শুক্ৰাচাৰ্য ৰাভা
শুক্ৰাচাৰ্য ৰাভা | |
|---|---|
| অন্য নাম | বাদুংদ্যুপ্পাৰ প্ৰতিষ্ঠাপক |
| জন্ম | ১০ এপ্ৰিল, ১৯৭৭ |
| উৎসস্থান | অসম, ভাৰত |
| মৃত্যুৰ তাৰিখ | ০৮ জুন, ২০১৮ (৪১ বছৰ) |
| সংগীতৰ ধৰণ | নাট্য শিল্পী |
| পেচা | অভিনয়, পৰিচালনা |
শুক্ৰাচাৰ্য ৰাভা (ইংৰাজী: Sukracharja Rabha) অসমৰ এগৰাকী নাট্যকৰ্মী আৰু ব্যতিক্ৰমী নাট্যমঞ্চ বাদুংদ্যুপ্পাৰ সৃষ্টিকৰ্তা। দেশে-বিদেশে নাট পৰিৱেশনৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰা শুক্ৰাচাৰ্য ৰাভাই ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমীয়ে আগবঢ়োৱা ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা লাভ কৰে।
জন্ম আৰু নাট্য শিক্ষা
[সম্পাদনা কৰক]শুক্ৰাচাৰ্য ৰাভাৰ ১৯৭৭ চনৰ ১০ এপ্ৰিলত গোৱালপাৰা জিলাৰ ৰামপুৰ গাঁৱত জন্ম হয়।[1] ১৯৯২ চনত হাইস্কুলত পঢ়ি থকা কালতে নাট্য পৰিৱশনৰ সৈতে তেওঁ জড়িত হৈ পৰে।[2] নাট্য বিষয়ক কোনো আনুষ্ঠানিক শিক্ষা লাভ নকৰা ৰাভাই ২০০৪ চনৰ পৰা পিছৰ দুবছৰলৈ মণিপুৰৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্য পৰিচালক পদ্মশ্ৰী হেইচনাম কানহাইলাল আৰু এইচ সাৱিত্ৰী[3]ৰ অধীনত নাটকৰ কলা-কৌশলৰ প্ৰশিক্ষণ লৈছিল।[1]
বাদুংদ্যুপ্পা
[সম্পাদনা কৰক]ৰাভাই ১৯৯৮ চনত বাদুংদ্যুপ্পা নামৰ এক নাট্যদলৰ সৃষ্টি কৰে।[2] বাদুংদ্যুপ্পা নামটো ৰাভাসকলৰ এক পৰম্পৰাগত বাদ্যযন্ত্ৰৰ নামেৰে ৰখা হৈছিল।[4] এই নাট্য দলটোৰে তেওঁ ৰাভা, নেপালী আৰু বড়ো ভাষাত মুঠ ১২খন নাট মঞ্চস্থ কৰে। তেওঁ প্ৰতি বছৰে “আণ্ডাৰ দা ছাল ট্ৰী’’ নামৰ নাট্য মহোৎসৱ অনুষ্ঠিত কৰিছিল আৰু ইয়াৰ দ্বাৰাই সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নাট মঞ্চস্থ কৰাৰ এক ব্যতিক্ৰমী ধাৰা সৃষ্টি কৰিছিল।[3] মাটি আৰু উলু খেৰেৰে সজা মঞ্চত মুখৰ সংলাপৰ সলনি শৰীৰৰ অংগ-সঞ্চালনৰে অভিনয় কৰা হয়। কোনো কৃত্ৰিমতাক আলম নকৰাকৈ নাটৰ সাজ-পাৰ আদি থলুৱাভাৱে প্ৰস্তুত কৰা হৈছিল আৰু প্ৰতিগৰাকী শিল্পী নিজেই নাচ আৰু গান পৰিৱেশন কৰিছিল।[4] ৰাভাৰ এই নাট্য দলটোৰ বাদুংদ্যুপ্পা কলাকেন্দ্ৰ নামে গঢ়ি তোলা অনুষ্ঠানটো গোৱালপাৰা-আগিয়াৰ পাহাৰে আৱৰা এক স্থানত ৰাভাই পিতৃৰ পৰা ৫ বিঘা মাটি লৈ প্ৰতিষ্ঠা কৰিছিল।[2] শাল গছেৰে আৱৰা এই ঠাইখনত মুকলি ঠাইতে নাট পৰিৱেশন কৰা হৈছিল। ভাৰতৰ আন কিছমান ঠাইৰ লগতে নেদাৰলেণ্ড, ইংলেণ্ড আদি দেশৰো নাট্য শিল্পীয়ে নাট মহোৎসৱ আৰু নাট-কৰ্মশালাত অংশ গ্ৰহণ কৰিছিল।[2]
তেওঁ কেইখনমান জনপ্ৰিয় নাট- টিখৰ, চাংকৈ, ৰূপালীম, হাতী আৰু ফান্দী, লভিতা, মাইদা মুছি আৰু দাঙাই।[1]
বঁটা সন্মান
[সম্পাদনা কৰক]তেওঁ তলত উল্লেখ কৰা বঁটা, সন্মান আদি লাভ কৰিছিল।[3][4]
- ২০০৯ চনত সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ।
- ২০১০ চনত আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰ।
- ২০১০ চনত প্ৰতিমা বৰুৱা পাণ্ডে বঁটা।
- ২০১২ চনত মহেন্দ্ৰ বৰঠাকুৰ বঁটা।
- ২০১৫ চনত যুগল কিশোৰ চৌধুৰী বঁটা।
- ২০১৬ চনত শ্বেৰ চৌধুৰী সোঁৱৰণী বঁটা।
- ২০১৬ চনত পাটলিপুত্ৰ বঁটা।
মৃত্যু
[সম্পাদনা কৰক]পত্নী, পুত্ৰ আৰু কন্যা এই সংসাৰত এৰি ৮ জুন ২০১৮ চনত তেওঁৰ নিজ গৃহতে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪১ বছৰ।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "বিশিষ্ট নাট্যকাৰ পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ আকস্মিক বিয়োগ". https://assam.nenow.in/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a6%bf%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%a8%e0%a6%be%e0%a6%9f%e0%a7%8d%e0%a6%af%e0%a6%95%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%bf%e0%a6%9a%e0%a6%be%e0%a6%b2%e0%a6%95/। আহৰণ কৰা হৈছে: 14 June 2025.
- ↑ 2.0 2.1 2.2 2.3 মেধি, জিষ্ণু (আগষ্ট ২০১০). "শুক্ৰাচাৰ্য ৰাভা এজন ব্যতিক্ৰমী নাট্যশিল্পী". গৰীয়সী (একাদশ সংখ্যা, সপ্তদশ বছৰ): ১০১.
- ↑ 3.0 3.1 3.2 "বাদুংদ্যুপ্পাৰ ৰূপকাৰ শুক্ৰাচাৰ্য ৰাভাৰ আকস্মিক বিয়োগ". https://www.asomiyapratidin.in/assam/%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A6%82%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%81%E0%A6%AA%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B6। আহৰণ কৰা হৈছে: 14 June 2025.
- ↑ 4.0 4.1 4.2 "মঙলবাৰে শুক্ৰাচাৰ্য ৰাভাৰ তৃতীয়....". https://www.asomiyapratidin.in/assam/badumduppa-gualpara-sukrasajya-rava-news। আহৰণ কৰা হৈছে: 14 June 2025.