শুভ্ৰা ঘোষ
সন্মানীয় ন্যায়াধীশ মহোদয়া শুভ্ৰা ঘোষ | |
|---|---|
| কলিকতা উচ্চ ন্যায়ালয়ৰ বিচাৰক | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১৯ নৱেম্বৰ ২০১৮ | |
| মনোনয়নকৰ্তা | ৰঞ্জন গগৈ |
| নিয়োগকৰ্তা | ৰাম নাথ কোৱিন্দ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২৩ এপ্ৰিল, ১৯৬৮ (৫৭ বছৰ) |
| শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
শুভ্ৰা ঘোষ (ইংৰাজী: Suvra Ghosh ; জন্ম: ২৩ এপ্ৰিল ১৯৬৮)পশ্চিমবংগৰ কলিকতা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশ।[1]
ভাৰতত মৃত্যুদণ্ড আৰোপ কৰা গোচৰকে ধৰি কেইবাটাও উল্লেখযোগ্য গোচৰত তেওঁ ৰায়দান কৰিছে৷ তাৰে ভিতৰত কলিকতা উচ্চ ন্যায়ালয়কে জৰিমনা বিহাটো উল্লেখযোগ্য৷ ন্যায়াধীশৰ মতে, অসৎ আচৰণত অভিযুক্ত এজন দণ্ডাধীশক অৱসৰ ল’বলৈ নিৰ্দেশ দিয়া বিচাৰটোত ন্যায়ালয়ে ভুল কৰিছিল।
শিক্ষা
[সম্পাদনা কৰক]ঘোষে কলকাতাত শিক্ষা গ্ৰহণ কৰিছিল, আৰু কলিকতা বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল। ১৯৯১ চনত তেওঁ সংহত কলা আৰু আইন (বি.এ., এল.এল.বি.) ডিগ্ৰী লাভ কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯২ চনত পশ্চিম বংগৰ ন্যায়িক সেৱা পৰীক্ষাৰ জৰিয়তে ন্যায়পালিকাৰ যোগ্যতা অৰ্জন কৰা ঘোষে অসামৰিক ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু পিছত উচ্চ ন্যায়িক সেৱাতো যোগ্যতা অৰ্জন কৰে। তেওঁ পশ্চিম বংগ ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ পঞ্জীয়ক, পশ্চিম বংগ চৰকাৰৰ আইন বিভাগৰ যুটীয়া সম্পাদিকা, দাৰ্জিলিং আৰু কলকাতাৰ জিলা আৰু অধিবেশন ন্যায়াধীশ আছিল। ২০১৮ চনৰ ১৯ নৱেম্বৰত ঘোষক পশ্চিম বংগ ৰাজ্যৰ সৰ্বোচ্চ ন্যায়িক মঞ্চ কলিকতা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০২০ চনৰ ৪ মে’ত তেওঁৰ নিযুক্তি স্থায়ী কৰা হয়।[1][2]
গুৰুত্বপূৰ্ণ বিচাৰ
[সম্পাদনা কৰক]২০১৯ চনৰ জুন মাহত ঘোষ আৰু আন এজন ন্যায়াধীশে চিকিৎসালয়ত থকা ৰোগীৰ পৰিয়ালে চিকিৎসকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত ধৰ্মঘট কৰাৰ পিছত পশ্চিম বংগৰ চিকিৎসকসকলক কৰ্মস্থলীলৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল। ঘোষে ইয়াৰ পৰিৱৰ্তে পশ্চিম বংগ চৰকাৰক ধৰ্মঘট কৰা চিকিৎসকসকলৰ সৈতে আলোচনা কৰি এটা প্ৰস্তাৱত উপনীত হ'বলৈ কয় যিটো সেইসময়ত বহুলভাৱে প্ৰকাশিত মতামত আছিল।[3][4][5][6] একে মাহতে ঘোষে ভাৰতত মাওবাদী বিদ্ৰোহীৰ সৈতে সহযোগিতা কৰাৰ ভুল অভিযোগত অভিযুক্ত তিনিজন ব্যক্তিক দোষমুক্ত কৰে আৰু যিসকলে বিচাৰৰ অপেক্ষাত ১৪ বছৰৰ কাৰাদণ্ড ভুগিছিল৷ তেওঁলোকে কোনো অপৰাধ কৰা বুলি কোনো প্ৰমাণ পোৱা নাই।[7][8]
২০১৯ চনৰ জুলাই মাহত ঘোষ আৰু আন এজন ন্যায়াধীশ সঞ্জীব বেনাৰ্জীয়ে ৰায় দিছিল যে কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰশাসনে এজন ৰে’ল দণ্ডাধীশক নিলম্বন কৰি অৱসৰ ল’বলৈ বাধ্য কৰাবলৈ নিৰ্দেশ দিয়াত ভুল কৰিছিল৷ কাৰণ তেওঁ ৰে’ল পলম হোৱাৰ বাবে ৰে’লৱে বিষয়াসকলক ধমক দি আদেশ দিছিল। প্ৰশাসনৰ ৰায়দান "অসমানুপাতিক" আৰু "আশ্বৰ্যসূচক" বুলি ধৰি লৈ তেওঁলোকে উচ্চ ন্যায়ালয়ৰ প্ৰশাসনক ১ লাখ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে আৰু দণ্ডাধীশক পুনৰ নিযুক্তি দিয়ে। তেওঁলোকৰ এই ৰায়দানে ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছিল, কিয়নো ইয়াৰ জৰিয়তে কলিকতা উচ্চ ন্যায়ালয়ে নিজেই জৰিমনা বিহিব লগা হৈছিল৷[9]
২০২০ চনৰ ছেপ্টেম্বৰ মাহত তেতিয়াৰ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থোট্টাথিল বি ৰাধাকৃষ্ণনে আৰ্থিক জালিয়াতি, দুৰ্নীতি, আৰু পঞ্জী আঁচনিৰ সৈতে জড়িত গোচৰৰ শুনানিৰ বাবে বিশেষ বিচাৰপীঠ গঠন কৰি ন্যায়াধীশ শুভ্ৰা ঘোষ আৰু ন্যায়াধীশ জয়মল্য বাগচীক নিযুক্তি দি এনে সকলো গোচৰৰ শুনানিৰ বাবে নিযুক্তি দিয়ে।[10][11] তেওঁলোকে কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰাৰ আশা কৰা হৈছে, য'ত সাৰদা গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত গোচৰো আছে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Hon'ble Mrs. Justice Rekha Dikshit". Allahabad High Court. http://www.allahabadhighcourt.in/service/judgeDetail.jsp?id=249#:~:text=Date%20of%20Retirement&text=Graduated%20in%20Law%20from%20Agra,Judge%20on%20Nov%2015%2C%202016..
- ↑ "SC Collegium recommends elevation of 5 judicial officers as Judges of Karnataka HC" (en-IN ভাষাত). in.news.yahoo.com. https://in.news.yahoo.com/sc-collegium-recommends-elevation-5-145424195.html। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ Scroll Staff. "Calcutta HC asks state to persuade protesting doctors, refuses to pass interim order on strike" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/927027/calcutta-hc-asks-state-to-persuade-protesting-doctors-refuses-to-pass-interim-order-on-strike। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ "Refusing interim order on doctors' strike, Calcutta HC asks state govt to persuade them to work" (en ভাষাত). The Indian Express. 2019-06-14. https://indianexpress.com/article/india/west-bengal-doctors-strike-calcutta-high-court-5780724/। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ NETWORK, LIVELAW NEWS (2019-06-15). "Reconcile!, Calcutta HC Tells 'Striking' Doctors; Reminds Them About Hippocratic Oath [Read Order"] (en ভাষাত). www.livelaw.in. https://www.livelaw.in/news-updates/calcutta-hc-reminds-doctors-about-hippocratic-oath-145668। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ "Calcutta High Court refuses to pass interim order on Bengal doctors' strike". www.telegraphindia.com. https://www.telegraphindia.com/west-bengal/calcutta-high-court-refuses-to-pass-interim-order-on-bengal-doctors-strike/cid/1692412। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ "Kolkata: Three 'Maoists' Acquitted After Spending 14 Years in Jail". The Wire. https://thewire.in/law/kolkata-three-maoists-acquitted-after-spending-14-years-in-jail। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ Sebastian, Manu (2019-06-26). "Calcutta HC Sets Aside Conviction Of Alleged Maoists For Sedition After 13 Years [Read Judgment"] (en ভাষাত). www.livelaw.in. https://www.livelaw.in/news-updates/calcutta-hc-acquits-maoist-accused-145905। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ Kini, Ashok (2019-07-06). "Calcutta HC Reinstates Magistrate Who Was Compulsorily Retired; Imposes 1 Lakh Costs On Itself [Read Judgment"] (en ভাষাত). www.livelaw.in. https://www.livelaw.in/news-updates/calcutta-hc-reinstates-magistrate-who-was-compulsorily-retired-146145। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ 10.0 10.1 "Calcutta HC forms benches for Ponzi scheme matters, criminal cases involving lawmakers" (en ভাষাত). Hindustan Times. 2020-09-21. https://www.hindustantimes.com/india-news/calcutta-hc-forms-benches-for-ponzi-scheme-matters-criminal-cases-involving-lawmakers/story-BXs3CFLXaW1QzEfA6ZRExM.html। আহৰণ কৰা হৈছে: 2020-11-26.
- ↑ "New benches at Calcutta HC for hearing criminal cases against lawmakers". Outlook India. https://www.outlookindia.com/newsscroll/new-benches-at-calcutta-hc-for-hearing-criminal-cases-against-lawmakers/1939512। আহৰণ কৰা হৈছে: 2020-11-26.