শিৱালিকা ওবেৰয়
| শিৱালিকা ওবেৰয় | |
|---|---|
২০২২ চনত ওবেৰয় | |
| জন্ম | ২৪ জুলাই, ১৯৯৫ (৩১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান |
| দাম্পত্যসঙ্গী | অভিষেক পাঠক (বি. ২০২৩) |
শিৱালিকা ওবেৰয় (জন্ম: ২৪ জুলাই ১৯৯৫)[1] — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।[2] তেওঁৰ প্ৰাৰম্ভিক অভিনয় জীৱনৰ কামসমূহৰ ভিতৰত য়ে চালী আশিকী (২০১৯) আৰু খোদা হাফিজ (২০২০) অন্যতম।[3][4]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ওবেৰয়ৰ মাতৃ চাৰিনা ওবেৰয় এগৰাকী শিক্ষয়িত্ৰী আছিল। তেওঁৰ ককাক মহাবীৰ ওবেৰয় (যাৰ মৃত্যুৰ সময়ত শিৱালিকাৰ পিতৃ অতি কম বয়সীয়া আছিল) ১৯৬৭ চনত চেবা এণ্ড হাৰকিউলিচ নামৰ এখন বলিউডৰ ছবি নিৰ্মাণ কৰিছিল।[5]
ওবেৰয়ে মুম্বাইৰ আৰ্য বিদ্যা মন্দিৰ স্কুল আৰু জামনাবাই নাৰ্চী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী আৰু মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰি থকাৰ সময়তে তেওঁ অনুপম খেৰৰ এক্টিং ইনষ্টিটিউট অ্যাক্টৰ প্ৰিপেয়াৰ্ছৰপৰা ৩ মহীয়া ডিপ্লমা পাঠ্যক্ৰম সম্পন্ন কৰিছিল।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]স্নাতক ডিগ্ৰী লাভ কৰাৰ অলপ পাছতেই তেওঁ নাদিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কিক (২০১৪) আৰু হাউচফুল ৩ (২০১৬) ছবিৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে।[6] ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰে আৰু প্ৰথমখন ছবিত কাম পোৱাৰ আগতে বিজ্ঞাপন আৰু মডেলিং নিযুক্তি গ্ৰহণ কৰে।[7]
অভিনয়ত প্ৰৱেশ কৰাৰ আগতে ওবেৰয়ে নাদিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট প্ৰডাকচনৰ ছবি কিক (২০১৪) আৰু হাউচফুল ৩ (২০১৬)ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। তেওঁ ২০১৯ চনত অমৰীশ পুৰীৰ নাতি বৰ্ধন পুৰীৰ সৈতে ৰোমাণ্টিক থ্ৰিলাৰ ছবি য়ে চালী আশিকীৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।[8] এই ছবিখন চেৰাগ ৰূপাৰেলৰদ্বাৰা পৰিচালিত আৰু পেন ইণ্ডিয়া লিমিটেড তথা অমৰীশ পুৰী ফিল্মছে প্ৰযোজনা কৰিছিল।[9] ফাৰুক কবিৰৰদ্বাৰা পৰিচালিত আৰু বিদ্যুৎ জামুৱালৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি খোদা হাফিজ ২০২০ চনৰ ১৪ আগষ্টত মুক্তি পায়।[10][11]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৮ চনৰ ১৫ জানুৱাৰীত ওবেৰয়ে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক অভিনেতা কৰম ৰাজপালৰ সৈতে বাগদান সম্পন্ন কৰা বুলি বাতৰি প্ৰকাশ পাইছিল।[12] অৱশ্যে ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁ বাগদানৰ বাতৰি অস্বীকাৰ কৰে আৰু ইয়াক মিছা বুলি অভিহিত কৰে।[13]

২০২২ চনৰ ২৪ জুলাইত ওবেৰয়ে চলচ্চিত্ৰ নিৰ্মাতা অভিষেক পাঠকৰ সৈতে বাগদান সম্পন্ন কৰে।[14][15] ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকে গোৱাত বিবাহপাশত আবদ্ধ হয়।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Stars who made their Bollywood debut in 2019". Indiatimes. https://photogallery.indiatimes.com/movies/bollywood/stars-who-made-their-bollywood-debut-in-2019/shivaleeka-oberoi/articleshow/72883271.cms.
- ↑ "Exclusive! "It is my dream to work opposite Salman Khan", says Shivaleeka Oberoi who earlier worked with him as an assistant director in 'Kick' - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/exclusive-it-is-my-dream-to-work-opposite-salman-khan-says-shivaleeka-oberoi-who-earlier-worked-with-him-as-an-assistant-director-in-kick/articleshow/79248541.cms। আহৰণ কৰা হৈছে: 2021-10-10.
- ↑ "Filmfare Awards 2020 Nominations | 65th Filmfare Awards 2020" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards-2020/nominations। আহৰণ কৰা হৈছে: 2020-02-18.
- ↑ "Nominations for the 65th Filmfare Awards 2020 are out! - Times of India ►" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/nominations-for-the-65th-filmfare-awards-are-out/articleshow/73881320.cms। আহৰণ কৰা হৈছে: 2020-02-18.
- 1 2 "'Akshay Kumar made me cry! '" (en ভাষাত). Rediff. https://www.rediff.com। আহৰণ কৰা হৈছে: 2020-02-20.
- ↑ "Shivaleeka Oberoi: I led a life away from cinema, but it still found its way to me - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/shivaleeka-oberoi-i-led-a-life-away-from-cinema-but-it-still-found-its-way-to-me/articleshow/72166119.cms। আহৰণ কৰা হৈছে: 2020-02-18.
- ↑ "'Yeh Saali Aashiqui' motion poster: Vardhan Puri and Shivaleeka Oberoi's debut film to release on November 22 - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/yeh-saali-aashiqui-motion-poster-vardhan-puri-and-shivaleeka-oberois-debut-film-to-release-on-november-22/articleshow/71627879.cms। আহৰণ কৰা হৈছে: 2020-02-20.
- ↑ "Amrish Puri's grandson Vardhan to debut with 'Yeh Saali Aashiqui'". Business Standard India. 2019-10-17. https://www.business-standard.com/article/news-ani/amrish-puri-s-grandson-vardhan-to-debut-with-yeh-saali-aashiqui-119101700506_1.html.
- ↑ "Yeh Saali Aashiqui trailer: Amrish Puri's grandson Vardhan makes film debut in this romantic thriller". 5 November 2019. https://www.firstpost.com/entertainment/yeh-saali-aashiqui-trailer-amrish-puris-grandson-vardhan-makes-film-debut-in-this-romantic-thriller-7603181.html.
- ↑ "Khuda Hafiz trailer: Vidyut Jammwal has nothing to lose as he goes on a rampage to find missing wife" (en ভাষাত). Hindustan Times. 2020-07-25. https://www.hindustantimes.com/bollywood/khuda-hafiz-trailer-vidyut-jammwal-has-nothing-to-lose-as-he-goes-on-a-rampage-to-find-missing-wife/story-nbeAvKlPemXCLLXPBGGBiJ.html। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ Maru, Vibha (August 15, 2020). "Khuda Haafiz Movie Review: Vidyut Jammwal unleashes fury and layers it with emotions" (en ভাষাত). India Today. https://www.indiatoday.in/movies/bollywood/story/khuda-haafiz-movie-review-vidyut-jammwal-unleashes-fury-and-layers-it-with-emotions-1711507-2020-08-15। আহৰণ কৰা হৈছে: 2020-08-18.
- ↑ "CONGRATS! Karam Rajpal gets ENGAGED with Shivaleeka Oberoi" (en ভাষাত). news.abplive.com. 2018-01-17. https://news.abplive.com/entertainment/television/congrats-karam-rajpal-gets-engaged-with-longtime-girlfriend-shivaleeka-oberoi-634899। আহৰণ কৰা হৈছে: 2020-04-15.
- ↑ "नामकरण फेम एक्ट्रेस ने अपनी सगाई की खबरों को बताया झूठा, बोलीं- मैं सिंगल हूं" (hi ভাষাত). aajtak.intoday.in. https://aajtak.intoday.in/story/actress-shivaleeka-oberoi-refutes-engagement-news-with-karam-rajpal-tmov-1-1137497.html। আহৰণ কৰা হৈছে: 2020-05-10.
- ↑ "Abhishek Pathak and Shivaleeka Oberoi plan to get married soon" (en ভাষাত). Firstpost. 2022-10-10. https://www.firstpost.com/entertainment/drishyam-2-director-abhishek-pathak-and-shivaleeka-oberoi-to-get-married-soon-khuda-hafiz-actress-shares-details-11419261.html। আহৰণ কৰা হৈছে: 2022-11-18.
- ↑ "Abhishek and I will get married soon, says Shivaleeka Oberoi - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/abhishek-and-i-will-get-married-soon-says-shivaleeka-oberoi/articleshow/94745237.cms। আহৰণ কৰা হৈছে: 2022-11-18.
- ↑ "First photos from Drishyam 2 director Abhishek Pathak and actor Shivaleeka Oberoi's wedding are here, Ajay Devgn attends" (en ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/bollywood/abhishek-pathak-shivaleeka-oberoi-wedding-first-pics-ajay-devgn-attends-drishyam-2-8435867/। আহৰণ কৰা হৈছে: 10 February 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত শিৱালিকা ওবেৰয় সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- শিৱালিকা ওবেৰয় সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- শিৱালিকা ওবেৰয় সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য