শেহানী কহন্দৱালা
| শেহানী কহন্দৱালা ෂෙහානි කහඳවල | |
|---|---|
| জন্ম | ২৪ ফেব্ৰুৱাৰী, ১৯৯৫ (৩১ বছৰ) কলম্বো, শ্ৰীলংকা |
| পেচা | অভিনেত্ৰী, মডেল, গায়িকা, টিভি ঘোষিকা |
| সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
| উচ্চতা | ৫ ফুট |
শেহানী কহন্দৱালা (ইংৰাজী: Shehani Kahandawala; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৯৫) এগৰাকী শ্ৰীলংকান টেলিভিছন অভিনেত্ৰীৰ লগতে এগৰাকী টেলিভিছন ঘোষিকা, গায়িকা আৰু মডেল।[1] শিশু টেলিভিছন ঘোষিকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰা শেহানীয়ে পৰৱৰ্তী সময়ত সুজাতা, সন্দা পিনি ৱাচ্ছা আৰু চিহিনী আদি ধাৰাবাহিকৰ জৰিয়তে টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰে।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৯৫ চনৰ ২৪ ফেব্ৰুৱাৰীত কলম্বোত পৰিয়ালটোৰ একমাত্ৰ সন্তান হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বসন্ত কহন্দৱালা আৰু মাতৃ থামৰা পেৰেৰা এগৰাকী গৃহিনী। বিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ কেতিয়াও কোনো নাটক বা সংগীতৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাছিল।[3] অৱশ্যে বিদ্যালয়ত তেওঁ উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সংগীতক এটা বিষয় হিচাপে অধ্যয়ন কৰিছিল। তেওঁৰ দেউতাক আৰু আইতাকো সংগীতত পাৰ্গত আছিল।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৩ চনত শেহানীয়ে 'টিভি দেৰানা'ত এগৰাকী ফ্ৰীলান্স টেলিভিছন ঘোষিকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু শিশু অনুষ্ঠান ট্ৰিম ট্ৰিম পৰিচালনা কৰে।[5] একে সময়ছোৱাতে তেওঁ শশিকা নিচানচালাই গোৱা অবা মা হামুৱুনা দা মিউজিক ভিডিঅ’টোত অভিনয় কৰিছিল। এই গীতটোৰ জৰিয়তে তেওঁ জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে আৰু পৰৱৰ্তী বছৰবোৰত বহুতো মিউজিক ভিডিঅ’ত অভিনয় কৰে। একে বছৰতে চামাৰা জনাৰাজ পেৰিছৰ নিৰ্দেশনাত নিৰ্মিত টেলিভিছন ধাৰাবাহিক এচিডৰ জৰিয়তে তেওঁ টেলিভিছনত অভিষেক ঘটায় আৰু "সেনুৰী" চৰিত্ৰত অভিনয় কৰে।[6]
২০১৫ চনত তেওঁক সুজাতা নামৰ ধাৰাবাহিকখনত নেহাৰা পেৰিছৰ সলনি নাম চৰিত্ৰত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। ধাৰাবাহিকখনত তেওঁৰ "সুজাতা" চৰিত্ৰটোৱে বিপুল জনপ্ৰিয়তা লাভ কৰে আৰু ই তেওঁৰ অভিনয় জীৱনৰ মোৰ সলাই দিয়ে।[3] ২০১৬ চনত তেওঁ বৰ্ণ ধাৰাবাহিকত অভিনয় কৰে। ২০১৭ চনত তেওঁ সন্দা পিনি ৱাচ্ছা ধাৰাবাহিকত "মাধৱী" চৰিত্ৰত অভিনয় কৰে। একে বছৰতে তেওঁ হিৰু টিভিত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ হিৰু ছুপাৰ হিৰোৰ ঘোষিকা হিচাপে কাম কৰে। ইয়াৰ পিছত তেওঁ কৌতুক ধাৰাবাহিক মল হাথাইত "আশাৱাৰী" চৰিত্ৰত অভিনয় কৰে।
২০১৮ চনত তেওঁ ৰিয়েলিটি শ্ব’ হিৰু মেগা ষ্টাৰ্ছৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰে। একে বছৰতে তেওঁ নেবাৰায়া আৰু পেকেজ নামৰ দুখন টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে। ইতিমধ্যে ২০১৯ চনত তেওঁ শ্ৰীলংকাৰ বাবে অফিচিয়েল 'লাক্স' এম্বেচেডৰ হয় আৰু যুক্তৰাজ্যত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰে। একে বছৰতে তেওঁ বলীউডৰ গায়ক ৰাজদীপ চেটাৰ্জীৰ এটা হিন্দী গীত "আনজানা"ত অভিনয় কৰাৰ সুযোগ পায়।[7]
২০২০ চনত তেওঁ চিহিনী নামৰ ধাৰাবাহিকখনত নাম চৰিত্ৰত অভিনয় কৰে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "I was a lover, but not now - popular actress Shehani Kahandawala". saaravita. http://saaravita.lkෙම්වතියක්-වෙලා-හිටියා। আহৰণ কৰা হৈছে: 2020-12-06.[সংযোগবিহীন উৎস]
- ↑ "Likes to do any character". Dinamina. Archived from the original on 2018-01-19. https://web.archive.org/web/20180119161837/http://dinamina.lk/2018/01/15/%E0%B7%80%E0%B7%92%E0%B7%81%E0%B7%9A%E0%B7%82%E0%B7%8F%E0%B6%82%E0%B6%9C/47422/%E0%B6%95%E0%B6%B1%E0%B7%90%E0%B6%B8-%E0%B6%A0%E0%B6%BB%E0%B7%92%E0%B6%AD%E0%B6%BA%E0%B6%9A%E0%B7%8A-%E0%B6%9A%E0%B6%BB%E0%B6%B1%E0%B7%8A%E0%B6%B1-%E0%B6%9A%E0%B7%90%E0%B6%B8%E0%B7%90%E0%B6%AD%E0%B7%92%E0%B6%BA%E0%B7%92। আহৰণ কৰা হৈছে: 2020-12-06.
- 1 2 "Shehani Kahandawala: Focusing on acting and singing". Daily Mirror. https://www.pressreader.com/sri-lanka/daily-mirror-sri-lanka/20190729/283003991409369। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "When you have a relationship, you are more likely to be single - Shehani Kahandawala". Sarasaviya. http://www.sarasaviya.lk/interviews/2018/11/13/715/බැඳීම්-ඇති-කරගත්තාම-කරදර-වැඩි-නිසා-තනිකඩව-ඉන්නවා। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "Likes bad characters - Shehani Kahandawala". gossiplankahotnews. http://papper.gossiplankahotnews.com/2016/03/shehani-kahandawala.html?m=0। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "Sujatha's story". Divaina. https://www.divaina.com/2015/11/22/meewitha13.html। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "Shehani For a Bollywood video". Sarasaviya. http://www.sarasaviya.lk/interviews/2019/09/05/8788/ෂෙහානි। আহৰণ কৰা হৈছে: 2020-12-06.
- ↑ "Shehani walks back to television". Divaina. https://www.divaina.com/sunday/index.php/mee/33-atambula-9/13277-2020-02-07-11-49-59। আহৰণ কৰা হৈছে: 2020-12-07.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শেহানী কহন্দৱালা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Official YouTube page