শুভশ্ৰী গাংগুলী
| শুভশ্ৰী গাংগুলী | |
|---|---|
২০১৮ চনত শুভশ্ৰী | |
| জন্ম | ৩ নৱেম্বৰ, ১৯৯০ (৩৫ বছৰ)[1][2] বৰ্ধমান, পশ্চিম বংগ, ভাৰত |
| অন্য নাম | শুভশ্ৰী |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| উল্লেখযোগ্য কৰ্ম |
|
| দাম্পত্যসঙ্গী | ৰাজ চক্ৰৱৰ্তী (বি. ২০১৮) |
| সন্তান | ২ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
শুভশ্ৰী গাংগুলী (বাংলা: শুভশ্ৰী গঙ্গোপাধ্যায়; জন্ম: ৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বাংলা চলচ্চিত্ৰত কাম কৰে। বাংলা চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা আৰু আগশাৰীৰ অভিনেত্ৰী গাংগুলীয়ে ২০০৮ চনত ওড়িয়া কমেডি-ড্ৰামা ছবি মতে তো লভ হেলাৰেৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত পিতৃভূমি (২০০৮) চলচ্চিত্ৰৰে বাংলা চলচ্চিত্ৰত অভিষেক ঘটায়।
চেলেঞ্জ, পৰান জয় জলিয়া ৰে (২০০৯), ৰোমিঅ', খোকাবাবু (২০১২), খোকা ৪২০ (২০১৩), বছ, গেম, আমি শুধু চেয়েচি তোমায় (২০১৪), অভিমান (২০১৬), বছ ২: বেক টু ৰুল (২০১৭), নবাব (২০১৭), চালবাজ (২০১৮)ৰ লগতে পৰিণীতা (২০১৯), ধৰ্মযুদ্ধ, বৌদি কেণ্টিন (২০২২), বাবলী, সন্তান (২০২৪), গ্ৰহপ্ৰৱেশ আৰু ধুমকেতু (২০২৫) আৰু লহ গৌৰাংগেৰ নাম ৰে (২০২৫)।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]শুভশ্ৰী গাংগুলীৰ জন্ম ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বৰ্ধমানত বিণা গাংগুলী আৰু দেবপ্ৰসাদ গাংগুলীৰ ঘৰত হয়।[3] তেওঁৰ মাতৃ বিণা গাংগুলী এগৰাকী গৃহিণী আৰু পিতৃ দেবপ্ৰসাদ গাংগুলী এখন বিদ্যালয়ৰ কৰ্মচাৰী আছিল।[4] তেওঁ বৰ্ধমান পৌৰসভা বালিকা উচ্চ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
২০০৬ চনত দশম শ্ৰেণী সম্পূৰ্ণ কৰাৰ পাছত শুভশ্ৰীয়ে দূৰদৰ্শনৰ ৰিয়েলিটি অনুষ্ঠান ‘আনন্দলোক নায়িকাৰ খোঁজে’ত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগিতাখনৰ বিজয়ী হয়।[5][6]
ইয়াৰ পিছত তেওঁ মডেল হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু ২০০৮ চনত অশোক পতিৰদ্বাৰা পৰিচালিত ওড়িয়া ভাষাৰ চলচ্চিত্ৰ ‘মতে তো লভ হেলাৰেৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তাৰ পিছতেই তেওঁ বঙালী চলচ্চিত্ৰ ‘পিতৃভূমি’ত সহায়ক চৰিত্ৰত অভিনয় কৰি বঙালী চলচ্চিত্ৰত অভিষেক ঘটে।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৬ চনত অভিমান চলচ্চিত্ৰৰ শ্বুটিঙৰ সময়ত শুভশ্ৰী গাংগুলীৰ সৈতে চলচ্চিত্ৰখনৰ পৰিচালক ৰাজ চক্ৰৱৰ্তীৰ সম্পৰ্ক গঢ় লৈ উঠে। ৬ মাৰ্চ ২০১৮ তাৰিখে কলকাতাত তেওঁলোকৰ বাগদান সম্পন্ন হয় আৰু ১১ মে’ তাৰিখে বাওয়ালি ৰাজবাড়ীত তেওঁলোকৰ বিবাহ অনুষ্ঠিত হয়।[8]
১২ ছেপ্টেম্বৰ ২০২০ তাৰিখে শুভশ্ৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে।[9]
৩০ নৱেম্বৰ ২০২৩ তাৰিখে তেওঁলোকৰ ঘৰত এটি কন্যা সন্তান জন্ম হয়।[10]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৬ চনত ‘আনন্দলোক নায়িকাৰ খোঁজে’ প্ৰতিযোগিতাখন জয় কৰাৰ পাছত,[5][6][11][12] শুভশ্ৰী গাংগুলীয়ে ওড়িয়া ভাষাৰ চলচ্চিত্ৰ ‘মতে তো লাভ হেলাৰে’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ বঙালী চলচ্চিত্ৰ ‘পিতৃভূমি’ত সহায়ক ভূমিকাত অভিনয় কৰি বঙালী চলচ্চিত্ৰত প্ৰৱেশ কৰে।[7]
বঙালী চলচ্চিত্ৰ অভিনেতা দেবৰ সৈতে ‘চেলেঞ্জ’, ‘খোকাবাবু’, ‘খোকা ৪২০’, ‘ৰোমিও’, ‘পৰাণ যায় জ্বলিয়া ৰে’ আৰু ‘ধূমকেতু’ আদি চলচ্চিত্ৰত অভিনয় কৰাৰ পাছত শুভশ্ৰী গাংগুলী বিশেষ জনপ্ৰিয়তা লাভ কৰে। ‘খোকা ৪২০’, ‘পৰাণ যায় জ্বলিয়া ৰে’ আৰু ‘ধূমকেতু’ চলচ্চিত্ৰসমূহ সৰ্বকালৰ সৰ্বাধিক ব্যৱসায় কৰা বঙালী চলচ্চিত্ৰসমূহৰ ভিতৰত স্থান পাইছে।
অন্য এজন বঙালী অভিনেতা জিতৰ সৈতে তেওঁৰ জুটি সমানেই সফল হয়। তেওঁলোকে ‘বছ্’, ‘গেম’, ‘অভিমান’ আৰু ‘বছ্ ২: বেক টু ৰুল’ আদি চলচ্চিত্ৰত একেলগে অভিনয় কৰে। ‘বছ্ ২: বেক টু ৰুল’ বাংলা চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম বৃহৎ হিট হিচাপে পৰিগণিত হৈছে আৰু সৰ্বকালৰ সৰ্বাধিক ব্যৱসায় কৰা বঙালী চলচ্চিত্ৰৰ তালিকাত অন্তৰ্ভুক্ত।
তেওঁ শাকিব খানৰ সৈতে ‘নবাব’ আৰু ‘চলবাজ’ চলচ্চিত্ৰত অভিনয় কৰে।
২০১৯ চনত মুক্তি পোৱা ‘পৰিণীতা’ চলচ্চিত্ৰখনে শুভশ্ৰী গাংগুলীৰ কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। ‘মেহুল’ চৰিত্ৰত কৰা তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী শাখাত একাধিক বঁটা লাভ কৰে, যাৰ ভিতৰত ফিল্মফেয়াৰ এৱাৰ্ডছ বাংলা-ত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী (মহিলা) বঁটাও অন্তৰ্ভুক্ত।[13][14]
২০২২ চনত ‘বৌদি কেণ্টিন’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) শাখাত ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰে।[15][16]
২০২৪ চনত ‘বাবলি’ চলচ্চিত্ৰই তেওঁক তৃতীয়টো ফিল্মফেয়াৰ এৱাৰ্ড বাংলা শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান কৰে। সেই বছৰটোত মুক্তি পোৱা তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘সন্তান’-এ তেওঁক শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী (মহিলা) শাখাত ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰায়।
চলচ্চিত্ৰ
[সম্পাদনা কৰক]ওয়েব ধাৰাবাহিক
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | চৰিত্ৰ | প্লাটফৰ্ম | সূত্ৰ |
|---|---|---|---|---|
| ২০২৩ | ইন্দুবালা ভাতেৰ হোটেল | ইন্দুবালা মল্লিক | হইচই |
সঙ্গীত ভিডিও
[সম্পাদনা কৰক]- জয় জয় দুৰ্গা মা (২০১৮)
বঁটা
[সম্পাদনা কৰক]- নায়িকাৰ সন্ধানত, ফেয়াৰ-ইভাৰ আনন্দলোক বিজয়ী
- বাজিমাতৰ বাবে আনন্দলোক বঁটা
- চেলেঞ্জ ছবিখনত অভিনয় কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ২০১০ চনৰ টেলি চিনে বঁটা
- খোকা ৪২০ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে কলাকাৰ বঁটা
- "ফিল্মফেয়াৰ ২০২২"ত বৌডি কেণ্টিন ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Actress Subhashree Ganguly turns a year older; enjoys a cosy celebration". The Times of India. 2022-11-03. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/bengali/actress-subhashree-ganguly-turns-a-year-older-enjoys-a-cosy-celebration/articleshow/95274926.cms.
- ↑ Ananda, A. B. P. (2023-11-03). "জন্মদিন উদ্যাপনেও মিশে ৰইল দ্বিতীয় সন্তানেৰ অপেক্ষা, ৩৩ পূৰ্ণ কৰলেন শুভশ্ৰী" (bn ভাষাত). bengali.abplive.com. https://bengali.abplive.com/entertainment/subhasree-birthday-actress-subhasree-ganguly-shares-her-birthday-bush-photos-on-social-media-know-in-details-1021254। আহৰণ কৰা হৈছে: 2024-06-02.
- ↑ Ganguly, Ruman (1 July 2014). "Subhashree's mum is superstitious about watching her movies". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/did-you-know/Subhashrees-mum-is-superstitious-about-watching-her-movies/articleshow/37575976.cms। আহৰণ কৰা হৈছে: 13 September 2019.
- ↑ Ganguly, Ruman (1 July 2014). "Subhashree's mum is superstitious about watching her movies". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/did-you-know/Subhashrees-mum-is-superstitious-about-watching-her-movies/articleshow/37575976.cms। আহৰণ কৰা হৈছে: 13 September 2019.
- ↑ 5.0 5.1 "Stars in her eyes". The Telegraph (India) (Calcutta, India). 23 November 2006. http://www.telegraphindia.com/1061123/asp/calcutta/story_7038521.asp.
- ↑ 6.0 6.1 "She who dares to bare". The Telegraph (India) (Calcutta, India). 4 August 2008. http://www.telegraphindia.com/1080804/jsp/entertainment/story_9640800.jsp.
- ↑ 7.0 7.1 Roychoudhury, Amrita (11 August 2008). "In demand". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/In-demand/articleshow/3348939.cms.
- ↑ "Everything you want to know about Raj-Subhashree wedding". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/everything-you-want-to-know-about-raj-subhashree-wedding/articleshow/63215521.cms.
- ↑ Nag, Swastik (11 May 2020). "Actress Subhasree Ganguly announces pregnancy on second wedding anniversary". Cinestaan. https://www.cinestaan.com/articles/2020/may/11/25609। আহৰণ কৰা হৈছে: 11 May 2020.
- ↑ "Subhashree Ganguly and Raj Chakraborty welcomed their baby girl, Yaalini". The Times of India. 1 December 2023. https://timesofindia.indiatimes.com/life-style/spotlight/subhashree-ganguly-and-raj-chakraborty-welcomed-their-baby-girl-yaalini/articleshow/105658839.cms.
- ↑ "The rising stars". The Telegraph (কলকাতা, ভাৰত). 21 December 2008. http://www.telegraphindia.com/1081221/jsp/graphiti/story_10277424.jsp.
- ↑ "I do not want to marry anyone from industry: Subhashree". The Times of India. 17 November 2012. https://timesofindia.indiatimes.com/entertainment/regional/bengali/news-interviews/I-dont-want-to-marry-anyone-from-industry-Subhashree/articleshow/17252443.cms.
- ↑ "4th-joy-filmfare-awards-bangla-2020-complete-winners-list". 14 April 2021. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/4th-joy-filmfare-awards-bangla-2020-complete-winners-list/articleshow/81760122.cms.
- ↑ "Filmfare Awards Bangla". 14 April 2021. https://www.filmfare.com/awards/filmfare-awards-bangla-2020/.
- ↑ "WINNERS OF JOY FILMFARE AWARDS BANGLA 2022". 13 March 2023. https://www.filmfare.com/awards/filmfare-awards-bangla-2022/winners.
- ↑ "Joy Filmfare Awards Bangla 2022: Check out the complete winners list here". 11 March 2023. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/joy-filmfare-awards-bangla-2022-check-out-the-complete-winners-list-here/articleshow/98550319.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শুভশ্ৰী গাংগুলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- এক্সত শুভশ্ৰী গাংগুলী