সমললৈ যাওক

শৈলবালা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৈলবালা দাস
শৈলবালা দাস
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
৩ এপ্ৰিল ১৯৫২ – ২ এপ্ৰিল ১৯৫৪
সমষ্টি উৰিষ্যা
ব্যক্তিগত তথ্য
জন্ম
শৈল বালা হাজৰা

২৫ মাৰ্চ, ১৮৭৫[1]
কলিকতা
মৃত্যু ২৯ এপ্ৰিল, ১৯৬৮ (৯৩ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
শিক্ষানুষ্ঠান বেথুন কলেজ, মেৰিআ গ্ৰেই প্ৰশিক্ষণ মহাবিদ্যালয়[2]
জীৱিকা শিক্ষাবিদ, সমাজকৰ্মী, ৰাজনীতিক

শৈলবালা দাস (ইংৰাজী: Sailabala Das, ২৫ মাৰ্চ ১৮৭৫ – ২৯ এপ্ৰিল ১৯৬৮) এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। ওড়িশাৰ পৰা ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা তেওঁ প্ৰথমগৰাকী মহিলা।[3]

১৮৭৫ চনৰ ২৫ মাৰ্চত মধুসুদন দাসৰ ভৱানীপুৰৰ (কলকাতা) ঘৰত অম্বিকা চৰণ হাজৰা আৰু প্ৰসন্নময়ীৰ জ্যেষ্ঠ সন্তান শৈলবালা দাসৰ জন্ম হয়। তেওঁৰ পাঁচগৰাকী ভাই-ভনী আছিল। মাকৰ মৃত্যুৰ পিছত তেওঁক মধুসুদন দাসে দত্তক লৈছিল। ১৯০৩ চনত তেওঁ উৎকল যুৱক সংস্থা গঠন কৰে আৰু উৎকল যুৱ মহিলা সন্থা পৰিচালনা কৰে। ওড়িশাৰ প্ৰথমখন মহিলা মহাবিদ্যালয় নিৰ্মাণত তেওঁৰ সহযোগিতা আছিল৷ মূল ভৱনটো তেওঁৰ দ্বাৰা উপহাৰ দিয়া হৈছিল। তেওঁ হাইস্কুলৰ শিক্ষক হ'বলৈ বিধৱাসকলক প্ৰশিক্ষণ দিবলৈ এখন হিন্দু বিধৱা প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ কৰে। ৰাজনৈতিক মঞ্চত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ কেইবাটাও শাখা আৰম্ভ কৰিছিল। ১৯৪১ চনত তেওঁ মহিলাৰ সমাজ কল্যাণৰ বাবে উৰিষ্যা নাৰী সেবা সংঘ প্ৰতিষ্ঠা কৰে। তেওঁৰ নেতৃত্বত ইণ্ডিয়ান নেচনেল কাউন্সিল ফৰ ৱমেনে কটকত দ্বিবাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰে।

বিহাৰলৈও প্ৰসাৰ ঘটাই তেওঁ পাটনাৰ প্ৰথমগৰাকী কাৰাগাৰৰ কোঠাৰ পৰিদৰ্শক, প্ৰিন্স অৱ ৱেলছ মেডিকেল কলেজৰ পৰিচালনা সমিতিত যোগদান কৰা প্ৰথমগৰাকী মহিলা আৰু পাটনা বিশ্ববিদ্যালয়ৰ ছিণ্ডিকেট সদস্য হয়। শৈলবালা দাস ভাৰতৰ প্ৰথমগৰাকী মহিলা সন্মানীয় দণ্ডাধীশ হিচাপে পৰিগণিত হয়৷ তেওঁ বছৰি ৬০০ৰো অধিক গোচৰৰ বিচাৰ কৰে।[4]

শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে উৰিষ্যা আৰু বিহাৰৰ শেষৰজন লেফটেনেণ্ট গৱৰ্ণৰ ছাৰ এডৱাৰ্ড এলবাৰ্ট গেইটে তেওঁক কাইজাৰ-ই-হিন্দৰ সোণৰ পদক প্ৰদান কৰিব বিচাৰিছিল যদিও তেওঁ সেই পদক নাকচ কৰিছিল।[5]

শৈলবালা মহিলা মহাবিদ্যালয়, কটক তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/d.pdf সাঁচ:Bare URL PDF
  2. Karlekar, Malavika. "A VOYAGE OUT – How Sailabala Das discovers that the Red Sea is not red". The Telegraph. http://www.telegraphindia.com/1090809/jsp/opinion/story_11332838.jsp। আহৰণ কৰা হৈছে: 25 October 2014. 
  3. Sachidananda Mohanty (2005). Early Women's Writings in Orissa, 1898–1950: A Lost Tradition. SAGE Publications. পৃষ্ঠা. 45–. ISBN 978-0-7619-3308-3. https://books.google.com/books?id=WAicQsB1jkgC&pg=PA45. 
  4. Pattanayak, Saswat (14 March 2012). "Sailabala Das: The Dissent". Ink Publications. http://kindlemag.in/sailabala-das-the-dissent/। আহৰণ কৰা হৈছে: 25 October 2014. 
  5. Sachidananda Mohanty (1 January 2006). Literature and Social Reform in Colonial Orissa: The Legacy of Sailabala Das (1875–1968). Sahitya Akademi. পৃষ্ঠা. 9–. ISBN 978-81-260-2298-4. https://books.google.com/books?id=zAsTQCTCoZMC&pg=PR9. 
  6. "SB women's college Centenary Celebration begins in the presence of Vice President Hamid Ansari". Discover Odisha. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304090025/http://discoverodisha.in/news/10/Event। আহৰণ কৰা হৈছে: 25 October 2014.