সমললৈ যাওক

শুভাংগী আত্ৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শুভাংগী আত্ৰে

২০১৮ চনত আত্ৰে
জন্ম ১১ এপ্ৰিল, ১৯৮১ (৪৪ বছৰ)
শিক্ষা MBA
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান
জনা যায়
  • কছৌটি জিন্দেগী কে
  • কস্তুৰী
  • দো হংস কা জোড়া
  • ভাবিজী ঘৰপৰা হ্যায়!
দাম্পত্যসঙ্গী পীয়ুষ পোৰী (বি. ২০০৩; বিবি. ২০২৫)
সন্তান

শুভাংগী আত্ৰে (জন্ম ১১ এপ্ৰিল ১৯৮১) এজন ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী।[1] আত্ৰে প্ৰথমবাৰ অভিনয় ক্ষেত্ৰত প্ৰৱেশ কৰে একতা কাপুৰকছৌটি জিন্দেগী কে ধাৰাবাহিকৰ পালচিন্ন বসুৰ ৰূপত।[1] তেওঁ কস্তুৰী (২০০৭–০৯) ধাৰাবাহিকত শীৰ্ষভূমিকাত অভিনয় কৰি ব্যাপক পৰিচিতি লাভ কৰে। তাৰ উপৰি তেওঁ দো হংস কা জোড়া (২০০৯–১০) আৰু ২০১৬ৰপৰা বৰ্তমানলৈ ভাবিজী ঘৰপৰা হ্যায়! -ত আংগুৰী মনমোহন তিৱাৰীৰ ভূমিকাত অভিনয় কৰি বিশেষ খ্যাতি অৰ্জন কৰিছে।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আত্ৰে ১১ এপ্ৰিল ১৯৮১ তাৰিখে জন্মগ্ৰহণ কৰে। তেওঁৰ জন্মস্থান ইন্দৌৰ। তেওঁ MBA ডিগ্ৰী লাভ কৰিছে।[4][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

টিভি উদ্যোগলৈ অহাৰ পূৰ্বে আত্ৰেই এটা ৰিজিওনেল চেম্পুৱ বিজ্ঞাপন ফটোশুট কৰিছিল।[6]

বিবাহৰ পিছত, ২০০৭ চনত একতা কাপুৰে তেওঁক কছৌটি জিন্দেগী কেৰ ভিতৰত এটা ভূমিকা দিয়ে।[7] তাৰ পিছত তেওঁ কস্তুৰী ধাৰাবাহিকত মুখ্য ভূমিকাত অভিনয় কৰে।[8] পিছৰ বছৰত তেওঁক হৱনৰ এটা নিগেটিভ চৰিত্ৰত দেখা যায়।[9]

২০১৩ চনত আত্ৰেই জনপ্ৰিয় ধাৰাৱাহিক চিড়িয়া ঘৰত শিল্পা শিন্দেৰ পৰিৱৰ্তে যোগদান কৰে। তিনি বছৰ পাছত, ২০১৬ চনৰ এপ্ৰিলৰপৰা তেওঁ পুনৰাই শিল্পা শিন্দেৰ পৰিৱৰ্তে ভাবিজী ঘৰপৰা হ্যায়! ধাৰাবাহিকত আংগুৰী মনমোহন তিৱাৰীৰ ভূমিকাত অভিনয় কৰে।[7] সেই বছৰে তেওঁ অধুৰী কাহানী হামাৰীত দেৱসেনাৰ ভূমিকাত অভিনয় কৰে।[10]

শিল্পা শিন্দেই অভিযোগ কৰিছিল যে আত্ৰেই তেওঁৰ অভিনয় শৈলী নকল কৰিছে। এই সন্দৰ্ভত আত্ৰেই কয় যে, তেওঁ "আংগুৰী" চৰিত্ৰৰ চলন-বলন শিকিছিল, শিল্পাক নকল কৰা নাই।[11][12]

আত্ৰেই কয়—

মানুহে মোক কয় যে তেওঁলোকৰ চকু বন্ধ কৰিলে আংগুৰী ভাবী বুলি মোৰ মুখখন মনলৈ আহে, ‘আমাৰ আগৰজন কোন আছিল পাহৰি গৈছো’ — এইটো মোৰ বাবে সৰ্বাধিক প্ৰশংসাৰ শব্দ।

তেওঁ ২০১৬ৰ আগষ্টৰ সাক্ষাৎকাৰত কৈছিল যে, আংগুৰী চৰিত্ৰৰ প্ৰস্তুতিৰ বাবে তেওঁ ৰাবৰি দেৱীৰ সাক্ষাৎকাৰবোৰ চাইছিল।[13]

ভাবিজী ঘৰপৰা হ্যায়! ধাৰাবাহিকত আংগুৰীৰ ভূমিকাত আত্ৰেৰ অভিনয়ে দৰ্শকৰপৰা মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰে।[14] কিন্তু দ্য টাইমছ অৱ ইণ্ডিয়াই তেওঁৰ অভিনয়ক "অসাধাৰণ" বুলি অভিহিত কৰিছে।[15]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আত্ৰে ২০০৩ চনত পীয়ুষ পোৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল,[1][16] তেওঁলোকৰ আশি নামৰ কন্যা সন্তান আছে।[5] ১৯ বছৰ একেলগে বাস কৰাৰ পাছত, ২০২২ চনত তেওঁলোকৰ দাম্পত্য জীৱন পৃথক হয়।[16] ৫ ফেব্ৰুৱাৰী ২০২৫-ত তেওঁলোকে আইনীভাৱে বিবাহবিচ্ছেদ লাভ কৰে।[17]

আত্ৰেৰ পিতৃ PWD বিভাগৰ এখন ইঞ্জিনীয়াৰ আছিল। চাকৰি সূত্ৰে তেওঁলোকে নানা চহৰত বাস কৰিছে। শেহতীয়াকৈ তেওঁৰ পৰিয়াল ইন্দৌৰৰপৰা ভোপাললৈ স্থানান্তৰ হয়। তেওঁৰ পিতৃ ভোপালৰ Kolar Road-ৰ Palace Orchard Phase III-ত থাকে। তেওঁৰ শ্বশুৰ-শ্বাশুৰীয়াই ইন্দৌৰত বাস কৰে।[18]

তেওঁ সংগীত প্ৰেমী[19] আৰু ছলমান খানৰ অনুৰাগী।[20]

তেওঁৰ ধাৰাবাহিক ভাবিজী ঘৰপৰা হ্যায়! ৰ কেচফ্ৰেজ "সহী পোকড়ে হ্যায়" অত্যন্ত জনপ্ৰিয় হয়।[21][22]

যেতিয়া কোনোবাই সঠিক কথা কয়, মই অজানিতে এই বাক্যটো কৈ থওঁ — “সহী পোকড়ে হ্যায়”—ঘৰতে হওক বা বন্ধুৰ মাজতে হওক।

ফিল্মোগ্ৰাফি

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ ভূমিকা টোকা তথ্যসূত্ৰ
২০০৮ ছি কোম্পানী নিজেই বিশেষ ভূমিকা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; HT2019 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. Doshi, Hasti (21 September 2020). "On International Day of Peace, actors urge for unity against COVID". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/on-international-day-of-peace-actors-urge-for-unity-against-covid/articleshow/78234015.cms. 
  3. IANS (20 February ২০১০). "Konkona inspires Shubhangi Atre". Hindustan Times. https://www.hindustantimes.com/tv/konkona-inspires-shubhangi-atre/story-Q1MuAB6kb0MnpcUMP2rEQJ.html. 
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; birthday নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. 5.0 5.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; IndiaWest নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. "TV celebs reveal their first salary". The Times of India. 22 August 2016. https://timesofindia.indiatimes.com/divyanka-tripathi-shubhangi-atre-tv-celebs-reveal-their-first-salary/photostory/53806232.cms। আহৰণ কৰা হৈছে: 13 December 2017. 
  7. 7.0 7.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :0 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Shubhangi's baby blues, Daily News and Analysis, 6 August 2007
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :2 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. "Shilpa Shinde reacts to Shubhangi Atre's portrayal of Angoori". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Shilpa-Shinde-reacts-to-Shubhangi-Atres-portrayal-of-Angoori-Bhabhi/articleshow/52054619.cms. 
  12. "I am copying Angoori, not Shilpa: Shubhangi Atre". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/I-am-copying-Angoori-not-Shilpa-Shubhangi-Atre/articleshow/52209917.cms. 
  13. "Error: no |title= specified when using {{Cite web}}". DNA India. http://www.dnaindia.com/television/interview-shubhangi-atre-aka-angoori-bhabhi-watched-interviews-of-rabri-devi-to-prep-for-bhabhiji-ghar-par-hai-2566576/amp. 
  14. "Error: no |title= specified when using {{Cite web}}". India.com. https://www.india.com/entertainment/bhabi-ji-ghar-par-hai-shubhangi-atre-impresses-as-the-new-angoori-bhabhi-but-shilpa-shinde-is-being-missed-episode-review-1137639/. 
  15. The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/not-quitting-bhabhi-ji-ghar-par-hai-shubhangi-atre/articleshow/61849460.cms. 
  16. 16.0 16.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ET_Mar2023 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Maheshwri, Neha (2 March 2025). "Shubhangi Atre on life after divorce". The Times of India. 
  18. [1]
  19. "Error: no |title= specified when using {{Cite web}}". FreePressJournal.in. http://www.freepressjournal.in/entertainment/world-music-day-2017-from-devoleena-bhattacharjee-to-sara-khan-tv-celebs-sing-praises/1089110. 
  20. "আৰ্কাইভ কপি". PinkVilla.com. Archived from the original on 2022-07-19. https://web.archive.org/web/20220719120318/https://www.pinkvilla.com/tv/news-gossip/shubhangi-atre-poses-salman-khan-sets-bhabhi-ji-ghar-par-hai-394048। আহৰণ কৰা হৈছে: 2025-11-22. 
  21. "Error: no |title= specified when using {{Cite web}}". DNA India. http://www.dnaindia.com/entertainment/report-sunny-leone-refused-to-mouth-a-dialogue-in-bhabhiji-ghar-par-hain-2260017. 
  22. The Hindu. https://www.thehindu.com/entertainment/Happy-being-jobless/article16797496.ece/. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]