সমললৈ যাওক

শুক্ৰিয়া আচিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১০ চনত শুক্ৰিয়া আচিল

শুক্ৰিয়া আচিল (ইংৰাজী: Shukria Asil) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।[1] ২০০৯ চনত শিক্ষা মন্ত্ৰালয়ে তিনিগৰাকী শিক্ষয়িত্ৰীৰ বিষয়ে নেতিবাচক তথ্য প্ৰকাশ কৰিছিল আৰু তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল৷ কিন্তু শুক্ৰিয়া আচিলে তাৰ বিৰুদ্ধে যুঁজ দি মহিলা শিক্ষককেইগৰাকীৰ বৰ্খাস্তকৰণ প্ৰতিহত কৰিবলৈ সক্ষম হয়।[2] ২০১০ চনৰ হিচাপত তেওঁ বাঘলান প্ৰাদেশিক পৰিষদৰ চাৰিগৰাকী মহিলা সদস্যৰ ভিতৰত অন্যতম আছিল আৰু ২০১২ চনলৈকে তেওঁ বাঘলান প্ৰাদেশিক সংস্কৃতি আৰু তথ্য বিভাগৰ মুৰব্বী আছিল।[2][3]

দলবদ্ধ ধৰ্ষণৰ বাবে পৰিয়ালে প্ৰত্যাখ্যান কৰা এগৰাকী ছোৱালীৰ গোচৰতো আচিলে হস্তক্ষেপ কৰিছিল আৰু পৰিয়ালটোক সফলতাৰে পুনৰ একত্ৰিত কৰিছিল; যদিও প্ৰাদেশিক গৱৰ্ণৰে তেওঁক তেনে কৰিবলৈ নিৰুৎসাহিত কৰিছিল।[2] মহিলাৰ অধিকাৰৰ লগত জড়িত তেওঁৰ আন কামসমূহৰ ভিতৰত আছে মহিলাসকলৰ বাবে নেটৱৰ্কিং গ্ৰুপ সৃষ্টি কৰা, মহিলাৰ ড্ৰাইভিং স্কুলৰ প্ৰচাৰ কৰা আৰু কণমানি ছোৱালীৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণ কৰা।[4]

তেওঁৰ নিজৰ কামসমূহৰ বাবে অপহৰণ আৰু মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছে৷ তেওঁ এবাৰ হ'লেও ঠিকনা সলনি কৰিবলগীয়া হৈছে।[4][2]

২০১০ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "2010 International Women of Courage Award". 2014-04-23. http://www.state.gov/s/gwi/programs/iwoc/2010/। আহৰণ কৰা হৈছে: 2022-08-09. 
  2. 2.0 2.1 2.2 2.3 "AWIU » afghanistan shukria asil". archive.ph. 2014-08-27. Archived from the original on 2014-08-27. https://archive.today/20140827173119/http://www.awiu.org/2010/12/22/afghanistan-shukria-asil/। আহৰণ কৰা হৈছে: 2022-08-09. 
  3. "Woman leaders of Baghlan province speak about successes and challenges Afghan women face" (en ভাষাত). UNAMA. 2012-11-01. https://unama.unmissions.org/woman-leaders-baghlan-province-speak-about-successes-and-challenges-afghan-women-face। আহৰণ কৰা হৈছে: 2022-08-09. 
  4. 4.0 4.1 Maher, Heather (11 March 2010). "Afghans, Iranian Honored As 'Women Of Courage'" (en ভাষাত). Radio Free Europe/Radio Liberty. https://www.rferl.org/a/US_Recognizes_Afghans_Iranian_As_Among_International_Women_Of_Courage/1980370.html.