শ্বাং ৰাজবংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্বাং সাম্ৰাজ্যৰ পৰা পুনঃনিৰ্দেশিত)
শ্বাং বংশৰ কালৰ ঘুৰণীয়া ড্ৰেগন থকা তামৰ থালি (খ্ৰীষ্টপূৰ্ব ১৪-১১ শতিকা)

শ্বাং ৰাজবংশ (চীনা: 商朝) বা য়িন ৰাজবংশ (চীনা: 殷代) শ্বাঙৰ টাঙৰ (চেং টাং) দ্বাৰা স্থাপিত এক চীনা ৰাজবংশ। এই ৰাজবংশই হালধীয়া নদীৰ উপত্যকাত শাসন কৰিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দীত। পৰম্পৰাগত বিশ্বাস অনুযায়ী তেওঁলোকৰ আগতে শ্বিয়া আৰু তেওঁলোকৰ পাছত পশ্চিমীয়া ঝৌ ৰাজবংশই চীন শাসন কৰিছিল। শ্বাং ৰাজবংশৰ শাস্ত্ৰীয় উৎস নথিপত্ৰৰ কিতাপ, বাঁহৰ বুৰঞ্জী আৰু মহা বুৰঞ্জীবিদৰ নথিলিউ শ্বিনে প্ৰায় দুহাজাৰ বছৰ আগতে কৰা পৰম্পৰাগত কালক্ৰমিক গণনাৰ মতে, শ্বাংসকলে খ্ৰীষ্টপূৰ্ব ১৭৬৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ১১১২লৈকে শাসন কৰিছিল। কিন্তু "বৰ্তমানৰ" বাঁহৰ বুৰঞ্জীৰ মতে, তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১৫৫৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০৪৬লৈকে শাসন কৰিছিল। এই গ্ৰন্থ আৰু মহাজাগতিক পৰিঘটনাৰ কালৰ সহায় লৈ ডেভিড নিভিছনে গণনা কৰি উলিয়াইছে যে শ্বাং ৰাজবংশৰ স্থাপনা হৈছিল খ্ৰীষ্টপূৰ্ব ১৫৫৪ত।.[1][2] এৰ্লিগাং স্থলৰ কাৰ্বন-১৪ ডেটিঙেৰে চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ প্ৰকল্পত দাবী কৰা হৈছে যে শ্বাং বংশৰ আৰম্ভনি হৈছিল খ্ৰীষ্টপূৰ্ব ১৬০০ত। এই বংশৰ পতন হৈছিল, পাৰ্কেনিয়েৰ আৰু শ্বিয়া-শ্বাং-ঝৌ প্ৰকল্পৰ মতে খ্ৰীষ্টপূৰ্ব ১০৪৬ত[3] আৰু নিভিছন আৰু শ্বৌঘ্নেছিৰ মতে খ্ৰীষ্টপূৰ্ব ১০৪৫ত।[4][5]

সাক্ষ্য[সম্পাদনা কৰক]

শ্বাং ৰাজবংশ পৰম্পৰাগত চীনা ইতিহাস লিখনৰ আতাইতকৈ পুৰণি এনে বংশ যাৰ অস্তিত্বৰ যথাযথ পুৰাতাত্ত্বিক প্ৰমাণ আছে। বৰ্তমানৰ আন্যাং অঞ্চলৰ য়িনত কৰা হোৱা খণ্ডনত শ্বাং বংশৰ ৰাজধানী আৱিষ্কাৰ হৈছে। এই ৰাজধানী তেওঁলোকৰ অন্তিম ৰাজধানী আছিল, আৰু তাত ৰাজকীয় মৰিশালী, ৰাজপ্ৰসাদ, পূজাৰ স্থল, যুদ্ধৰ অস্ত্ৰ, জন্তু আৰু নৰৰ বলি আদিৰ অৱশিষ্ট পোৱা গৈছে। হাজাৰ হাজাৰ তাম, জে'ড, শিল, হাড় আৰু চীনা মাটিৰ বস্তু আৱিষ্কাৰ হৈছে।

চীনা লিপি[সম্পাদনা কৰক]

চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন

আন্যাং স্থলতেই চীনা লিপিৰ আতাইতকৈ পুৰণি উদাহৰণ পোৱা গৈছে। লিখিত সামগ্ৰীত মুখ্যতঃ ভৱিষ্যদ্বানী পোৱা গৈছে: কাছৰ খোলা, ম'হৰ হাঁড় আদিত। ১৯২০ আৰু ১৯৩০ৰ দশকত আয়োজিত খণ্ডনত ২০০০০ এনে বস্তু উদ্ধাৰ কৰা হৈছিল, আৰু তাৰ পাছত কমেও চাৰি গুণ অধিক বস্তু উদ্ধাৰ হৈছে। শিলালিপিসমূহে চীনা ৰাজনীতি, অৰ্থনীতি আৰু ধৰ্মৰ পৰা আদি কৰি কলা, চিকিৎসা আদি বিভিন্ন বিষয়ত জ্ঞান প্ৰদান কৰে।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pankenier (1981–1982), পৃষ্ঠা. 23.
  2. Nivison (2018), পৃষ্ঠা. 165.
  3. Pankenier, David W. (2015). "The cosmo-political mandate". Astrology and Cosmology in Early China: Conforming Earth to Heaven. Cambridge University Pressn. পৃষ্ঠা. 197. ISBN 978-1107539013. https://www.academia.edu/43379398. 
  4. Shaughnessy, Edward L. (1992). "The Date of the Zhou Conquest of Shang". Sources of Western Zhou History: Inscribed Bronze Vessels. University of California Press. পৃষ্ঠা. 217–236. ISBN 978-0520070288. https://books.google.com/books?id=BH1ZrCsslosC&pg=PA217. 
  5. Nivison, David S. (1983). "The Dates of Western Chou". Harvard Journal of Asiatic Studies. 43. Harvard-Yenching Institute. পৃষ্ঠা. 481–580. doi:10.2307/2719108. https://www.jstor.org/stable/2719108. 
  6. Keightley (2000).