সমললৈ যাওক

শ্ববনাম ঘোৰবানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ববনাম ঘোৰবাণী

২০২৫ চনৰ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত ঘোৰবাণী
জন্ম ১০ জুলাই, ১৯৮৯ (৩৭ বছৰ)
ইৰানৰ ৰাজধানী তেহৰান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমান
দাম্পত্যসঙ্গী আমিন মিৰশ্বেকাৰী (বি. ২০২১)[1]
সন্তান [2]

শ্ববনাম ঘোৰবাণী (জন্ম: ১০ জুলাই, ১৯৮৯) হৈছে এগৰাকী ইৰানীয় অভিনেত্ৰী। তেওঁ মূলতঃ এনী ডে নাও (২০২০), কুইন অৱ বেগৰ্চ (২০২২), দ্য লুজাৰ মেন (২০২২), এলিগেটৰ ব্লাড (২০২৪) আৰু টুবা (২০২৪) আদি চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত। ২০২৪ চনত তেওঁ মজনুন (২০২৪) চলচ্চিত্ৰত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে ৪২সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্গ বঁটা লাভ কৰে।[3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শ্ববনাম ঘোৰবাণীৰ জন্ম ১৯৮৯ চনৰ ১০ জুলাইত ইৰানৰ ৰাজধানী তেহৰানত হৈছিল।[5][6][7][8]

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০১৬–২০২২: প্ৰাৰম্ভিক কেৰিয়াৰ

[সম্পাদনা কৰক]

ঘোৰবাণীয়ে ২০২০ চনৰ ড্ৰামা চলচ্চিত্ৰ এনী ডে নাওত অভিনেতা শাহাব হোছেইনীৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে আৰু প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত আত্মপ্ৰকাশ কৰে।[9] ২০২২ চনত তেওঁ দ্য লুজাৰ মেন নামৰ এটা নিও-নৱাৰ ড্ৰামা ছবিত অভিনয় কৰে। এই ছবিখন ৪০সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু তেওঁৰ অভিনয়ে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল।[10]

২০২৩–বৰ্তমান: সফলতা

[সম্পাদনা কৰক]

২০২৪ চনত ৪২সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ অভিনয় কৰা দুখন ছবিৰ প্ৰিমিয়াৰ হয়— এখন যুদ্ধভিত্তিক ড্ৰামা ছবি মজনুন আৰু আনখন একচন-কমেডী ছবি এলিগেটৰ ব্লাড[11] মজনুন ছবিত মেহদী জেনোদ্দিনৰ পত্নী মনিৰেহ আৰমাঘানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে আৰু এই অভিনয়ে তেওঁলৈ শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ক্ৰিষ্টাল চিমৰ্গ বঁটা কঢ়িয়াই আনে।[12] চিনেমাগৃহত মুক্তি পোৱাৰ পিছত এলিগেটৰ ব্লাড ইৰানৰ ইতিহাসৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।[13] একেটা বছৰতে ঘোৰবাণীয়ে দ্য ইয়াৰ অৱ কেট নামৰ এখন অতি সফল কমেডী ছবিতো অভিনয় কৰে। ছবিখনে নেতিবাচক সমালোচনা লাভ কৰা সত্ত্বেও ইৰানৰ ইতিহাসৰ একাদশ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে নাম পঞ্জীয়ন কৰে।[14]

ঘোৰবাণীয়ে ২০২৪ চনত প্ৰথমবাৰৰ বাবে টুবা নামৰ ৰোমাণ্টিক ড্ৰামা ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰে। টুবাচ আৰবাইন নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখনত ১৯৭০ চনৰপৰা ২০১০ চনৰ ঘটনাৱলীৰ পটভূমিত টুবা হামুন আৰু তাইৰ পৰিয়ালৰ কাহিনী দেখুওৱা হৈছে।[15] বিশেষকেই ইয়াৰ চিত্ৰনাট্য আৰু পৰিচালনাক লৈ মিশ্ৰিত সমালোচনা লাভ কৰা সত্ত্বেও, মুখ্য জুটি ঘোৰবাণী আৰু আমিন জেন্দেগানীৰ মাজৰ সুন্দৰ ৰসায়নে ইয়াক সেই সময়ৰ আটাইতকৈ বেছি চোৱা ধাৰাবাহিকসমূহৰ ভিতৰত অন্যতম কৰি তুলিছিল।[16][17]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২১ চনৰ ২৭ ফেব্ৰুৱাৰীত ঘোৰবাণীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ এটা পোষ্টৰ জৰিয়তে আমিন মিৰশ্বেকাৰীৰ সৈতে হোৱা বিবাহৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।[18][19] বৰ্তমান এই দম্পতীহালৰ দুটি সন্তান আছে।[20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "عکس عروسی شبنم قربانی بازیگر طوبی سریال طوبی + عکس" (fa ভাষাত). رکنا. 2024-09-15. https://rokna.net আহৰণ কৰা হৈছে: 2024-09-15.
  2. "عکس/ آیا می دانستید این آقای معروف همسر شبنم قربانی است!" (fa ভাষাত). وقت صبح. 2024-06-22. Archived from the original on 2024-09-09. https://web.archive.org/web/20240909130357/https://www.vaghtesobh.ir/ আহৰণ কৰা হৈছে: 2024-09-15.
  3. "تعداد فرزندان شبنم قربانی و عکسهای خانوادگی اش" (fa ভাষাত). نمناک. Archived from the original on 2024-09-15. https://web.archive.org/web/20240915005132/https://namnak.com/shabnam-ghorbani-biography.p93074 আহৰণ কৰা হৈছে: 2024-09-15.
  4. "عکس عروسی شبنم قربانی بازیگر طوبی سریال طوبی + عکس | روزنو" (fa ভাষাত). صاحب‌خبر. 2024-09-14. Archived from the original on 2024-09-17. https://web.archive.org/web/20240917131830/https://www.sahebkhabar.ir/ আহৰণ কৰা হৈছে: 2024-09-15.
  5. "اسم زیبایی که شبنم قربانی روی پسرش گذاشت!" (fa-IR ভাষাত). دلگرم. 2024-09-12. Archived from the original on 2024-09-15. https://web.archive.org/web/20240915005138/https://www.delgarm.com/vkqbn.a322482 আহৰণ কৰা হৈছে: 2024-09-15.
  6. "عکس زایمان بازیگر نقش طوبی در اتاق عمل! / بوسه شبنم قربانی به نوزاد خوشگل و نازش! | مجله سرگرمی جالبتر" (fa-IR ভাষাত). Archived from the original on 2024-09-27. https://web.archive.org/web/20240927080442/http://jalebtar.ir/ আহৰণ কৰা হৈছে: 2024-09-15.
  7. "(تصاویر) بیوگرافی، عکس ها و زندگی خصوصی شبنم قربانی" (fa ভাষাত). فرادید | Faradeed | فرادید. 2024-08-12. https://faradeed.ir/%D8%A8%D8%AE%D8%B4-%DA%86%D9%87%D8%B1%D9%87-%D9%87%D8%A7-45/200990-%D8%AA%D8%B5%D8%A7%D9%88%DB%8C%D8%B1-%D8%A8%DB%8C%D9%88%DA%AF%D8%B1%D8%A7%D9%81%DB%8C-%D8%B9%DA%A9%D8%B3-%D9%87%D8%A7-%D8%B2%D9%86%D8%AF%DA%AF%DB%8C-%D8%AE%D8%B5%D9%88%D8%B5%DB%8C-%D8%B4%D8%A8%D9%86%D9%85-%D9%82%D8%B1%D8%A8%D8%A7%D9%86%DB%8C আহৰণ কৰা হৈছে: 2024-09-15.
  8. "بیوگرافی شبنم قربانی بازیگر نقش سارا در سریال ملکه گدایان+عکس". www.beytoote.com. https://www.beytoote.com/fun/actor-news/biography-shabnam-ghorbani-113.html আহৰণ কৰা হৈছে: 2024-09-15.
  9. "| Berlinale | Archive | Programme | Programme" (en ভাষাত). www.berlinale.de. https://berlinale.de আহৰণ কৰা হৈছে: 2024-09-17.
  10. ""مرد بازنده" صاحب پوستر شد/ رونمایی از ۲ پوستر دیگر" (fa ভাষাত). خبرگزاری مهر | اخبار ایران و جهان | Mehr News Agency. 2022-01-31. https://mehrnews.com আহৰণ কৰা হৈছে: 2024-09-17.
  11. کریمیان, مریم (2024-01-15). "رقابت حبیبی، ادبی و قربانی در جشنواره فیلم فجر" (fa-IR ভাষাত). جشنواره فیلم فجر. Archived from the original on 2024-09-15. https://web.archive.org/web/20240915181736/https://fajrfilmfestival.com/ আহৰণ কৰা হৈছে: 2024-09-17.
  12. "جشنواره فیلم فجر به ایستگاه پایانی رسید/ امینی: بخش نگاه نو؛ محلی برای ظهور سینماگران جوان/ رسولیان جایزه‌اش را به شهید تهرانی‌‌مقدم تقدیم کرد + فیلم و عکس - تسنیم" (fa ভাষাত). خبرگزاری تسنیم | Tasnim. Archived from the original on 2020-03-26. https://web.archive.org/web/20200326191345/https://www.tasnimnews.com/ আহৰণ কৰা হৈছে: 2024-09-17.
  13. ""تمساح خونی" سومین فیلم پرفروش تاریخ سینما شد/ رکوردشکنی در فروش ماه نخست" (fa ভাষাত). www.khabaronline.ir. 2024-04-10. https://khabaronline.ir আহৰণ কৰা হৈছে: 2024-09-17.
  14. "فیلم سینمایی سال گربه نیامده رکورد شکست+ فیلم" (fa ভাষাত). اقتصادنیوز. 2024-04-13. https://eghtesadnews.com আহৰণ কৰা হৈছে: 2024-09-17.
  15. "نگاهی به محرم تلویزیون/سریال "طوبی" به شبکه یک می‌رسد - تسنیم" (fa ভাষাত). خبرگزاری تسنیم | Tasnim. Archived from the original on 2020-03-26. https://web.archive.org/web/20200326191345/https://www.tasnimnews.com/ আহৰণ কৰা হৈছে: 2024-09-17.
  16. "نگاهی به سریال اربعینی تلویزیون/ سریالی به‌نام "طوبی" - تسنیم" (fa ভাষাত). خبرگزاری تسنیم | Tasnim. Archived from the original on 2020-03-26. https://web.archive.org/web/20200326191345/https://www.tasnimnews.com/ আহৰণ কৰা হৈছে: 2024-09-17.
  17. "امین زندگانی، سریال طوبی و یک اتفاق خوب" (fa ভাষাত). اخبار روز فناوری، راهنمای خرید، آموزش و بررسی - راهنماتو. 2024-09-10. https://rahnamato.ir আহৰণ কৰা হৈছে: 2024-09-17.
  18. "شمال گردی شبنم قربانی با همسر و فرزندانش" (fa ভাষাত). نمناک. Archived from the original on 2024-09-15. https://web.archive.org/web/20240915005136/https://namnak.com/shabnam-ghorbani-husband.p95395 আহৰণ কৰা হৈছে: 2024-09-15.
  19. Admin. "شبنم قربانی و همسرش | عکس های شبنم قربانی و همسرش امین میرشکاری" (fa-IR ভাষাত). www.niksalehi.com. Archived from the original on 2024-09-15. https://web.archive.org/web/20240915174009/https://www.niksalehi.com/learn/shabnam-ghorbani-and-his-wife.html আহৰণ কৰা হৈছে: 2024-09-15.
  20. "شبنم قربانی و همسر و فرزندانش+ عکس" (fa ভাষাত). TABNAK. https://www.tabnak.ir/fa/news/1258560/%D8%B4%D8%A8%D9%86%D9%85-%D9%82%D8%B1%D8%A8%D8%A7%D9%86%DB%8C-%D9%88-%D9%87%D9%85%D8%B3%D8%B1-%D9%88-%D9%81%D8%B1%D8%B2%D9%86%D8%AF%D8%A7%D9%86%D8%B4-%D8%B9%DA%A9%D8%B3 আহৰণ কৰা হৈছে: 2025-02-06.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]