সমললৈ যাওক

শিৱসাগৰ (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱসাগৰ
সমষ্টি নং- ৯৬ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাশিৱসাগৰ
লোকসভা সমষ্টিযোৰহাট
প্ৰতিস্থা১৯৫১
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
দল  RD
নিৰ্বাচিত বছৰ২০২১

শিৱসাগৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৬ হৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। শিৱসাগৰ শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাযোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নি, মাজুলী জিলামাজুলী, শিৱসাগৰ জিলাৰ নাজিৰা, ডিমৌ, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা। [1][2]

বিধায়কসকল

[সম্পাদনা কৰক]
নিৰ্বাচন নাম দল
১৯৫২ থানুৰাম গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ গিৰিন্দ্ৰ নাথ গগৈ
১৯৬২
১৯৬৭ প্ৰমোদ গগৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি
১৯৭২
১৯৭৮
১৯৮৩ দেৱানন্দ কোঁৱৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ প্ৰদীপ গগৈ নিৰ্দলীয়
১৯৯১ প্ৰমোদ গগৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি
১৯৯৬
২০০১ প্ৰণৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬
২০২১ অখিল গগৈ ৰাইজৰ দল

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]