শিৱাজী চট্টোপাধ্যায়
| শিৱাজী চট্টোপাধ্যায় | |
|---|---|
| স্থানীয় নাম | শিৱাজী চট্টোপাধ্যায় |
| জন্ম | কলকাতা, পশ্চিম বংগ, ভাৰত |
| পেচা | সংগীত পৰিচালক, সুৰকাৰ, গায়ক [1] |
| দাম্পত্যসঙ্গী | অৰুন্ধতী হোম চৌধুৰী (বি. ১৯৮৭) |
শিৱাজী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় বিখ্যাত গায়ক আৰু সংগীত পৰিচালক।[2] তেওঁৰ জন্ম হৈছিল কলিকতাত।[3][4][5] ‘চলেই যাবে জানতেই যদি’ অথবা ‘পাখীৰা চায় আকাশেৰ নীল’ তেওঁৰ বিখ্যাত গীত।
জন্ম
[সম্পাদনা কৰক]৩ জানুৱাৰীত কলকাতাৰ মোহন বাগান লেনত জন্ম হৈছিল বিখ্যাত ভাৰতীয় বাঙালী গায়ক শিৱাজী চট্টোপাধ্যায়ৰ। তেওঁলোকৰ পৰিয়ালটো সংস্কৃতি মনোভাৱাপন্ন পৰিয়াল হিচাপে পৰিচিত আছিল আৰু স্বীকৃতি লাভ কৰিছিল। শিৱাজীৰ দেউতাক আছিল এজন আইনজীৱী। তেওঁ মধ্যমগ্ৰাম মহাবিদ্যালয়ৰ পৰা সন্মানসহ বি.এছ.চি. উৰ্ত্তীণ হয়। সুশীল মুখোপাধ্যায় আৰু প্ৰবোধ ভট্টাচাৰ্যৰ পৰা তেওঁ সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
সঙ্গীতত পদাৰ্পণ
[সম্পাদনা কৰক]সংগীত জগতৰ আৰম্ভণিতে শিৱাজীয়ে মূলতঃ হেমন্ত মুখাৰ্জীৰ গীত অনুকৰণ কৰিছিল। তাৰ পাছতেই তেওঁ ৰেডিঅ’ আৰু দূৰদৰ্শনত গান গোৱাৰ সুযোগ লাভ কৰে। ১৯৮২ চনত গাঁথানী ৰেকৰ্ডছৰ বেনাৰত তেওঁৰ প্ৰথম ৰেকৰ্ড মুকলি হয়। সংগীত পৰিচালক অজয় দাসে শিৱাজীক বিচাৰ ছবিত গান গোৱাকে ধৰি বহু সুযোগ আগবঢ়াইছিল। শিৱাজীয়ে তেওঁৰ নিৰ্দেশনাত বহু গীত গাইছিল। পাছলৈ এইচ এম ভিৰ বেনাৰত তেওঁ বাংলা আধুনিক আৰু ৰবীন্দ্ৰ সংগীতৰ ৰেকৰ্ড মুকলি হয়। হেমন্ত মুখোপাধ্যায়, শ্যামল মিত্ৰ, সলিল চৌধুৰী, মৃণাল বন্দ্যোপাধ্যায়, নীতা সেন, অসীমা মুখোপাধ্যায়-সহ বাপ্পী লাহিড়ী’ৰ সঙ্গীত নিৰ্দেশনা আৰু সুৰত তেওঁ অনেক গীত গাইছিল৷
ভাৰতীয় বোলছবিত শিৱাজী
[সম্পাদনা কৰক]তিনিশৰো অধিক গীতত শিৱাজী চট্টোপাধ্যায়ে কণ্ঠদান কৰিছিল। সঙ্গীত জগতৰ অন্যতম বিৰল প্ৰতিভাৱান পৰিচালক আৰ.ডি. বৰ্মণৰ সুৰত তেওঁ ‘নাইনটিন ফৰটি টু: এ লাভ ষ্টৰি’ (১৯৯৪) বোলছবিৰ ‘ইয়ে সফৰ হে’ গীতটি গায়। ইয়াৰ উপৰিও তেওঁ হিন্দী ছবি গুডগুদি (১৯৯৭)ত গীত গাইছিল। বাংলা বোলছবি ‘সমাপ্তি’, ‘মমতা’, ‘শাপমুক্তি’তো তেওঁ গীত গাইছিল। ১৯৮৫ চনত তেওঁ ‘ভালোবাসা ভালোবাসা’ বোলছবিৰ চমকপ্ৰদ গীত হিচাপে ‘খোপাৰ ঐ গোলাপ’ গীতটি গাইছিল। বোলছবিখন পৰিচালনা কৰিছিল তৰুণ মজুমদাৰে। তেওঁৰ আন আন মন মোহিত কৰা গীতৰ ছবিসমূহ হ'ল - ‘পথ ভোলা’, ‘আগমন’, ‘সজনী গো সজনী’, ‘শ্ৰীমতি হংস ৰাজ’ ইত্যাদি। 'অঞ্জলি' বোলছবিত হেমন্ত, মান্না দে, আশা ভোছলেৰ সৈতে দ্বৈত কণ্ঠত গীত গাইছিল। ‘আলো’, ‘ভালোবাসাৰ অনেক নাম’, ‘চাঁদেৰ বাড়ি’ (২০০৭) বোলছবিৰ গীততো শিৱাজী চট্টোপাধ্যায়ে অংশ লৈছিল।
সংসাৰ
[সম্পাদনা কৰক]সংগীত জগতৰ এগৰাকী সুপৰিচিত ব্যক্তি হিচাপে শিৱাজী চট্টোপাধ্যায়ে ১৯৮৭ চনত ভাৰতীয় সংগীত জগতৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অৰুন্ধতী হোম চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
সংগীত পৰিচালনাত শিৱাজী
[সম্পাদনা কৰক]সংগীত পৰিচালক হিচাপে শিৱাজী চট্টোপাধ্যায়ে চাঁদেৰ বাড়ী (২০০৭) বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল।
সলিল চৌধুৰীৰ সান্নিধ্য
[সম্পাদনা কৰক]যদিও শিৱাজী চট্টোপাধ্যায়ে হেমন্ত কুমাৰৰ অনুকৰণ কৰি সংগীত জীৱন আৰম্ভ কৰিছিল, তথাপি তেওঁ সুগভীৰ গম্ভীৰ কণ্ঠৰে নিজকে এজন সুন্দৰ গায়ক হিচাপে নিজৰ পৰিচয় বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল। ৰবীন্দ্ৰ সংগীতৰ শিল্পী হিচাপে সংগীত মহলত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বংগৰ একাংশ কিংবদন্তি জনপ্ৰিয় গীতিকাৰ সান্নিধ্যত গীত ৰেকৰ্ডিং কৰিছিল। বাংলা সংগীতৰ অন্যতম কিংবদন্তি আৰু প্ৰভাৱশালী ব্যক্তিত্ব গীতিকাৰ সলিল চৌধুৰীয়ে তেওঁৰ হতুৱাই মহাভাৰতী বোলছবিত গীত গোৱাইছিল লগতে পত্নী অৰুন্ধতী হোম চৌধুৰীৰ সৈতে কিছু একক আৰু যুটীয়া গীততো অংশগ্ৰহণ কৰাৰ সুযোগ দিছিল। একক এলবাম হিচাপে ‘যখন অসহ্য হয়’ (১৯৯০) আৰু দ্বৈত সঙ্গীতৰ অমৰ এলবাম ‘আৰ কী বলব, বলবাৰ কথা শেষ হয়ে গেল’ (১৯৯০) বাজাৰত ওলায়। ইয়াৰ উপৰিও, দূৰদৰ্শনত প্ৰচাৰিত তেওেঁলাকৰ গীতক কেন্দ্ৰ কৰি হিন্দি সংস্কৰণত ‘ওৰে ও সুজন মাঝি’ (১৯৯০) এলবাম প্ৰকাশ হয়। যোগেশ আছিল এই সুন্দৰ গীতবোৰৰ গীতিকাৰ।
সংগীত পৰিচালিত বোলছবিসমূহ
[সম্পাদনা কৰক]গায়ক
[সম্পাদনা কৰক]- চাঁদেৰ বাড়ি (২০০৭)[6]
- আলো (২০০৩)
- জীৱন সন্ধান (১৯৯৭)
- পৃথিৱীৰ শেষ ষ্টেশন (১৯৯৩)[7]
- পেন্নাম কলকাতা (১৯৯২)
- সজনী গো সজনী (১৯৯১)
- নীলিমায় নীল (১৯৯১)
- মহাপীঠ তাৰাপীঠ (১৯৮৯)
- আগমন (১৯৮৮)
- অঞ্জলি (১৯৮৯)[8]
- আবীৰ (১৯৮৭)
- ভালোবাসা ভালোবাসা (১৯৮৫)
- সামাপাতি (১৯৮৩)
গীতিকাৰ
[সম্পাদনা কৰক]- আলো (২০০৩)
- ভালোবাসাৰ অনেক নাম (২০০৬)[9]
- চাঁদেৰ বাড়ি (২০০৭)[6]
পুৰস্কাৰ
[সম্পাদনা কৰক]| বছৰ | পুৰস্কাৰ | চলচ্চিত্ৰ | বিভাগ |
|---|---|---|---|
| ১৯৮৬ | বিএফযেএ পুৰস্কাৰ | ভালোবাসা ভালোবাসা | শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) [10] |
| ১৯৮৯ | বিএফযেএ পুৰস্কাৰ | শুধু তোমাৰি | শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) [11][12] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Shibaji Chatterjee discography". AllMusic. http://www.allmusic.com/artist/shibaji-chatterjee-mn0002906192/discography। আহৰণ কৰা হৈছে: 26 August 2015.
- ↑ "Shibaji Chatterjee discography". allmusic.com. 2016-03-16. http://www.allmusic.com/artist/shibaji-chatterjee-mn0002906192/discography.
- ↑ "Shibaji Chatterjee profile". in.com. 2016-03-16. Archived from the original on 5 July 2013. https://web.archive.org/web/20130705084940/http://www.in.com/shivaji-chatterjee/profile-1911333.html। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ "Biography of Shibaji Chatterjee". gomolo.com. 2016-03-16. Archived from the original on 25 November 2015. https://web.archive.org/web/20151125023948/http://www.gomolo.com/shibaji-chatterjee-biography/13511। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ "Shibaji Chatterjee pics". gomolo.com. 2016-03-16. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304132819/http://www.gomolo.com/shibaji-chatterjee-photos/13511। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ 6.0 6.1 "Shibaji Chatterjee's Top Songs". mymster.com. 2016-03-16. http://www.mymster.com/shibajichatterjee.[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ "Top movies of Shibaji Chatterjee". gomolo.com. 2016-03-16. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304201853/http://www.gomolo.com/shibaji-chatterjee-movies-list-popular/13511। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ "Shibaji Chatterjee albums". saavn.com. 2016-03-16. http://www.saavn.com/s/artist/shibaji-chatterjee-albums/fO5dJPabTU4_.
- ↑ "Songs of Shibaji Chatterjee". gomolo.com. 2016-03-16. Archived from the original on 26 December 2015. https://web.archive.org/web/20151226095206/http://www.gomolo.com/shibaji-chatterjee-songs-list/13511। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ "1986 award winners". bfjaaward.com. 2015-08-26. Archived from the original on 6 June 2014. https://web.archive.org/web/20140606235343/http://www.bfjaaward.com/award-winners.php?year=1986। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ "Awards won by Shibaji Chatterjee". gomolo.com. 2016-03-16. Archived from the original on 26 December 2015. https://web.archive.org/web/20151226105744/http://www.gomolo.com/awards-won-by-shibaji-chatterjee/13511। আহৰণ কৰা হৈছে: 4 June 2025.
- ↑ "1989 award winners". bfjaaward.com. 2016-03-16. Archived from the original on 23 September 2015. https://web.archive.org/web/20150923184248/http://www.bfjaaward.com/award-winners.php?year=1989। আহৰণ কৰা হৈছে: 4 June 2025.