শীলা গৌড়া
শীলা গৌড়া | |
---|---|
জন্ম | ১৯৫৭ (বয়স ৬৭–৬৮) ভদ্ৰৱতী, ভাৰত |
দেশ | Indian |
পেচা | চিত্ৰকলা, ভাস্কৰ্য্য, ইনষ্টলেচন |
প্ৰশিক্ষণ | ৰয়েল কলেজ অৱ আৰ্ট |
বঁটা | বঁটা (২০১৯), ২০১৪ চনৰ হুগো বছ বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী, ৰাজ্যোৎসৱ বঁটা (২০১৩), আৰ্টছ মুণ্ডী ৫, কাৰ্ডিফ (২০১২), সমসাময়িক ভাৰতীয় কলাৰ বাবে ছ’থেবিজ বঁটা (১৯৯৮), জি.এছ.শ্বেনয় বঁটা (১৯৯৮), ছিনিয়ৰ ফেল’শ্বিপ, ভাৰত চৰকাৰ (১৯৯৪-১৯৯৬), কৰ্ণাটক লালিথ কলা একাডেমী বঁটা (১৯৮৫), লণ্ডনৰ আৰচিএত স্নাতকোত্তৰ অধ্যয়নৰ বাবে ইনলাকছ ফাউণ্ডেশ্যন বৃত্তি (১৯৮৪-১৯৮৬), উচ্চ অধ্যয়নৰ বাবে কৰ্ণাটক ললিথ কলা একাডেমীৰ বৃত্তি (১৯৭৯-১৯৮২) |
শীলা গৌড়া ( ইংৰাজী: : Sheela Gowda ; জন্ম: ১৯৫৭ চনত ভাৰতৰ ভদ্ৰৱতী[1]) বাংগালুৰুত বাস কৰা আৰু কৰ্মৰত এগৰাকী সমসাময়িক শিল্পী। গৌড়াই ভাৰতৰ বেংগালুৰুৰ কেন স্কুল অৱ আৰ্টত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰে (১৯৭৯) ভাৰতৰ শান্তিনিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিপ্লমা (১৯৮২), আৰু ১৯৮৬ চনত লণ্ডনৰ ৰয়েল কলেজ অৱ আৰ্টৰ পৰা চিত্ৰকলাৰ এম.এ.চিত্ৰশিল্পী হিচাপে প্ৰশিক্ষিত গৌড়াই মানুহৰ চুলি, গৰুৰ গোবৰ, ধূপ আৰু কুমকুমা গুড়ি (এবিধ প্ৰাকৃতিক ৰং সততে উজ্জ্বল ৰঙা ৰঙত উপলব্ধ)ৰ দৰে বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী ব্যৱহাৰ কৰি ভাস্কৰ্য্য আৰু স্থাপনৰ ক্ষেত্ৰত নিজৰ অনুশীলন সম্প্ৰসাৰণ কৰে। ভাৰতৰ প্ৰান্তীয় লোকসকলৰ দৈনন্দিন শ্ৰম অভিজ্ঞতাৰ পৰা প্ৰায়ে অনুপ্ৰাণিত হৈ ‘প্ৰক্ৰিয়ামুখী’ কামৰ বাবে তেওঁ পৰিচিত।[2] তেওঁৰ সৃষ্টি অনুষ্ঠানমূলক সম্পৰ্কৰ পৰা অনুপ্ৰেৰিত পোস্ট-মিনিমেলিজমৰ সৈতে জড়িত। প্ৰকৃতিত চিন্তাশীল কিশোৰীসকলক অঙ্কিত কৰি তৈলচিত্ৰৰ প্ৰাৰম্ভিক কৰ্মসমূহত তেওঁৰ শিক্ষক কে. জি. সুব্ৰমনিয়নৰ প্ৰভাৱ পৰিছিল, আৰু পাছলৈ নলিনী মালানিৰ দ্বাৰা প্ৰভাৱিত হৈ, এক্সপ্ৰেচনিষ্ট ধাৰালৈ ধাবিত হৈছিল, য'ত মধ্যবিত্ত সমাজৰ বিশৃঙ্খলা আৰু উত্তেজনাসমূহ মৃদু ইন্দ্ৰিয়াসক্ততাৰ জৰিয়তে প্ৰকাশ পাইছিল।[3]তেওঁ ২০১৯ চনৰ মাৰিয়া লাছনিগ বঁটা লাভ কৰে ।[4]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]দেউতাকৰ কাৰণে তেওঁ গ্ৰাম্য আৰু চহৰ দুয়োখন অঞ্চলতে বাস কৰিছিল। তেওঁৰ দেউতাকে লোকসংগীতৰ নথিভুক্ত কৰিছিল আৰু লোকবস্তু সংগ্ৰহ কৰিছিল। গৌড়াৰ আৰ্ট স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল বাংগালুৰুৰ কেনত, আৰ এম হাদাপাদে প্ৰতিষ্ঠা কৰা এখন সৰু কলেজত। পিছলৈ তেওঁ অধ্যাপক কে জি সুব্ৰমণ্যৰ অধীনত অধ্যয়ন কৰিবলৈ বৰোদালৈ যায়।[5]
কৰ্ম
[সম্পাদনা কৰক]ভাৰতৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ প্ৰতি সঁহাৰি জনাই গৌড়াই নব্বৈৰ দশকত ইনষ্টলেচন আৰু ভাস্কৰ্য্য শিল্পৰ ক্ষেত্ৰলৈ গতি কৰে। ২০১১ চনত লণ্ডনৰ ইনিভাত তেওঁৰ প্ৰথম একক অনুষ্ঠান আছিল থেৰিন এণ্ড বিছাইডছ।[6] ২০১৪ চনত হুগো বছ বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল।[7] ধূপ আৰু কুমকুমাৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰি তেওঁ ধূপ উদ্যোগৰ শ্ৰম পদ্ধতি আৰু মহিলাৰ প্ৰতি ইয়াৰ ব্যৱহাৰৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আঁকি এপ'কেলিপ্টিক লেণ্ডস্কেপ সৃষ্টি কৰে।[6] তেওঁৰ ৰচনাসমূহে মহিলাসকলৰ অৱস্থাক চিত্ৰিত কৰিছিল যিটো প্ৰায়ে তেওঁলোকৰ কামৰ বোজা, মানসিক বাধা আৰু যৌন উলংঘাৰ দ্বাৰা সংজ্ঞায়িত হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Great Women Artists. প্ৰকাশক London New York: Phaidon Press. 2019-10-02. পৃষ্ঠা. 162. ISBN 978-0-7148-7877-5.
- ↑ "Sheela Gowda". Guggenheim Museum. http://www.guggenheim.org/guggenheim-foundation/collaborations/map/sseasia/artist/sheela-gowda। আহৰণ কৰা হৈছে: 7 March 2015.
- ↑ 3.0 3.1 Dalmia, Yashodhara. Indian Contemporary Art Post Independence. Vadehra Art Gallery, New Delhi.
- ↑ Armstrong, Annie (12 March 2019). "Sheela Gowda Wins 2019 Maria Lassnig Prize". ARTnews.com. http://www.artnews.com/2019/03/12/sheela-gowda-maria-lassnig-prize/.
- ↑ Rastogi & Karode, Akansha & Roobina (2013). Seven Contemporaries. প্ৰকাশক New Delhi: Kiran Nadar Museum of Art. পৃষ্ঠা. 154–167. ISBN 978-81-928037-2-2.
- ↑ 6.0 6.1 Skye Sherwyn (26 January 2011). "Artist of the Week: Sheela Gowda". https://www.theguardian.com/artanddesign/2011/jan/26/artist-of-week-sheela-gowda.
- ↑ "Sheela Gowda" (en-US ভাষাত). www.guggenheim.org. https://www.guggenheim.org/artwork/artist/sheela-gowda। আহৰণ কৰা হৈছে: 2017-10-19.