সমললৈ যাওক

শ্বাইলা ষ্টাইলেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাইলা ষ্টাইলেজ

২০১০ চনত শ্বাইলা ষ্টাইলেজ
জন্ম আমাণ্ডা হাৰ্ডি
২৩ ছেপ্টেম্বৰ, ১৯৮২
আৰ্মষ্ট্ৰং, ব্ৰিটিছ কলম্বিয়া, কানাডা
মৃত্যু ৯ নৱেম্বৰ, ২০১৭ (৩৫ বছৰ)
আৰ্মষ্ট্ৰং, ব্ৰিটিছ কলম্বিয়া, কানাডা
ৰাষ্ট্ৰীয়তা কানাডিয়ান
অন্য নাম শ্বাইলা, আমাণ্ডা অক্লেয়াৰ, শ্বাইলা ষ্টাইলছ, শ্বাইলা ষ্টাইলেক্স, আমাণ্ডা ফ্ৰাইডলেণ্ড
উচ্চতা ৫ ফুট ৩ ইন্সি (১৬০ ছে.মি.)[1]

আমাণ্ডা ফ্ৰাইডমেন (আৰ্মষ্ট্ৰং, ২৩ ছেপ্টেম্বৰ ১৯৮২ – ৯ নৱেম্বৰ ২০১৭), শ্বাইলা ষ্টাইলেজ নামেৰে বেছি পৰিচিত, এগৰাকী কানাডাৰ পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু মডেল আছিল।

জীৱন তথা কাৰ্যজীৱন

[সম্পাদনা কৰক]

শাইলা ষ্টাইলজে কৈশোৰ কালৰে পৰা পৰ্নোগ্ৰাফি উদ্যোগত প্ৰৱেশৰ আগ্ৰহ দেখুৱাইছিল আৰু পাছত ভেঙ্কুভাৰলৈ স্থানান্তৰিত হয়। তাত তেওঁ এখন ষ্ট্ৰিপ ক্লাবত নৃত্যশিল্পী হিচাপে কাম কৰিছিল আৰু লগতে এখন ৱেবকেম মডেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে, হাষ্টলাৰ আৰু স্বেংক আদি প্ৰাপ্তবয়স্ক সাময়িকীসমূহত নগ্ন আলোকচিত্ৰ প্ৰকাশ পায়। অৱসৰৰ সময়ত তেওঁ ইমেইল আৰু ফোনযোগে বিভিন্ন ষ্টুডিঅ'ৰ সৈতে যোগাযোগ স্থাপন কৰি কিদৰে চলচ্চিত্ৰত অভিনয় কৰিব পাৰি সেই বিষয়ে জানিব খুজিছিল।[2] তেওঁ ২০০১ চনত প্ৰথমটো প্ৰাপ্তবয়স্ক দৃশ্যত অভিনয় কৰিছিল আৰু ২০০৩ চনত প্ৰথমবাৰৰ বাবে এভিএন বঁটাৰ মনোনয়ন লাভ কৰিছিল, য’ত “সৰ্বশ্ৰেষ্ঠ নতুন অভিনেত্ৰী” শ্ৰেণীতো অন্তৰ্ভুক্ত আছিল।[3]

ষ্টাইলজৰ নাম এটা যৌন কেলেংকাৰীতো জড়িত আছিল, য’ত তেওঁ অৰেঞ্জ কাউণ্টীৰ উপ-পুলিচ অধীক্ষক জৰ্জ জাৰামিল্লোৰ সৈতে বহু যৌন সম্পৰ্ক স্থাপন কৰিছিল বুলি উল্লেখ পোৱা যায়।[4]

ষ্টাইলজে জিল কেলী প্ৰডাকশ্যনছৰ সৈতে এক্সক্লুছিভ কণ্ট্ৰেক্ট স্বাক্ষৰ কৰিছিল আৰু তাৰপাছত ২০০২ চনৰ ২৫ অক্টোবৰত কোম্পানীটোৰ সিইঅ' বব ফ্ৰিডলেণ্ডক বিবাহ কৰিছিল। এই দম্পতীটো ২০০৩ চনৰ আগষ্টত বিবাহ বিচ্ছেদ কৰে।[5] ২০০৫ চনৰ আগষ্টত জিল কেলী প্ৰডাকশ্যনছ দেউলিয়া ঘোষণা কৰে।[6] ষ্টাইলজে তাৰ পাছৰ বছৰটোতেই পুনৰ হাৰ্ডকোৰ চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে।[3] তেওঁ ২০০৭ চনৰ এক্স আৰ চি' বঁটাত “বেষ্ট কামব্যাক” শ্ৰেণীত মনোনীত হৈছিল।[7] সেই একে বছৰত তেওঁ লছ এঞ্জেলছৰ “আন-ৱায়াৰ্ড টিভি” নামৰ স্বতন্ত্ৰ টিভি অনুষ্ঠানটোত পৰিচালক হিচাপে কাম কৰিছিল।[8][9]

২০০৮ চনত, ষ্টাইলজে এভিএন বঁটাৰ “সৰ্বশ্ৰেষ্ঠ সহ-অভিনেত্ৰী” শ্ৰেণীত মনোনীত হৈছিল।[10] তাৰ পাছৰ বছৰত তেওঁ এক্সবিজ বঁটাৰ “ফিমেল পাৰফৰ্মাৰ অফ দ্য ইয়েৰ” শ্ৰেণীত মনোনীত হয়। লগতে, কাৰ্ভি গাৰ্লছ, ফুল ষ্ট্ৰিমছ এহেড আৰু পাইৰেটছ টু চলচ্চিত্ৰসমূহত তেওঁৰ অভিনয়ৰ বাবে এভিএন বঁটাতো মনোনয়ন লাভ কৰিছিল।[11][12] ২০০৯ চনৰ ৩০ জুলাইত, তেওঁ “দ্য হাৱাৰ্ড ষ্টাৰ্ন শ্ব’”ত গিয়ানা মাইকেলচৰ সৈতে অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১০ চনত, মেক্সিম আলোচনীয়াই তেওঁক পৰ্ন উদ্যোগৰ ১২জন শ্ৰেষ্ঠ মহিলা তাৰকাসকলৰ ভিতৰত স্থান দিছিল।[13] ষ্টাইলজ ২০১১ আৰু ২০১৬ চনত যথাক্ৰমে আৰ্বান এক্স বঁটা আৰু এভিএন হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।[14][15] তেওঁ ২০১৬ চনত পৰ্ন উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰে।[3]

ষ্টাইলজ ২০১৭ চনৰ ৯ নৱেম্বৰত, কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ অ্যাবটছফৰ্ডস্থিত নিজৰ ঘৰতে ৩৫ বছৰ বয়সত মৃত্যুবৰণ কৰে।[5] তেওঁৰ মাতৃয়ে সংবাদ মাধ্যমলৈ জনোৱা অনুসৰি, তেওঁ ৰাতিপুৱা শুই থকা অৱস্থাত মৃত্যু হোৱা অৱস্থাত পোৱা যায়।[16] মৃত্যুৰ সঠিক কাৰণ প্ৰকাশ কৰা হোৱা নাছিল।[5]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
  • ২০০৩ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ নতুন তাৰকা[17]
  • ২০০৩ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ গোট যৌন দৃশ্য, ভিডিঅ’ – Ass Worship 2[18]
  • ২০০৩ চনৰ XRCO বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ তিনিজনৰ যৌন দৃশ্য – The Gangbang Girl 34[19]
  • ২০০৩ চনৰ XRCO বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ গোট দৃশ্য – Balls Deep 4[19]
  • ২০০৪ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ অল-গাৰ্ল যৌন দৃশ্য, ভিডিঅ’ – When The Boyz Are Away, The Girlz Will Play 8[20]
  • ২০০৭ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ অল-গাৰ্ল যৌন দৃশ্য, ভিডিঅ’ – Girlvana 2[21]
  • ২০০৭ চনৰ XRCO বঁটাৰ মনোনয়ন – বেষ্ট কামবেক (Best Cumback)[7]
  • ২০০৮ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ সহ-অভিনেত্ৰী, ভিডিঅ’ – Coming Home[10]
  • ২০০৮ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ ইণ্টাৰেক্টিভ DVD – My Plaything: Shyla Stylez[10]
  • ২০০৯ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ টিজ (Tease) পৰিৱেশন – Curvy Girls[12]
  • ২০০৯ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ POV যৌন দৃশ্য – Full Streams Ahead[12]
  • ২০০৯ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ গোট যৌন দৃশ্য – Pirates II[12]
  • ২০০৯ চনৰ XBIZ বঁটাৰ মনোনয়ন – বৰ্ষৰ শ্ৰেষ্ঠ মহিলা পৰিৱেশক[11]
  • ২০১০ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ POV যৌন দৃশ্য – Jack's POV 12[22]
  • ২০১১ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ এনেল যৌন দৃশ্য – Big Butts Like It Big 6[23]
  • ২০১১ চনৰ AVN বঁটাৰ মনোনয়ন – শ্ৰেষ্ঠ তিনিজনৰ যৌন দৃশ্য – Pornstar Workout 2[23]
  • ২০১১ চনৰ XRCO বঁটাৰ মনোনয়ন – অৰ্গাজমিক এনেলিষ্ট[24]
  • ২০১১ চনৰ Urban X বঁটা – হল অফ ফেম[14]
  • ২০১৬ চনৰ AVN হল অফ ফেম অন্তৰ্ভুক্তি[15]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Miller, Dan (May 29, 2010). "Cybersiren of the Month: Shyla Stylez". AVN. Archived from the original on December 22, 2015. https://web.archive.org/web/20151222152941/http://business.avn.com/articles/technology/Cybersiren-of-the-Month-Shyla-Stylez-398156.html। আহৰণ কৰা হৈছে: December 19, 2015. 
  2. "Q & A with ZT Doll Shyla Stylez". YouTube. April 21, 2011. https://www.youtube.com/watch?v=aOK_Y0N0O1s। আহৰণ কৰা হৈছে: January 9, 2012. 
  3. 3.0 3.1 3.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :0 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. Moxley, R. Scott (May 26, 2005). "Internal Affairs". OC Weekly. http://www.ocweekly.com/2005-05-26/features/internal-affairs. 
  5. 5.0 5.1 5.2 Pardon, Rhett (November 10, 2017). "Adult Star Shyla Stylez Passes Away". XBIZ. https://www.xbiz.com/news/231669/adult-film-star-shyla-stylez-passes-away. 
  6. "Jill Kelly Productions". AVN. https://avn.com/avnid/jill-kelly-productions-63652.html। আহৰণ কৰা হৈছে: November 20, 2017. 
  7. 7.0 7.1 "XRCO 2006 Nominations Announced AVN". AVN. 2 March 2007. https://avn.com/business/articles/video/xrco-2006-nominations-announced-30233.html। আহৰণ কৰা হৈছে: 2024-07-25. 
  8. "UN Wire Television". February 25, 2008. http://www.un-wiredtv.com। আহৰণ কৰা হৈছে: March 15, 2008. 
  9. "Latest Shyla Stylez News". ShylaStylez.ca. http://www.shylastylez.ca/news.html. 
  10. 10.0 10.1 10.2 Rutter, Jared (November 27, 2007). "Nominations for 25th Anniversary AVN Awards Announced". AVN. Archived from the original on August 9, 2009. https://web.archive.org/web/20090809102020/http://business.avn.com/articles/3060.html। আহৰণ কৰা হৈছে: February 18, 2008. 
  11. 11.0 11.1 Hunter, Tod (2008-12-03). "XBIZ Awards 2009 Official Nominees Announced" (en ভাষাত). XBIZ. https://www.xbiz.com/news/102373/xbiz-awards-2009-official-nominees-announced। আহৰণ কৰা হৈছে: 2024-07-26. 
  12. 12.0 12.1 12.2 12.3 "Nominations 2009 AVN Adult Movie Awards". AVN Awards. November 25, 2008. http://avnawards.com/pdf/2009_AVN_NOMINATIONS_11_25_08.pdf। আহৰণ কৰা হৈছে: November 26, 2008. 
  13. "Maxim U.K. Names Top 12 Porn Stars". AVN. June 18, 2010. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304043858/http://business.avn.com/articles/video/Maxim-U-K-Names-Top-12-Porn-Stars-400571.html। আহৰণ কৰা হৈছে: January 9, 2012. 
  14. 14.0 14.1 "Urban X Awards Hall of Fame 2011". Urban X Awards. Archived from the original on September 2, 2011. https://web.archive.org/web/20110902083010/http://www.urbanxawards.com/urbanxongoing/index.php?option=com_content&view=article&id=52&Itemid=66। আহৰণ কৰা হৈছে: July 23, 2011. 
  15. 15.0 15.1 Blocks, Iris (December 18, 2015). "Class of 2016: The AVN Hall of Fame Inductees". AVN. Archived from the original on February 10, 2016. https://web.archive.org/web/20160210090726/http://business.avn.com/articles/video/Class-of-2016-The-AVN-Hall-of-Fame-Inductees-615710.html। আহৰণ কৰা হৈছে: December 19, 2015. 
  16. Ravitz, Justin (November 13, 2017). "Adult Film Actress Shyla Stylez Dies at 35". Cosmopolitan. https://www.cosmopolitan.com/entertainment/a13468570/shyla-stylez-porn-star-dead/। আহৰণ কৰা হৈছে: January 9, 2018. [সংযোগবিহীন উৎস]
  17. "This Year's Nominees". AVN Awards. http://www.avnawards.com/nominees.shtml। আহৰণ কৰা হৈছে: January 9, 2012. 
  18. "20th Anniversary AVN Awards". The 2003 AVN Awards Show program (Chatsworth, California: AVN Publications, Inc.). January 11, 2003. 
  19. 19.0 19.1 "Belladonna Dominates XRCO Nominations AVN". AVN. https://avn.com/business/articles/video/belladonna-dominates-xrco-nominations-32631.html। আহৰণ কৰা হৈছে: 2024-08-13. 
  20. Brown, Trent (December 1, 2003). "AVN Award Nominations Released; Winners Announced Jan. 10 in Vegas". AVN Media NetworkAdult Video News. Archived from the original on January 28, 2016. https://web.archive.org/web/20160128064902/http://business.avn.com/articles/video/I-AVN-i-Award-Nominations-Released-Winners-Annouced-Jan-10-in-Vegas-37194.html। আহৰণ কৰা হৈছে: January 22, 2016. 
  21. "Adult Video News Nominations for 2007". Excalibur Films. Archived from the original on May 30, 2012. https://archive.today/20120530183135/http://www.excaliburfilms.com/excal/avn/2007avnnominations_mc.htm। আহৰণ কৰা হৈছে: January 9, 2012. 
  22. "2010 Nominees". AVN. Archived from the original on October 26, 2009. https://web.archive.org/web/20091026142002/http://avnawards.avn.com/about/nominees.html। আহৰণ কৰা হৈছে: November 26, 2009. 
  23. 23.0 23.1 "2011 AVN Award Nominations". AVN. Archived from the original on December 15, 2010. https://web.archive.org/web/20101215000902/http://avnawards.avn.com/2011_nominations2.pdf। আহৰণ কৰা হৈছে: September 4, 2018. 
  24. Miller, Dan (2011-02-22). "2011 XRCO Award Nominations Announced" (en ভাষাত). XBIZ. https://www.xbiz.com/news/130914/2011-xrco-award-nominations-announced। আহৰণ কৰা হৈছে: 2024-07-26.