আৰ্বান ফ'ক্ প্ৰজেক্টৰ সহ-প্ৰতিষ্ঠাপক |
| উল্লেখযোগ্য কৰ্ম | য়েল্লম্মা আৰু অন্যান্য গল্প |
| দাম্পত্যসঙ্গী | আদিত্য কোঠাকোটা |
শিল্পা মুদবী (ইংৰাজী: Shilpa Mudbi) শিল্পা এগৰাকী ভাৰতীয় গৱেষিকা, গায়িকা, পৰিবেশিকা, নাট্যশিল্পী, অভিনেত্ৰী, আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ কৰ্ণাটকৰ বিভিন্ন লোক-শিল্পৰ সংৰক্ষণ আৰু সংগ্ৰহৰ কাম কৰি আছে।[1] স্বামী আৰু সুমিত্ৰা সুন্দৰৰ সৈতে তেওঁ আৰ্বান ফ’ক প্ৰজেক্টৰ সহ-প্ৰতিষ্ঠাপক আছিল। এই প্ৰকল্পৰ অংশ হিচাপে তেওঁলোকে সমগ্ৰ দেশতে য়েল্লম্মা আৰু অন্যান্য গল্পৰ ৭০-৮০টা শ্ব’ প্ৰদৰ্শন কৰিছিল।[2][3][4]
য়েল্লম্মা আৰু অন্যান্য গল্প
[সম্পাদনা কৰক]মুডবীয়ে দলটোক নেতৃত্ব দি পৰম্পৰাগত বাদ্যযন্ত্ৰ যেনে, চৌড়কী আৰু শ্ৰুতিৰ সৈতে কেতিয়াবা ৰাতিপুৱা বাংগালুৰু কাবন পাৰ্কত য়েল্লামনা পদ পৰিবেশন কৰে।[5] শিল্পাৰ প্ৰচেষ্টা য়েল্লম্মাৰ আখ্যানৰ সৈতে জড়িত অত্যাৱশ্যকীয় বাদ্যযন্ত্ৰ "চৌড়কী" আৰু "শ্ৰুতি"ৰ পৰ্যালোচনা আৰু সংৰক্ষণলৈকে বিস্তৃত হৈ পৰিছে, যাৰ ফলত তেওঁ এই পৰম্পৰাসমূহক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত এক মূল শক্তি হিচাপে পৰিগণিত হৈছে।
এই বেংগালুৰুবাসীয়ে এসময়ত উত্তৰ কৰ্ণাটক, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশত প্ৰচলিত তাল বাদ্য চৌড়কীক বচাবলৈ চেষ্টা কৰি আছে। লোককথা অনুসৰি ইয়াৰ প্ৰচলন কমেও ২৫০০ বছৰ।[6]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]২০২৩ চনত ডেক্কান হেৰাল্ডত, তেওঁলোকৰ পঞ্চম সংস্কৰণৰ "ডি এইচ চেঞ্জমেকাৰছ বঁটা"ৰ বাবে তেওঁৰ নাম তালিকাভুক্ত হয়।[7]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Bureau, Bangalore Mirror. "Strings of the past" (en ভাষাত). Bangalore Mirror. https://bangaloremirror.indiatimes.com/opinion/sunday-read/strings-of-the-past/articleshow/62676242.cms। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ "'The songs of my ancestors'" (en ভাষাত). NEWS TRAIL. https://newstrailindia.com/inner.php?id=10759। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ Correspondent, Special (2021-12-31). "Tracing the roots through folklore" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/kerala/tracing-the-roots-through-folklore/article38082242.ece.
- ↑ "Couple learns Many versions of Yellamma’s Myths through ancient songs". The New Indian Express. https://www.newindianexpress.com/lifestyle/spirituality/2018/mar/31/couple-learns-many-versions-of-yellammas-myths-through-ancient-songs-1794886.html। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ Pailoor, Anitha. "Singing their way into hearts" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/karnataka/singing-their-way-hearts-700180.html। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ Bureau, Bangalore Mirror. "Strings of the past" (en ভাষাত). Bangalore Mirror. https://bangaloremirror.indiatimes.com/opinion/sunday-read/strings-of-the-past/articleshow/62676242.cms। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ DHNS. "DH Changemakers: 23 to Watch in 2023 - Editor's note" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/specials/dh-changemakers-23-to-watch-in-2023-editors-note-1176827.html। আহৰণ কৰা হৈছে: 2024-01-04.