সমললৈ যাওক

শুভেন্দু অধিকাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শুভেন্দু অধিকাৰী

২০২৬ চনত শুভেন্দু অধিকাৰী
পশ্চিম বংগৰ নৱম মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৯ মে ২০২৬
ৰাজ্যপাল আৰ এন ৰবি
পূৰ্বসূৰী মমতা বন্দ্যোপাধ্যায়
পশ্চিম বংগ বিধান সভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ মে ২০২৬
পূৰ্বসূৰী মমতা বন্দ্যোপাধ্যায়
সমষ্টি ভৱনীপুৰ
কাৰ্যকাল
১১ মে ২০১৬  ১৪ মে ২০২৬
পূৰ্বসূৰী ফিৰোজা বিবি
সমষ্টি নন্দিগ্ৰাম
কাৰ্যকাল
১১ মে' ২০০৬  ১৬ মে ২০০৯
পূৰ্বসূৰী শিশিৰ অধিকাৰী
উত্তৰসূৰী দিব্যেন্দু অধিকাৰী
সমষ্টি কণ্ঠী দক্ষিণ
বিৰোধী দলপতি
কাৰ্যকাল
১৩ মে ২০২১  ৯ মে ২০২৬
ৰাজ্যপাল জগদীপ ধানখাড়
লা গণেশান
চি.ভি. আনন্দ বসু
আৰ এন ৰবি
সহকাৰী মিহিৰ গোস্বামী
পূৰ্বসূৰী আব্দুল মান্নান
মৰাপাট নিগমৰ অধ্যক্ষ
কাৰ্যকাল
৩১ ডিচেম্বৰ ২০২০[1]  ২ মাৰ্চ ২০২১[2]
বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণী
পূৰ্বসূৰী অজয় কুমাৰ জল্লী
পৰিৱেশ মন্ত্ৰী
কাৰ্যকাল
২০১৮  ২০২০
মুখ্য মন্ত্ৰী মমতা বন্দ্যোপাধ্যায়
পূৰ্বসূৰী শোভন চেটাৰ্জী
উত্তৰসূৰী মমতা বন্দ্যোপাধ্যায়[3]
পৰিবহণ বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
২৭ মে ২০১৬  ২৭ নৱেম্বৰ ২০২০
মুখ্য মন্ত্ৰী মমতা বন্দ্যোপাধ্যায়
পূৰ্বসূৰী অৰূপ বিশ্বাস
উত্তৰসূৰী ফিৰহাদ হাকিম[3]
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৬ মে' ২০০৯  ১৯ মে' ২০১৬
পূৰ্বসূৰী লক্ষ্মণ চন্দ্ৰ শেঠ
উত্তৰসূৰী দিব্যেন্দু অধিকাৰী
সমষ্টি তামূলক লোক সভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১৫ ডিচেম্বৰ, ১৯৭০ (৫৫ বছৰ)
কোণ্টাই, পশ্চিমবংগ, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (২০২০ চনৰ পৰা)
আন ৰাজনৈতিক
সম্পৰ্ক
* ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯৫–২০০০)
পিতৃ শিশিৰ অধিকাৰী
সম্বন্ধীয় দিব্যেন্দু অধিকাৰী (ভ্ৰাতৃ)
সৌমেন্দু অধিকাৰী (ভ্ৰাতৃ)
শিক্ষানুষ্ঠান ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়[4]কলা শাখাৰ স্নাতকোত্তৰ
জীৱিকা ৰাজনীতিক
স্বাক্ষৰ

শুভেন্দু অধিকাৰী (জন্ম:- ১৫ ডিচেম্বৰ ১৯৭০) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০২৬ চনৰ ৯ মে’ৰ পৰা পশ্চিম বংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। অধিকাৰী ২০২১ চনৰ মে' মাহৰপৰা পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ নেতা আৰু পশ্চিম বংগ শাখাৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অধিকাৰীয়ে ২০১৬ চনৰপৰা ২০২০ চনলৈ পশ্চিম বংগ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰ্যালয়ত কৰ্মৰত হৈছিল। ২০১৬ আৰু ২০২১ চনত নন্দিগ্ৰামৰপৰা বিধানসভাৰ সদস্য (এম এল এ) হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০০৫ চনত তেওঁ দক্ষিণ কণ্টাইৰ বাবে আৰু ২০০৯ আৰু ২০১৪ চনত তামলুকৰপৰা লোকসভাৰ সংসদ সদস্য নিৰ্বাচিত হয়।।[5]

অধিকাৰী ২০১৬ চনৰপৰা ২০২০ চনলৈ পৰিবহণ মন্ত্ৰী, ২০১৮ চনৰপৰা ২০২০ চনলৈ জলসিঞ্চন আৰু জলসম্পদ মন্ত্ৰী হিচাপে পশ্চিম বংগ চৰকাৰত কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰপৰা ২০১৬ চনলৈ তামলুকৰপৰা লোকসভাৰ সদস্য আৰু ২০২০ চনৰপৰা ২০২১ চনলৈ ভাৰতীয় মৰাপাট নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অধিকাৰী ১৯৯৮ চনৰপৰা ২০২০ চনলৈ তৃণমূল কংগ্ৰেছ আৰু ১৯৯৫ চনৰপৰা ১৯৯৮ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মনমোহন সিং চৰকাৰৰ সাংসদ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী শিশিৰ অধিকাৰীৰ পুত্ৰ।[6][7][8][9][10]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭০ চনৰ ১৫ ডিচেম্বৰত পশ্চিমবংগৰ পূৰ্ব মেদিনীপুৰ জিলাৰ কাৰ্কুলীত শিশিৰ অধিকাৰী আৰু গায়ত্ৰী অধিকাৰীৰ ঘৰত বঙালী ৰহী ব্ৰাহ্মণ[11] পৰিয়ালত অধিকাৰীৰ জন্ম হয়। শিশিৰ অধিকাৰী এজন ৰাজনীতিবিদ, আৰু দ্বিতীয় মনমোহন সিং মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী৷ তেওঁ ২০১৯ চনত কান্থী সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।[12][13] শুভেন্দু অধিকাৰী অবিবাহিত।[14]

শুভেন্দুৰ অন্যতম ভাতৃ সৌমেণ্ডু কান্থী পৌৰ নিগমৰ অধ্যক্ষ আছিল, যি এতিয়া ১৮ নং লোকসভাত কান্তী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।[13] ২০১৯ চনত তামলুক সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা দিব্যেন্দু অধিকাৰীও তেওঁৰ ভাতৃ।

অধিকাৰীয়ে ২০১১ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Podder, Debasish (31 December 2020). "জুট কৰ্পোৰেশন অফ ইণ্ডিয়াৰ চেয়াৰম্যান হচ্ছেন শুভেন্দু অধিকাৰী, নতুন বছৰেই নিয়োগ" (bn ভাষাত). Hindustan Times. Archived from the original on 31 December 2020. https://web.archive.org/web/20201231131434/https://bangla.hindustantimes.com/bengal/kolkata/suvendu-adhikari-will-appointed-as-the-chairman-of-jute-corporation-of-india-in-the-new-year-31609419893893.html.
  2. "BJP leader Suvendu Adhikari likely to step down as Chairperson of Jute Corporation of India". ANI News. 2 March 2021. https://www.aninews.in/news/national/general-news/bjp-leader-suvendu-adhikari-likely-to-step-down-as-chairperson-of-jute-corporation-of-india20210302170152/.
  3. 1 2 "CM Banerjee to retain transport portfolio following Suvendu Adhikari's resignation". NDTV. 28 November 2020. https://www.ndtv.com/india-news/mamata-banerjee-to-keep-transport-portfolio-following-suvendu-adhikaris-resignation-2331328.
  4. "Suvendu Adhikar's Affidavit 2026". https://suvidha.eci.gov.in/ac/public/uploads2/acaffidavit/E32/2026/AC/S25/210/S25_10940_3519_202604060137411775462861.pdf.[সংযোগবিহীন উৎস]
  5. "Mamata banerjee challenges Suvendu Adhikari" (en ভাষাত). Hindustan Times. 17 June 2021. https://www.hindustantimes.com/india-news/mamata-banerjee-challenges-suvendu-adhikari-s-nandigram-win-in-calcutta-hc-101623948924307.html.
  6. Bhattacharya, Ravik (23 September 2012). "Had no work, say former TMC ministers in UPA govt". Hindustan Times. https://www.hindustantimes.com/kolkata/had-no-work-say-former-tmc-ministers-in-upa-govt/story-u42OCyo4PuSXfNtPwjP3hO.html.
  7. "Suvendu Adhikari -Profile". Archived from the original on 29 October 2010. https://web.archive.org/web/20101029035522/http://westbengalelectionresult.com/suvendu-adhikari-profilecontact-blogs-news-address/469 আহৰণ কৰা হৈছে: 20 June 2009.
  8. "Election Commission of India". results.eci.gov.in. https://results.eci.gov.in/Result2021/ConstituencywiseS25210.htm?ac=210 আহৰণ কৰা হৈছে: 2 May 2021.
  9. "Nandigram Election Result 2021 LIVE: Nandigram MLA Election Result & Vote Share - Oneindia". OneIndia. Archived from the original on 27 June 2021. https://web.archive.org/web/20210627210242/https://www.oneindia.com/nandigram-assembly-elections-wb-210/ আহৰণ কৰা হৈছে: 29 May 2022.
  10. "Nandigram Assembly Election Results 2021 LIVE - Nandigram Vidhan Sabha Election Results". Times Now. Archived from the original on 12 June 2021. https://web.archive.org/web/20210612225129/https://www.timesnownews.com/elections/nandigram-west-bengal-election-result-2021.
  11. "At Nandigram, Site of Historic Land Movement, a Battle to See Who the 'Real' Brahmin Is" (en ভাষাত). The Wire. https://thewire.in/politics/at-nandigram-site-of-historic-land-movement-a-battle-to-see-who-the-real-brahmin-is আহৰণ কৰা হৈছে: 2026-05-06.
  12. "Adhikari, Shri Suvendu". Lok Sabha. https://sansad.in/ls/members/biographyM/4501 আহৰণ কৰা হৈছে: 23 May 2025.
  13. 1 2 Bhattacharya, Kajari (31 March 2018). "Nandigram: Trinamool's stronghold, one family's stranglehold". Asianet Newsable. https://newsable.asianetnews.com/india/west-bengal-polls-nandigram-subhendu-adhikari.
  14. "ভাইৰা বিয়ে কৰলেও অকৃতদাৰ তিনি, জানুন কেমন শুভেন্দূৰ সংসাৰ" (bn ভাষাত). Aaj Tak বাংলা. 16 December 2020. https://bangla.aajtak.in/elections/west-bengal-assembly-elections/story/former-wb-minister-suvendu-adhikary-explained-why-he-unmarried-255166-2020-12-16.
  15. "Suvendu Adhikar's Affidavit 2026". Election Commission of India. https://suvidha.eci.gov.in/ac/public/uploads2/acaffidavit/E32/2026/AC/S25/210/S25_10940_3519_202604060137411775462861.pdf.[সংযোগবিহীন উৎস]