সমললৈ যাওক

শুভাংশু শুক্লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শুভাংশু শুক্লা

২০২৪ চনত শুক্লা
ইছৰোৰ মহাকাশচাৰী
জাতীয়তা ভাৰতীয়
জন্ম ১০ অক্টোবৰ, ১৯৮৫ (৪০ বছৰ)
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ
অন্য পেছা
  • মহাকাশচাৰী
  • টেষ্ট পায়লট
শিক্ষানুষ্ঠান * জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (বিজ্ঞানৰ স্নাতক)
    • ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী
  • বায়ুসেনা একাডেমী (ভাৰত)
  • ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান,বাংগালুৰু (মাষ্টাৰ অৱ ইঞ্জিনিয়াৰিং,এম.টেক)
নিৰ্বাচন ১ম ব্যোমানাউট গোট (২০১৯)

গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা (ঘৰুৱা নাম শুক্স (Shux)[1]) (ইংৰাজী: Shubhanshu Shukla )ভাৰতীয় বায়ুসেনাৰ টেষ্ট পাইলট আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ মহাকাশচাৰী। ২০২৫ চনৰ ২৫ জুন তাৰিখে ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ অংশ হিচাপে মহাকাশলৈ উৰা মৰা চাৰিজন মহাকাশচাৰীৰ ভিতৰত তেওঁক অন্যতম হিচাপে গণ্য কৰা হয়। [2][3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা শুভাংশু শুক্লাই আলিগঞ্জৰ চিটি মণ্টেছৰী স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ স্বতন্ত্ৰভাৱে আবেদন কৰি সংঘ লোক সেৱা আয়োগৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হয়। সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০০৫ চনত তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা কম্পিউটাৰ বিজ্ঞানত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত তেওঁ উৰণ শাখাৰ বাবে নিৰ্বাচিত হয় আৰু ভাৰতীয় বায়ু সেনা একাডেমীত প্ৰশিক্ষণ লয়। ২০০৬ চনৰ জুন মাহত তেওঁক ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ ষ্ট্ৰিমত ফ্লাইং বিষয়া হিচাপে নিযুক্তি দিয়া হয়।[4][5][6]

ভাৰতীয় বায়ু সেনাত

[সম্পাদনা কৰক]

তেওঁ এজন কম্বেট লিডাৰ আৰু অভিজ্ঞ পৰীক্ষামূলক পাইলট৷ তেওঁ ছু-৩০ এমকেআই, মিগ-২১, মিগ-২৯, জাগুয়াৰ, হক, ডৰ্নিয়াৰ ২২৮, আৰু এন-৩২কে ধৰি বিভিন্ন বিমানত প্ৰায় ২০০০ ঘণ্টা উৰণৰ অভিজ্ঞতা অৰ্জন কৰিছে।[7][8]

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত

[সম্পাদনা কৰক]

প্ৰশিক্ষণ

[সম্পাদনা কৰক]

ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে ভাৰতীয় বায়ুসেনাৰ অধীনস্থ সংস্থা ইনষ্টিটিউট অৱ এৰোস্পেচ মেডিচিন (IAM)ৰ দ্বাৰা ২০১৯ চনত মহাকাশচাৰী বাছনি প্ৰক্ৰিয়াত শুক্লাক অন্তৰ্ভুক্ত কৰা হৈছিল। পিছত আই এ এম আৰু ইছৰ’ই তেওঁক সৰ্বশেষ চাৰিত (ফাইনেল ফ'ৰ) তালিকাভুক্ত কৰে। ২০২০ চনত তেওঁ য়ুৰি গেগেৰিন মহাকাশচাৰী প্ৰশিক্ষণ কেন্দ্ৰত আন তিনিজন নিৰ্বাচিত মহাকাশচাৰীৰ সৈতে মৌলিক প্ৰশিক্ষণৰ বাবে ৰাছিয়ালৈ যায়। ২০২১ চনত মৌলিক প্ৰশিক্ষণ সম্পূৰ্ণ হয়।তাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহি বাংগালুৰুৰ মহাকাশচাৰী প্ৰশিক্ষণ সুবিধাত প্ৰশিক্ষণ গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ আই আই এছ চি বাংগালুৰুৰ পৰা মহাকাশ অভিযান্ত্ৰিকীত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।[3]

মহাকাশচাৰী দলৰ সদস্য হিচাপে তেওঁৰ নাম প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰীত; যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুৱনন্তপুৰমৰ ইছৰোৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰত ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বাবে মহাকাশচাৰী দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছিল।[3][9]

এক্সিয়ম অভিযান ৪

[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আভিমুখী এক্সিয়ম মিছন ৪ৰ পাইলট হিচাপে শুক্লা নিৰ্বাচিত হৈছে। তেওঁ কমাণ্ডাৰ পেগি হুইটছন আৰু মিছন বিশেষজ্ঞ স্লাৱোছ উজনানস্কি-উইছনিউস্কি আৰু টিবৰ কাপুৰ নেতৃত্বত এটা দলত যোগদান কৰে। ইছৰোৰ সহযোগী মহাকাশচাৰী প্ৰসন্ত নায়াৰক বেক্-আপ ক্ৰু মেম্বাৰ হিচাপে নিযুক্তি দিয়া হৈছে৷ দুয়োজনে হিউষ্টনৰ নাছাৰ জনছন স্পেচ চেণ্টাৰত প্ৰশিক্ষণ লৈছিল।

নাছা, স্পেচএক্স আৰু ইছৰ’ৰ সহযোগত সূচনা হোৱা এই অভিযানৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ উৰণৰ সহযোগিতা শক্তিশালী কৰা। এই অভিযানলৈ যোৱাৰ লগে লগে মহাকাশচাৰী ৰাকেশ শৰ্মাৰ পিছতে আই এছ এছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আৰু কক্ষপথত থকা দ্বিতীয় ভাৰতীয় হিচাপে শুভাংশু শুক্লা পৰিগণিত হৈছে। তেওঁৰ আসনৰ খৰচ প্ৰায় “৬০ মিলিয়ন ডলাৰ” (প্ৰায় ৫০০ কোটি ভাৰতীয় টকা) বুলি অনুমান কৰা হৈছে।[10][11][12][13] এক্সিয়ম-৪ গৱেষণাত আমেৰিকা, ভাৰত, পোলেণ্ড, হাংগেৰী, চৌদি আৰব, ব্ৰাজিল, নাইজেৰিয়া, ইউ এ ই, আৰু সমগ্ৰ ইউৰোপকে ধৰি মুঠ ৩১খন দেশক প্ৰতিনিধিত্ব কৰা প্ৰায় ৬০টা বৈজ্ঞানিক অধ্যয়ন আৰু কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ টী-১১ মহাকাশযানৰ জৰিয়তে মহাকাশলৈ গৈছিল৷ [14]

২০২৫ চনৰ ২৫ জুন তাৰিখে শুভাংশু শুক্লা আৰু সতীৰ্থসকলৰ দলটোৱে ফ্লৰিডাস্থিত নাছাৰ[15] কেনেডি মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণস্থলী ৩৯-এৰ পৰা স্পেক্স-এক্সৰ ফেলকন ৯ ৰকেটযোগে ভাৰতীয় সময় অনুসৰি বুধবাৰে ১২:০১ [14][16]বজাত মহাকাশলৈ উৰা মাৰে৷ উৰা মৰাৰ কিছুমুহূৰ্তৰ পাছতে গ্ৰুপৰ অধিনায়ক শুক্লাই ভাৰতৰ বাবে এটা বাৰ্তা দিয়ে-

নমস্কাৰ! ৪১ বছৰৰ পিছত আমি মহাকাশলৈ প্ৰত্যাৱৰ্তন কৰিছোঁ৷ আৰু এয়া কি এক অদ্ভুত যাত্ৰা! আমি পৃথিৱীৰ চাৰিওকাষে ৭.৫ কিমি প্ৰতিঘণ্টা বেগেৰে গতি কৰি আছোঁ৷ মই মোৰ কান্ধত ত্ৰিৰংগাখন লৈছোঁ যি মোক কৈছে যে মই অকলশৰীয়া নহয়৷ আপোনালোক সকলো মোৰ লগত আছে। এয়া মোৰ আই এছ এছলৈ যাত্ৰাৰ আৰম্ভণি নহয় বৰঞ্চ ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ আৰম্ভণিহে। মই বিচাৰোঁ মোৰ দেশবাসী এই যাত্ৰাৰ অংশ হওক৷ আহক আমি একত্ৰিত হৈ ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচী আৰম্ভ কৰোঁ। জয় হিন্দ! জয় ভাৰত![17]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

শুক্লাৰ বিবাহ পেছাত দন্ত চিকিৎসক ডাঃ কামনা মিশ্ৰৰ সৈতে সম্পন্ন হৈছে৷ দুয়ো স্কুলত সহপাঠী আছিল। দম্পতীটোৰ এজন পুত্ৰ আছে।[18] শুক্লাৰ পিতৃ শম্ভু দয়াল শুক্লা এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া, আনহাতে মাতৃ আশা শুক্লা এগৰাকী গৃহিণী[19] তিনিজন ভাই-ভনীৰ ভিতৰত তেওঁ সবাতোকৈ সৰু৷ তেওঁৰ ডাঙৰ ভগ্নী নিধি এম বি এ ডিগ্ৰীধাৰী আৰু আনগৰাকী জ্যেষ্ঠা ভগ্নী সুশী মিশ্ৰই শিক্ষয়িত্ৰী হিচাপে কাম কৰে।[20]

আজৰি সময়ত শুক্লাই শাৰীৰিক ব্যায়াম কৰে৷ ইয়াৰ লগতে তেওঁ বিজ্ঞান সম্পৰ্কীয় কিতাপ পঢ়ি ভাল পায়। শেহতীয়াকৈ তেওঁৰ ৰাশিফল ​​পঢ়াৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিছে যদিও তেওঁ নিজকে এজন অজ্ঞানবাদী বুলি পৰিচয় দিয়ে।[21][22] শুক্লাৰ মহাকাশ-ফটোগ্ৰাফীতো (Astrophotography)তো ৰাপ আছে৷

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "India’s ‘Shux’ heads to space". The Economic Times. 2025-06-08. https://economictimes.indiatimes.com/news/science/indias-shux-heads-to-space-astronaut-shubhanshu-shukla-calls-axiom-4-mission-larger-than-self/articleshow/121707977.cms. 
  2. Pandey, Geeta (27 February 2024). "Gaganyaan: India names astronauts for maiden space flight". BBC News. https://www.bbc.com/news/world-asia-india-68411095। আহৰণ কৰা হৈছে: 27 February 2024. 
  3. 3.0 3.1 3.2 Kumar, Chethan. "Nair, Prathap, Krishnan and Chauhan listed for Gaganyaan mission". The Timesof India (Bengaluru.: Times Group). https://timesofindia.indiatimes.com/india/nair-prathap-krishnan-and-chauhan-listed-for-gaganyaan-mission/articleshow/108022351.cms. 
  4. "Lucknow lad Shubhanshu Shukla named for Gaganyaan mission". The Times of India. March 18, 2025. https://timesofindia.indiatimes.com/city/lucknow/lucknow-lad-shubhanshu-shukla-named-for-gaganyaan-mission/articleshow/108057887.cms. 
  5. "Biography of Shubhanshu Shukla". Axiom Space. https://www.axiomspace.com/astronaut/shubhanshu-shukla। আহৰণ কৰা হৈছে: 19 March 2025. 
  6. "My journey to space will be the journey of 1.4 billion fellow Indians: Group Captain Shubhanshu Shukla". The Hindu. March 18, 2025. https://www.thehindu.com/sci-tech/science/my-journey-to-space-will-be-the-journey-of-14-billion-fellow-indians-group-captain-shubhanshu-shukla/article69160820.ece. 
  7. Vasudevan Mukunth (3 March 2024). "Gaganyaan astronauts:The chosen four". The Hindu. https://www.thehindu.com/sci-tech/science/gaganyaan-astronauts-the-chosen-four/article67908298.ece। আহৰণ কৰা হৈছে: 8 March 2024. 
  8. "Axiom Space Astronaut: Shubhanshu Shukla" (en ভাষাত). www.axiomspace.com. https://www.axiomspace.com/astronaut/shubhanshu-shukla। আহৰণ কৰা হৈছে: 2025-01-23. 
  9. "Kerala celebrates as local son Prasanth Balakrishnan Nair gears up for Gaganyaan space mission". The Telegraph. ABP (Palakkad). 27 February 2024. https://www.telegraphindia.com/india/kerala-celebrates-as-local-son-prasanth-balakrishnan-nair-gears-up-for-gaganyaan-space-mission/cid/2003321. 
  10. https://www.ndtv.com/india-news/axiom-4-shubhanshu-shukla-axiom-4-indian-astronaut-will-pilot-mission-to-international-space-station-axiom-space-6982303
  11. "Axiom Space's next astronaut mission to the ISS with SpaceX delayed to spring 2025". Space.com. 12 August 2024. https://www.space.com/axiom-space-ax-4-delay-spring-2025. 
  12. "Axiom Space Astronaut Missions are Building Human Experience, Opportunity in LEO". Axiom Spaceaxiomspace.com. 28 February 2024. https://www.axiomspace.com/news/axiomspace-pam-missions। আহৰণ কৰা হৈছে: 15 October 2024. 
  13. "Axiom Space Ax-4 mission". Axiom Space. https://www.axiomspace.com/missions/ax4। আহৰণ কৰা হৈছে: 30 January 2025. 
  14. 14.0 14.1 Pandey,Geeta (25-06-2025). "India sends its first astronaut into space in 41 years". BBC. BBC. https://www.bbc.com/news/articles/cz09lx2gjm4o। আহৰণ কৰা হৈছে: 25 June 2025. 
  15. "Shubhanshu Shukla, Second Indian In Space, Heads To ISS On Axiom-4 Mission". NDTV. NDTV. 25 06 2025. https://www.ndtv.com/india-news/shubhanshu-shukla-heads-to-space-as-falcon-9-with-axiom-4-crew-lifts-off-8755989। আহৰণ কৰা হৈছে: 25 June 2025. 
  16. "Axiom-4 mission with India’s Shubhanshu Shukla, 3 others embarks on 28-hour journey to ISS". The Hindu. The Hindu. 25-06-2025. https://www.thehindu.com/sci-tech/science/axiom-4-shubanshu-shukla-launch-details-updates-june-25/article69734764.ece#goog_rewarded। আহৰণ কৰা হৈছে: 25 June 2025. 
  17. News Desk (25-06-2025). "axiom-4-lifts-off-successfully-shubhanshu-shukla-sends-message-from-space-says-all-of-india-part-of-this-journey-". Times of India. https://timesofindia.indiatimes.com/india/axiom-4-lifts-off-successfully-shubhanshu-shukla-sends-message-from-space-says-all-of-india-part-of-this-journey-watch/articleshow/122064060.cms। আহৰণ কৰা হৈছে: 25 June 2025. 
  18. "From classroom to cosmos: Shubhanshu Shukla’s wife looks back & ahead". The Times of India. 2025-06-09. ISSN 0971-8257. https://timesofindia.indiatimes.com/science/from-classroom-to-cosmos-shubhanshu-shuklas-wife-looks-back-ahead/articleshow/121712846.cms. 
  19. Bajpai, Namita (2025-06-04). "Joy and pride laced with anxiety grip Group Captain Shubhanshu Shukla's family ahead of his space sojourn" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/nation/2025/Jun/04/joy-and-pride-laced-with-anxiety-grip-group-captain-shubhanshu-shuklas-family-ahead-of-his-space-sojourn। আহৰণ কৰা হৈছে: 2025-06-09. 
  20. "Aiming For The Sky: When Shubhanshu Shukla Ran Away From Sister's 'Vidaai'" (en ভাষাত). www.ndtv.com. https://www.ndtv.com/india-news/indias-cosmic-leap-aiming-for-the-sky-when-shubhanshu-shukla-ran-away-from-sisters-vidaai-axiom-4-iss-8625475। আহৰণ কৰা হৈছে: 2025-06-09. 
  21. "Shubhanshu Shukla’s Personal Life". The Times of India. March 18, 2025. https://timesofindia.indiatimes.com/city/lucknow/lucknow-lad-shubhanshu-shukla-named-for-gaganyaan-mission/articleshow/108057887.cms. 
  22. "Shubhanshu Shukla: The First Indian Air Force Officer on Axiom Mission 4". NDTV. March 19, 2025. https://www.ndtv.com/india-news/shubhanshu-shukla-the-first-indian-air-force-officer-on-axiom-mission-4-7600886.