শেষেৰ কবিতা (উপন্যাস)
| শেষেৰ কবিতা | |
|---|---|
![]() | |
| লেখক | ৰবীন্দ্ৰনাথ ঠাকুৰ |
| শিৰোনাম | শেষেৰ কবিতা [1] |
| দেশ | ভাৰত |
| ভাষা | বাংলা |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশ | ১৯২৯ |
শেষেৰ কবিতা (ইংৰাজী: Shesher Kabita) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ৰবীন্দ্ৰনাথৰ চিত্ৰ সৃষ্টি পৰ্যায়ৰ দ্বিতীয়খন উপন্যাস (প্ৰথমখন যোগাযোগ)। ১৯২৭ চনৰ পৰা (১৩৩৪ বঙ্গাব্দৰ ভাদ্ৰ) ১৯২৮ চন(১৩৩৪ বঙ্গাব্দৰ চ'ত)লৈকে এই উপন্যাসখন প্ৰবাসীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
পটভূমি
[সম্পাদনা কৰক]শেষেৰ কবিতা কুৰি শতিকাৰ বংগৰ নৱ শিক্ষিত অভিজাত সমাজৰ জীৱন কাহিনী। ব্যক্তিগত মানৱীয় মূল্যবোধৰ উপাদানসমূহ যদি কেৱল হৃদয়ৰ পৰাই আহে - যাৰ উন্নতি আৰু উজ্জ্বলতা শিক্ষাৰ মহান পৰিশোধনত আছে, তেন্তে ইয়াৰ এটা চৰিত্ৰও আছে। বাস্তৱ চিনাকি বাহ্যিক অভিজ্ঞতাৰ জগতখনৰ পৰা ই সম্পূৰ্ণ অন্তৰ্মুখী। এই নতুন চেতনাৰ অদ্ভুত আৱিষ্কাৰ এই উপন্যাসখন লিখাৰ সময়ৰ আশে-পাশে কৰা হৈছিল। ৰবীন্দ্ৰনাথ অঙ্কিত এই পৰ্বেৰ দুই এটা মুখাৱয়ৱত কল্পনাৰ প্ৰাধান্য লক্ষণীয়।[2]
লিখা আৰু প্ৰকাশিত দিশৰ পৰা শেষেৰ কবিতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ দশম উপন্যাস। ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯২৮ চনত বাংগালুৰুত নিজৰ স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে থকাৰ সময়ছোৱাত এই উপন্যাসখন লিখিছিল। শেষেৰ কবিতা প্ৰথম প্ৰকাশ হৈছিল প্ৰবাসীত ধাৰাবাহিৰভাৱে ভাদ মাহৰ পৰা চ'তমাহলৈকে। বহুতে ইয়াক কবিতাৰ কিতাপ বুলি ভুল কৰে। আচলতে এইখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ অন্যতম ৰোমাণ্টিক উপন্যাস।[3]
বিষয়বস্তু
[সম্পাদনা কৰক]প্ৰবাসী বেৰিষ্টাৰ অমিত ৰয় (‘অমিট্ ৰে’) এজন প্ৰখৰ মেধাৱী আৰু ৰোমাণ্টিক যুৱক। তৰ্কত প্ৰতিপক্ষক পৰাস্ত কৰাত সিদ্ধহস্ত। এই অমিত এবাৰ শ্বিলঙলৈ ফুৰিবলৈ গৈছিল। আৰু তাতেই এক মটৰ দুৰ্ঘটনাত লাৱণ্যৰ সৈতে পৰিচয় ঘটিল। যাৰ ফলত প্ৰেমৰ সৃষ্টি হ’ল। কিন্তু অতি সোনকালেই বাস্তৱবাদী লাৱণ্যই উপলব্ধি কৰিলে যে অমিত এজন ৰোমাণ্টিক জগতৰ মানুহ যাৰ লগত দৈনন্দিন জীৱনৰ পাৰিবাৰিক হিচাপ-নিকাচবোৰ চলাব নোৱাৰি। ইফালে শ্বিলঙত আহি উপস্থিত হয় কেটি (কেতকী)। হাতত থকা আঙুঠিটো দেখুৱাই অমিতক তেওঁৰ বুলি দাবী কৰে। লাৱণ্য-অমিতৰ বিয়া ভাগি যায়। শেষত অমিতে স্বীকাৰ কৰে যে লাৱণ্যৰ প্ৰতি তেওঁৰ প্ৰেম পুখুৰীৰ পানীৰ দৰে, সেই পানী ঘৰলৈ আনিবলৈ নহয়, কিন্তু সেই পানীত তেওঁৰ মন সাঁতুৰিবলৈ। আৰু কেতকীৰ সৈতে সম্পৰ্ক কলহত তোলা পানী- প্ৰতিদিনে তুলিব, প্ৰতিদিনে ব্যৱহাৰ কৰিব।
চৰিত্ৰ
[সম্পাদনা কৰক]- "অমিত ৰায়:" শেষেৰ কবিতাৰ মূল চৰিত্ৰ অমিত ৰায়। অমিতৰ মাজত যিটো প্ৰবল সেয়া হ'ল বাকচতুৰতা। সেইটোৱেই তেওঁৰ ছদ্মৱেশ। তেওঁ কবিও নহয়, শিল্পীও নহয়, আত্মপ্ৰতিষ্ঠাৰ বাবেই এই মুখা পিন্ধিব লগা হৈছে। 'ৰবিবাৰ' গল্পৰ অভীক আৰু 'প্ৰগতি সংহাৰ' গল্পৰ নীহাৰৰ সৈতে অমিতৰ স্বভাৱৰ এটা মিল আছে।
- কেটি: অমিতৰ সহচৰ কেটি অৰ্থাৎ কেতকী। আৰ্বানিটিৰ আড়ষ্ট কৃত্ৰিমতা লৈয়ো তাই একেবাৰে ভিন্ন ধৰণৰ। তাইৰ মুখত এক শ্ৰেণীজ্ঞাপক মুখাৰ লক্ষণ বিৰাজমান।
- অবনীশ দত্ত, লাৱণ্য, শোভনলাল, যতিশঙ্কৰসহ যথাৰ্থ আভিজাত্যৰ পৰিচয়টো সম্পূৰ্ণ হৈছে বিদ্যাপৰিমাৰ্জিত অন্তৰ্জিজ্ঞাসু প্ৰৱণতাত।
- কেৱল যোগমায়া এই দুটা শ্ৰেণীৰ পৰা সম্পূৰ্ণ পৃথক, তেওঁ ঊনবিংশ শতিকাৰ জীৱন পৰম্পৰাৰ নিশ্চিত পথ-প্ৰদৰ্শক।
কাব্য সৌন্দৰ্য
[সম্পাদনা কৰক]ৰবীন্দ্ৰনাথৰ শেষজীৱনৰ ছবি অঁকাৰ কালত কথাসাহিত্যত চিত্ৰধৰ্মী কিছুমান নতনত্ব দেখা গৈছিল। কলমৰ চুটি আঁচোৰেৰে বাক্যক চকু কপালত তুলিব পৰাটো নিশ্চিতভাৱে এক বিশেষ প্ৰৱণতা আৰু দক্ষতা।
- " অমিতে কয়, ফেশ্বন হ'ল মুখা, ষ্টাইল মুখশ্ৰী। তেওঁৰ মতে, যিসকল সাহিত্যৰ উমৰাও গোটৰ অন্তৰ্গত, যিসকলে নিজকে মনত ৰাখি চলে, ষ্টাইল তেওঁলোকৰে। আৰু যিসকল আমোলাতান্ত্ৰিক গোটৰ, দহজনক সন্তুষ্ট কৰা যাৰ ব্যৱসায়, ফেশ্বন তেওঁলোকৰে। হৈছে মন ৰখা। ... পৰ্দা ফেশ্বনৰ বাবে, বেনাৰসী ষ্টাইলৰ বাবে - বিশেষৰ মুখ বিশেষ ৰঙৰ বিশেষ ছাঁত দেখুওৱাবৰ বাবে।"
- " কমল-হীৰাৰ পাথৰটোক কয় হয় বিদ্যা আৰু তাৰ পৰা যি পোহৰ বিচ্চুৰিত হয় তাক কোৱা হয় সংস্কৃতি। পাথৰৰ ওজন আছে আৰু পোহৰৰ আছে দীপ্তি।"
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ shesher kabita
- ↑ চিত্ৰসৃষ্টি পৰ্বেৰ উপন্যাস 'শেষেৰ কবিতা'- অগ্নিমিত্ৰ ঘোষ, ৰবীন্দ্ৰ-সংখ্যা, পশ্চিমবঙ্গ,১৯৯৫।
- ↑ "ৰবি ঠাকুৰেৰ শেষেৰ কবিতা- একটি অসমাপ্ত ভালোবাসাৰ গল্প" (en ভাষাত). 2019-08-07. https://www.priyo.com/articles/%E0%A6%B0%E0%A6%AC%E0%A6%BF-%E0%A6%A0%E0%A6%BE%E0%A6%95%E0%A7%81%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%B6%E0%A7%87%E0%A6%B7%E0%A7%87%E0%A6%B0-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%8F%E0%A6%95%E0%A6%9F%E0%A6%BF-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A6%B2%E0%A7%8B%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A6%BE%E0%A6%B0-%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA.
