চলিহা বাৰেঘৰ সত্ৰ
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
চলিহা বাৰেঘৰ সত্ৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰ অসমৰ এখন ঐতিহাসিক সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈষ্ণৱ পৰম্পৰাৰ অন্তৰ্গত এখনি প্ৰাচীন সত্ৰ। মহাপুৰুষ শঙ্কৰদেৱে তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক ধৰ্মপ্ৰচাৰৰ ভাৰ অৰ্পণ কৰাৰ পাছত মাধৱদেৱে ভৱানীপুৰীয়া গোপাল আতাকে প্ৰমুখ্য কৰি আন কেইজনমানক ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰে। এই গোপাল আতাৰেই আজ্ঞাত ১২জন মহন্তই (৬জন ব্ৰাহ্মণ আৰু ৬জন কায়স্থ) অসমৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত ব্ৰতী হয়। তাৰে অন্যতম আছিল বৰযদুমণিদেৱ। এই বৰযদুমণিদেৱেই কেইজনমানক ধৰ্ম প্ৰচাৰৰ দায়িত্ব দিয়ে আৰু তাৰে মাজৰ এজন আছিল ৰমাই কায়স্থ বা ৰামানন্দদেৱ। এই ৰামানন্দদেৱৰ আজ্ঞাত ৪জন মহন্তই ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেইসকল হ'ল- কৃষ্ণদেৱ (বৰকৃষ্ণ), কৃষ্ণদেৱ (সৰুকৃষ্ণ), জয়ানন্দ আৰু সদানন্দ। এই সৰুকৃষ্ণদেৱেই শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাপক।
ইতিহাস
[সম্পাদনা কৰক]জোকতলি মৌজাত নাজিৰাৰ ওচৰত মেজেঙাত। দিহিং থুলৰ এই সত্ৰৰ এখনি থান নাহৰকটীয়াৰ ৭/৮ মাইল দূৰত মেৰবিলতো আছে। বৰ যদুমণিদেৱৰ শিষ্য ৰামানন্দদেৱৰ আজ্ঞাপৰ শ্ৰীকৃষ্ণদেৱে বৰবাম সত্ৰ পাতে। এই সত্ৰৰে দিহিং নদীৰ পূবপাৰে ম'ইমাৰি মেৰবিলৰ মাজত নামঘৰৰ ভেটি আদি আছে। শ্ৰীকৃষ্ণদেৱৰ পুত্ৰ তিনিজনৰপৰা তিনিখন সত্ৰ হয়। জ্যেষ্ঠ সুদৰিশনদেৱ বাৰেঘৰ (চলিহা) সত্ৰত, মধ্যম শ্ৰীবিজয়ানন্দদেৱ বুদবাৰী সত্ৰত, কনিষ্ঠ (উদাসীন) সুনন্দদেৱ কাটনী সত্ৰত অধিকাৰ হয়। সুনন্দদেৱৰ পাছত ব্ৰহ্মকানাই, শূদ্ৰকানাইৰ ভিতৰত কোনো এজন আচাৰ্য হয়। সুদৰিশনদেৱে কেইবাঠাইতো সত্ৰ পাতিছিল। শ্ৰীৰামদেৱৰ চৰিত্ৰমতে মণিপুৰ সত্ৰ, ডিমৌ সত্ৰ, সুন্দৰিদিয়া সত্ৰ, অৱশ্যে এইকেইখনি সত্ৰ ক'ত ক'ত পাতিছিল আজিও নিৰ্ণয় হোৱা নাই। পুনৰ নাহৰকটীয়াৰপৰা আধা মাইল দূৰত শলগুৰি আলিৰ কাষত সত্ৰ পাতে। ইয়াত থকা সময়তে গদাধৰসিংহ ৰজাই দেৱীপূজা নকৰাৰ হেতুকে মহন্তসকলক ধৰাই নি নামৰূপত ভাদ্ৰ মাহৰ পূৰ্ণিমা দিনা কটোৱায়। প্ৰতিপদৰ দিনা সুদৰিশনদেৱৰ তিৰোধান হয়। সুদৰিশনদেৱৰ পুত্ৰ শ্ৰীৰামদেৱ ৰাজভয়ত পলাই ফুৰিছিল। ৰুদ্ৰসিংহই বিচাৰ কৰি আনি মহন্তসকলক নিজ নিজ সত্ৰত থাপিলে। শ্ৰীৰামদেৱক পূৰ্বৰ বৰবামসত্ৰতে থাপিছিল দিহিং নদীয়ে সত্ৰ মেৰাই খহোৱাত পুনৰ চলিহা চক্ৰলৈ গ'ল। তাতেই নগা খুনবাও বহা ৰজা নৰোত্তমে শৰণ লয় (শ্ৰীৰামদেৱ আৰু নৰোত্তম দুয়ো ১৫৮৭ শকত জন্মগ্ৰহণ কৰিছিল)। শ্ৰীৰামদেৱে মেৰবিল চেৰাই নতুন সত্ৰ পাতিলে, তাতো ভূমুকীয়া জলে সত্ৰ বুৰাই নিবলৈ ধৰিলে। মেৰবিলৰ ভূমুকৰ মুখত সত্ৰ থাকোঁতেই ৭/ ৮ মাইল দূৰত ভাটীলৈ শলগুৰি আঘোণী বাৰীৰপৰা দুমাইল উজাই কেন্দুগুৰিত বালিসত্ৰ নামে সত্ৰ পাতে। নগাৰ নৰোত্তমে দিহিং নদীৰ সিপাৰে দেওগিৰি পাহাৰৰপৰা সত্ৰ দৰ্শন কৰিবলৈ আৰু কৰ শোধাবলৈ বছৰে বছৰে আহিবৰ নিমিত্তে টিপাম, উষাপুৰ, টেঙাখাত হৈ চয়াঙৰ আলি নামে আলি বন্ধায়। এই সত্ৰতে শ্ৰীৰামদেৱে বৈকুণ্ঠ প্ৰয়াণ কৰে। দেওগিৰিত নৰোত্তমে পুত্ৰসকলক ৰাজ্য অৰ্পণ কৰি একে সময়তে দেহা এৰে। দেওগিৰিৰপৰা বালি সত্ৰলৈ ৩/ ৪ দিনৰ বাট যদিও গুৰু-শিষ্য উভয়ৰ চিতাৰ ধুম্ৰ একত্ৰ হৈ ওপৰলৈ উঠি যায়। শ্ৰীৰামদেৱৰ থানৰ পশ্চিমে নৰোত্তমৰ অস্থি আনি গুৰুৰ আজ্ঞামতে থাপন কৰে। শ্ৰীৰামদেৱৰ বৈকুণ্ঠ প্ৰয়াণ কৰাৰ পাছত পানীৰ উপদ্ৰৱ হোৱাত পুনৰ চলিহা সত্ৰলৈ উঠি যায়। তাত শ্ৰীৰামদেৱৰ পুত্ৰ-নাতি শ্ৰীবিষ্ণুৰামদেৱ, পূৰ্ণকামদেৱ, আত্মাৰাম দেৱৰ থান। মায়ামৰীয়া বিদ্ৰোহৰ সময়ত তেওঁলোক তাৰপৰা ভাগি আহি শিৱসাগৰৰ নাজিৰা মাদুৰি আলিৰ কাষত কোৱামৰা (এঠাবাৰী) বাগানৰ কাষত সত্ৰ পাতে। ইয়াত শ্ৰীকৃষ্ণচন্দ্ৰদেৱৰ থান আছে। ইয়াৰপৰা যোৰহাটৰ বৰ্তমান চেউনীৰপৰা বাবায় ৰোড আলিৰ কাষত কলীয়াপানী নৈৰ সমীপত কলীয়াপানী বাৰেঘৰ সত্ৰ পাতে। তাতো বলোভদ্ৰ নামে ডেকা গোসাঁইৰ থান, নামঘৰ আছে। তাৰপৰা নামটি মিছাজান গাঁৱৰ সমীপত সত্ৰ পাতে। তাতো এখনি থান আছে। তাৰপৰা নাজিৰাৰ মেজেঙাৰ ওচৰত বাৰেঘৰ (চলিহা) সত্ৰ বৰ্তমান আছে।
সত্ৰাধিকাৰসকলৰ তালিকা
[সম্পাদনা কৰক]এই সত্ৰৰ গুৰু পৰম্পৰাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱকেই প্ৰথম গুৰু হিচাপে মানি পৰৱৰ্তী মাধৱদেৱ, গোপালদেৱ, বৰযদুমণিদেৱ আৰু ৰামানন্দদেৱক গুৰু হিচাপে মানি শ্ৰীকৃষ্ণদেৱ এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ পুত্ৰ-নাতিসকল জ্যেষ্ঠানুক্ৰমে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ আহিছে।
- সত্ৰাধিকাৰসকলৰ তালিকা:
- শ্ৰীশ্ৰী শ্ৰীকৃষ্ণদেৱ (প্ৰতিষ্ঠাপক তথা প্ৰথম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী সুদৰ্শনদেৱ (দ্বিতীয় সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী শ্ৰীৰামদেৱ (তৃতীয় সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী বিষ্ণুৰামদেৱ (চতুৰ্থ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী পূৰ্ণকামদেৱ (পঞ্চম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী আত্মাৰামদেৱ (ষষ্ঠজনা সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী ৰঘুনাথদেৱ (সপ্তম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী কৃষ্ণচন্দ্ৰদেৱ (অষ্টম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী ভগৱন্তদেৱ (নৱম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী ব্ৰজনাথদেৱ (দশম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী জয়কৃষ্ণদেৱ (একাদশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী লক্ষ্মীনাথদেৱ (দ্বাদশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী পদ্মনাথদেৱ (ত্ৰয়োদশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী কামচন্দ্ৰদেৱ (চতুৰ্দশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী মহেশচন্দ্ৰদেৱ (পঞ্চদশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী গোপালকৃষ্ণদেৱ (ষোড়শ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী ঘনকান্তদেৱ (সপ্তদশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী ডিম্বেশ্বৰদেৱ (অষ্টাদশ সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী মিহিৰচন্দ্ৰদেৱ (ঊনবিংশতিতম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী গোবিনচন্দ্ৰদেৱ (বিংশতমতিতম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী অতুলচন্দ্ৰদেৱ (একবিংশতিতম সত্ৰাধিকাৰ)
- শ্ৰীশ্ৰী ইন্দুভূষণদেৱ (দ্বাবিংশতিতম তথা বৰ্তমান সত্ৰাধিকাৰ)