সমললৈ যাওক

শোভা নাইডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শোভা নাইডু
জন্ম ১৯৫৬
আনকাপল, অন্ধ্ৰপ্ৰদেশ, ভাৰত
মৃত্যু ১৪ অক্টোবৰ, ২০২০ (৬৪ বছৰ)
হায়দৰাবাদ, তেলংগানা, ভাৰত
পেচা শাস্ত্ৰীয় নৃত্যশিল্পী
জনা যায় কুচিপুড়ি
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (২০০১), সংগীত নাটক অকাডেমী বঁটা (১৯৯১)
ৱেবছাইট
sobhanaidu.org

শোভা নাইডু (ইংৰাজী: : Sobha Naidu; ১৯৫৬ – ১৪ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কুচিপুডী নৃত্যশিল্পী, শিক্ষয়িত্ৰী, আৰু নৃত্য পৰিচালিকা আছিল। বিখ্যাত কুচিপুডী মাষ্ট্ৰো ভেম্পতী চিন্না সত্যমৰ শিষ্য, তেওঁ এই শিল্পৰ অন্যতম আগশাৰীৰ অনুশীলনকাৰী হৈ পৰিছিল।[1] পৰম্পৰাগত নৃত্য নাটকত সত্যভামাৰ চৰিত্ৰৰ বাবে পৰিচিত তেওঁ হায়দৰাবাদৰ শ্ৰীনিবাস কুচিপুডী আৰ্ট একাডেমীৰ অধ্যক্ষা আছিল। কৰ্মজীৱনৰ সময়ছোৱাত শোভা নাইডুৱে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছিল আৰু অসংখ্য নৃত্য-নাটকৰ নৃত্য পৰিচালনা কৰিছিল। শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে শোভা নাইডুক ২০০১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ১৯৯১ চনত সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰে।[2]

প্ৰাথমক জীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনত ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ অনাকাপলেত জন্মগ্ৰহণ কৰিছিল শোভা নাইডুৰ।[2][3] তেওঁৰ পিতৃ কে ভি নাইডুৱে প্ৰথমতে তেওঁৰ নৃত্যৰ প্ৰতি প্ৰশিক্ষণ লোৱাত বিৰোধিতা কৰিছিল, তেওঁক ডাক্তৰ হোৱাটো বিচাৰিছিল। অৱশ্যে মাতৃ সৰোজিনী দেৱীয়ে এই শিল্পৰ প্ৰতি থকা আকৰ্ষণক সমৰ্থন কৰিছিল। মাদ্ৰাজ (বৰ্তমান চেন্নাই)ৰ বিখ্যাত কুচিপুডী গুৰু ভেম্পতী চিন্না সত্যমৰ অধীনত আগবাঢ়ি যোৱাৰ আগতে শোভাই ৰাজহমুণ্ড্ৰিত পি.এল.ৰেড্ডীৰ অধীনত নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰে।[2] পিছলৈ চেন্নাইৰ কুইন মেৰী কলেজৰ পৰা ডিগ্ৰী লাভ কৰে।[4]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

শোভা নাইডুৱে ভেম্পতী চিন্না সত্যমৰ অধীনত ব্যতিক্ৰমী ছাত্ৰী হিচাপে দ্ৰুতগতিত স্বীকৃতি লাভ কৰে আৰু তেওঁৰ প্ৰথম অভিনয় (এৰেঞ্জেট্ৰাম)ই এক সফল কেৰিয়াৰৰ আৰম্ভণি কৰে। [5] শোভাই কুচিপুডি নৃত্যত সত্যভামা, পদ্মাৱতী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ "চণ্ডালিকা" নাটকৰ মুখ্য চৰিত্ৰ আদি ভূমিকাৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। [1] তেওঁৰ অভিনয়ে কুচিপুডিত উচ্চ মানদণ্ড স্থাপন কৰিছিল, যাৰ ফলত তেওঁৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল।[2] যদিও কেৰিয়াৰৰ আৰম্ভণিতে প্ৰযোজক বি নাগী ৰেড্ডীৰ পৰা খালী চেককে ধৰি কেইবাটাও চলচ্চিত্ৰৰ প্ৰস্তাৱ লাভ কৰিছিল, তথাপিও শোভাই শাস্ত্ৰীয় নৃত্যৰ প্ৰতি উৎসৰ্গিত হৈ থাকিবলৈ বাছি লৈছিল। কুচিপুডী আয়ত্ত কৰিবলৈ আজীৱনও যথেষ্ট নহয় বুলি অনুভৱ কৰি বঝুভূৰ ৰমাইয়া পিল্লাইৰ দৰে বিশিষ্ট গুৰুৰ পৰাও তেওঁ ভাৰতনাট্যম শিকিবলৈ দিয়া প্ৰস্তাৱ নাকচ কৰিছিল।[2]

সৰুৰে পৰাই শোভাৰ প্ৰতিভা স্পষ্ট হৈ পৰিছিল, আৰু তেওঁৰ গুৰুৰ কেইবাখনো নৃত্য-নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিনয়ক অতিশয় সন্মান প্ৰদৰ্শন কৰা হৈছিল। আমেৰিকা, যুক্তৰাজ্য, ইউ এছ এছ আৰ, ছিৰিয়া, তুৰস্ক, হংকং, ইৰাক, কম্বোডিয়া আদি দেশৰ সাংস্কৃতিক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰত চৰকাৰৰ হৈ ৱেষ্ট ইণ্ডিজ, মেক্সিকো, ভেনিজুৱেলা, টিউনিছিয়া আৰু কিউবালৈ সাংস্কৃতিক প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল।[6]

১৯৮০ চনত হায়দৰাবাদত শ্ৰীনিবাস কুচিপুডী আৰ্ট একাডেমী প্ৰতিষ্ঠা কৰি ৪০ বছৰ ধৰি ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ভাৰত আৰু বিদেশৰ ১৫০০ৰো অধিক নৃত্যশিল্পীক গ্ৰুমিং কৰিছিল, যাৰ বহুতেই কুচিপুডীত তেওঁৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে। তেওঁৰ কাৰ্যকালত তেওঁ ৮০টাতকৈও অধিক একক পৰিবেশন আৰু ১৫টা বেলেটৰ নৃত্য পৰিচালনা কৰিছিল।[7][2][8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

শোভা নাইডুৰ সম্পৰ্ক আছিল বিশিষ্ট কৰ্ণাটক ভায়লিনবাদক দ্বাৰাম ভেংকটস্বামী নাইডুৰ সৈতে।[9] ২০২০ চনৰ ১৪ অক্টোবৰত হায়দৰাবাদত ৬৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[2] শোভাই স্বামী অৰ্জুন ৰাও অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আৰু কন্যা ছাই শিৱৰঞ্জনীক এৰি থৈ যায়।[10]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

কুচিপুডীৰ ক্ষেত্ৰখনলৈ নাইডুৰ অৱদানে ভাৰতীয় শাস্ত্ৰীয় নৃত্যত এক অমলিন সাঁচ ৰাখিছে। কাৰিকৰী নিখুঁততাৰ সৈতে গল্প কোৱাৰ প্ৰকাশভংগী সংমিশ্ৰণৰ বাবে তেওঁক স্মৰণ কৰা হয়, যাৰ ফলত তেওঁৰ অভিনয় ভাৰত আৰু বিদেশ উভয়তে অতিশয় প্ৰশংসিত। পৰৱৰ্তী প্ৰজন্মৰ নৃত্যশিল্পীক প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁৰ দায়বদ্ধতাই তেওঁৰ উত্তৰাধিকাৰ অব্যাহত থকাটো নিশ্চিত কৰে।[1][2]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

তেওঁৰ সমগ্ৰ কৰ্ম জীৱনত শোভা নাইডুৱে নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসংখ্য বিখ্যাত বঁটা লাভ কৰিছিল:

  • পদ্মশ্ৰী (২০০১)[11]
  • নৃত্য চূদামণি (১৯৮২)[3]
  • সংগীত নাটক অকাডেমী বঁটা (১৯৯১)[3]
  • নৃত্য কলা ছিৰোমণি (১৯৯৬)[10]
  • এন টি আৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৮)[10]
  • অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা হামছা বঁটা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Mary, S. B. Vijaya (2020-10-15). "Tribute: Empowered woman was the focus of Kuchipudi danseuse Sobha Naidu’s ballets" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/dance/tribute-empowered-woman-was-the-focus-of-sobha-naidus-ballets/article32861137.ece.
  2. 1 2 3 4 5 6 7 8 "RIP Sobha Naidu: Kuchipudi’s ‘Kaliyuga Satyabhama’ takes her final bow". The Times of India. 2020-10-15. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/hyderabad/rip-sobha-naidu-kuchipudis-kaliyuga-satyabhama-takes-her-final-bow/articleshow/78668756.cms.
  3. 1 2 3 Chandaraju, Aruna (2020-10-15). "Sobha Naidu, Kuchipudi’s brightest star" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/telangana/2020/Oct/15/sobha-naidu-kuchipudis-brightest-star-2210477.html আহৰণ কৰা হৈছে: 2024-10-09.
  4. "Shobha Naidu Success Story". Mahilalu. 29 Jan 2016. http://www.mahilalu.com/shobha-naidu-success-story/ আহৰণ কৰা হৈছে: 25 Aug 2017.[সংযোগবিহীন উৎস]
  5. "Personalities: Sobha Naidu". Andhra Portal. 16 May 2016. http://www.andhraportal.org/personalities-sobha-naidu/ আহৰণ কৰা হৈছে: 25 Aug 2017.
  6. "I explained it when I danced it". Sobhanaidu.org. Archived from the original on 10 August 2017. https://web.archive.org/web/20170810234555/http://sobhanaidu.org/profile.html আহৰণ কৰা হৈছে: 25 Aug 2017.
  7. "Dancer with a difference". Deccan Herald. 29 Apr 2012. http://www.deccanherald.com/content/245521/dancer-difference.html আহৰণ কৰা হৈছে: 25 Aug 2017.
  8. "Eminent Kuchipudi exponent Shobha Naidu passes away at 64 in Hyderabad" (en ভাষাত). The New Indian Express. 2020-10-14. https://www.newindianexpress.com/cities/hyderabad/2020/Oct/14/eminent-kuchipudi-exponent-shobha-naidu-passes-away-at-64-in-hyderabad-2210072.html আহৰণ কৰা হৈছে: 2024-10-09.
  9. "Personalities: Dwaram Venkataswami Naidu" (en-US ভাষাত). Andhra Cultural Portal. 18 July 2019. http://andhraportal.org/personalities-dwaram-venkataswami-naidu/ আহৰণ কৰা হৈছে: 2023-05-13.
  10. 1 2 3 "Legendary Kuchipudi exponent Sobha Naidu breathes her last at 64". The Times of India. 2020-10-14. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/legendary-kuchipudi-exponent-sobha-naidu-breathes-her-last-at-64/articleshow/78655371.cms.
  11. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.