সমললৈ যাওক

শোভনা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শোভনা শৰ্মা
জন্ম ০৫ ফেব্ৰুৱাৰী, ১৯৫৩ (৭২ বছৰ)
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জীৱবিজ্ঞান
কৰ্মস্থান টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ
শিক্ষানুষ্ঠান মিৰাণ্ডা হাউচ, দিল্লী বিশ্ববিদ্যালয়
জনা যায় মেলেৰিয়াৰ গৱেষণা

শোভনা শৰ্মা (ইংৰাজী: Shobhona Sharma; জন্ম ৫ ফেব্ৰুৱাৰী ১৯৫৩) মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ ইমিউন’লজী, আণৱিক জীৱবিজ্ঞান, আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ অধ্যাপিকা। তেওঁ জৈৱবিজ্ঞান বিভাগৰ অধ্যক্ষও। [1][2] তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল'।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শোভোনা শৰ্মা (জন্ম বেনাৰ্জী)ৰ জন্ম হৈছিল কলিকতাৰ বাঙালী পিতৃ-মাতৃৰ ঘৰত। তেওঁ নতুন দিল্লীৰ লেডী ইৰউইন স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ দিল্লীৰ মিৰাণ্ডা হাউচত ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৭৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ ডক্টৰেট প্ৰগ্ৰেমত যোগদান কৰিছিল। তেওঁ আণৱিক জীৱবিজ্ঞানক নিজৰ বিশেষ বিষয় হিচাপে বাছি লৈছিল। এই সময়ছোৱাত শৰ্মাই চলিড-ষ্টেট ইলেক্ট্ৰনিকছৰ এগৰাকী সহযোগী ডক্টৰেট ছাত্ৰক লগ পায় আৰু পৰৱৰ্তী সময়ত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।

কেৰিয়াৰ

[সম্পাদনা কৰক]

পিএইচ.ডি. সম্পূৰ্ণ কৰাৰ পিছত শৰ্মাই নিউয়ৰ্ক ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰত মেলেৰিয়া সম্পৰ্কীয় বিষয়ত প'ষ্ট ডক্টৰেল ফেল' হিচাপে আগুৱাই যায়। কিছু দিনৰ পাছত নৰ্থ কেৰ’লিনাৰ ৰিচাৰ্চ ট্ৰাইএংগল পাৰ্কত স্বামীয়ে চাকৰি কৰি থকাৰ বাবেই শৰ্মাই স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত ল’লে আৰু উপদেষ্টাৰ সহায়ত ড্যুক ইউনিভাৰ্চিটিত গৱেষণাৰ পদ এটা পালে। কন্যা সন্তানৰ জন্মৰ পাছত শৰ্মা আৰু তেওঁৰ স্বামী ভাৰতলৈ ঘূৰি আহিছিল, তেওঁ টি. আই. এফ. আৰ.-ত যোগদান কৰিছিল আৰু তেওঁৰ স্বামীয়ে‍ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি, বোম্বাইত যোগদান কৰে।[3] ২০০৩ চনত শৰ্মা ভাৰতীয় বিজ্ঞান একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হয় আৰু ২০১৪ চনত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Shobhona Sharma". Tata Institute of Fundamental Research. http://www.tifr.res.in/~dbs/faculty/S_Sharma.html। আহৰণ কৰা হৈছে: 9 September 2015. 
  2. 2.0 2.1 "Academy News". Proceedings of the Indian National Science Academy (Indian National Science Academy) খণ্ড 80 (5): 1119–1138. doi:10.16943/ptinsa/2014/v80i5/47978. ISSN 0370-0046. http://www.insa.nic.in/writereaddata/UpLoadedFiles/PINSA/Vol80_2014_5_Art17.pdf. 
  3. Hargittai, Magdolna (2015). "Shobhona Sharma". Women Scientists: Reflections, Challenges, and Breaking Boundaries. Oxford University Press. পৃষ্ঠা. 236–8. ISBN 9780199359981. OCLC 884500448.