সমললৈ যাওক

শিৱানী দেৱী নংমেইকাপাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱানী দেৱী
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামশিৱানী দেৱী নংমেইকাপাম
জন্ম১৩ জানুৱাৰী, ২০০৭ (১৯ বছৰ)
জন্মস্থানমণিপুৰ, ভাৰত
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবশ্ৰীভূমি
সংখ্যা১৬
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ†(গ'ল)†
ইষ্টাৰ্ণ স্পৰ্টিং ইউনিয়ন
ইউনাইটেড পুখাও স্পৰ্টছ এছ’চিয়েচন
২০২২–২০২৪ইষ্ট বেংগল১০(২)
২০২৪–শ্ৰীভূমি
ৰাষ্ট্ৰীয় দল‡
২০২৩ভাৰত অনুৰ্ধ-১৭ (মহিলা)
২০২৫–ভাৰত অনুৰ্ধ-২০ (মহিলা)১৪(৮)
২০২৫–ভাৰত১(১)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।


‡ ৰাষ্ট্ৰীয় দলৰ কেপ আৰু গ' ল, এই তাৰিখলৈকে শুদ্ধ
২৬ ফেব্ৰুৱাৰী ২০২৫

শিৱানী দেৱী নংমেইকাপাম (ইংৰাজী: Sibani Devi Nongmeikapam; জন্ম: ১৩ জানুৱাৰী ২০০৭)[1] মণিপুৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।[1] তেওঁ ইণ্ডিয়ান উইমেনছ লীগত ইষ্ট বেংগলৰ হৈও খেলিছিল।[2]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

দেৱী মণিপুৰৰ বাসিন্দা।

ভাৰতীয় প্ৰশিক্ষক জোয়াকিম আলেকজেণ্ডাৰচনে তেওঁক ২৩ জনীয়া ভাৰতীয় দলত নিৰ্বাচিত কৰিছিল আৰু তেওঁ বাংগালুৰুৰ পাডুকন - দ্ৰাবিড় চেণ্টাৰ ফৰ স্পৰ্টছ এক্সেলেন্সত অনুষ্ঠিত দুখন ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচৰ দ্বিতীয়খনত খেলিছিল।[3][4][5] এইদৰে ২০২৫ চনৰ ২ জানুৱাৰীত বাংগালুৰুত মালদ্বীপৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰীতি মেচত তেওঁ জ্যেষ্ঠ ভাৰতীয় দলত অভিষেক ঘটায়।[6] ২০২৩ চনৰ ২৬ এপ্ৰিলত কিৰ্গিজ গণৰাজ্যৰ বিশ্বকেকত অনুষ্ঠিত এএফচি অনুৰ্ধ-১৭ মহিলা এছিয়া কাপৰ যোগ্যতা অৰ্জনকাৰী পৰ্যায়ত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল আৰু বিজয়ী গলটো দিছিল। উক্ত খেলত তেওঁলোকে কিৰ্গিজ গণৰাজ্যক ১-০ গলত পৰাস্ত কৰিছিল। পৰৱৰ্তী সময়ত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এএফচি অনুৰ্ধ-১৭ মহিলা এছিয়ান কাপ কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় শিবিৰৰ অংশ আছিল।[7] ২০২৪ চনৰ ফেব্ৰুৱাৰ মাহত ঢাকাত অনুষ্ঠিত ছেফ অনুৰ্ধ-১৯ ফুটবল চেম্পিয়নশ্বিপত বিজয়ী হোৱা ভাৰতীয় দলটোৰো তেওঁ সদস্য আছিল।[8]

২০২৩–২০২৪ বৰ্ষত তেওঁ ইণ্ডিয়ান উইমেনছ লীগত ইষ্ট বেংগলৰ হৈ খেলিছিল। ২০২৩ চনৰ ২৪ ডিচেম্বৰত সেতু এফ চিৰ বিৰুদ্ধে খেলা খেলখনত তেওঁ সমতা স্থাপনকাৰী গলটো দিছিল যদিও কলকাতাত অনুষ্ঠিত খেলখনত ইষ্ট বেংগল ৪-২ ব্যৱধানত পৰাস্ত হৈছিল।[9] ২০২৩ চনৰ ১০ ডিচেম্বৰত ভুৱনেশ্বৰত অনুষ্ঠিত ওড়িশা এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়ী হোৱা খেলখনতো তেওঁ এটা গল দিছিল।[2]

কেৰিয়াৰ পৰিসংখ্যা

[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয়

[সম্পাদনা কৰক]
২ জানুৱাৰী ২০২৫ অনুসৰি
ৰাষ্ট্ৰীয় দলবছৰঅংশগ্ৰহণগল
ভাৰত ২০২৫ ১ ১
মুঠ ১ ১

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "AIFF- Senior National Team - 7 Nongmeikapam Sibani Devi". www.the-aiff.com. https://www.the-aiff.com। আহৰণ কৰা হৈছে: 2025-03-27.
  2. 1 2 "Indian Women's League: East Bengal pips Sports Odisha 2-0 to open campaign" (en ভাষাত). Sportstar. 2023-12-10. https://sportstar.thehindu.com। আহৰণ কৰা হৈছে: 2025-03-27.
  3. ↑ "India women's football team coach Alexandersson announced 23-member squad for Maldives friendly" (en ভাষাত). Sportstar. 2024-12-29. https://sportstar.thehindu.com। আহৰণ কৰা হৈছে: 2025-02-23.
  4. ↑ "India complete a Maldives massacre in FIFA Women's Friendly" (en ভাষাত). ANI News. Archived from the original on 2019-07-30. https://web.archive.org/web/20190730135357/https://www.aninews.in/। আহৰণ কৰা হৈছে: 2025-02-23.
  5. ↑ "9 from NE in 23-member Women's India Football Squad" (en-US ভাষাত). Northeast Live. 2024-12-30. https://northeastlivetv.com। আহৰণ কৰা হৈছে: 2025-02-23.
  6. ↑ "Debutant Lhingdeikim lights up the show with four goals as India maul Maldives again". www.the-aiff.com. https://www.the-aiff.com। আহৰণ কৰা হৈছে: 2025-02-21.
  7. ↑ "India U-17 women's football camp for AFC Asian Cup Qualifiers Round 2 from July 7". The Times of India. 2023-06-20. ISSN 0971-8257. https://timesofindia.indiatimes.com.
  8. ↑ "Football, SAFF Women's U19 C'ships: India and Bangladesh share title after controversy marred final" (en ভাষাত). Scroll.in. 2024-02-09. https://scroll.in। আহৰণ কৰা হৈছে: 2025-03-27.
  9. ↑ "Indian Women's League: Sethu FC wins 4-2 against East Bengal Women" (en ভাষাত). www.dtnext.in. 2023-12-24. https://www.dtnext.in। আহৰণ কৰা হৈছে: 2025-04-01.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]