সমললৈ যাওক

শ্বাক্ৰেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাক্ৰেইন উৎসৱ
শ্বাক্ৰেইন উৎসৱ
উৎসৱৰ সময়ত জুইৰ খেলা
অন্য নাম পৌষ সংক্ৰান্তি
প্ৰকাৰ পৰম্পৰাগত
তাৰিখ ১৪-১৫ জানুৱাৰী

শ্বাক্ৰেইন উৎসৱ বা চিলা উৎসৱ বাংলাদেশৰ ঢাকাত চিলা বা বাংলা ভাষাত ঘূৰি উৰুৱাই পালন কৰা বাৰ্ষিক উদ্‌যাপন।[1] পুৰণি ঢাকা আধাৰিত বঙালী মুছলমান ঢাকাইয়া জনগোষ্ঠীয়ে এই উৎসৱ অনন্যভাৱে উদ্‌যাপন কৰে। বাংলা পঞ্জিকাৰ নৱম মাহ পুহ মাহৰ শেষত (গ্ৰেগ’ৰিয়ান পঞ্জিকা অনুসৰি ১৪ বা ১৫ জানুৱাৰী) ই উদযাপিত হয়। এই উৎসৱ পুহৰ সংক্ৰান্তিৰ বন্ধৰ লগত মিলি যায়।[1] এই দিনটোক পৌষ সংক্ৰান্তি নামেৰে জনা যায়।[2]

বাংলাদেশৰ অন্যতম পুৰণি বাৰ্ষিক উৎসৱৰ ভিতৰত শ্বাক্ৰেইন উৎসৱ বাংলাদেশী সংস্কৃতিৰ এক বিখ্যাত আৰু উল্লেখযোগ্য অনুষ্ঠান। ই বাংলাদেশৰ ঐক্য আৰু বন্ধুত্বৰ প্ৰতীক।

কাৰ্যবিৱৰণী

[সম্পাদনা কৰক]

শ্বাক্ৰেইন উৎসৱ বেছিভাগেই ঢাকা চহৰৰ দক্ষিণ অংশৰ আশে-পাশে উদ্‌যাপন কৰা হয়।[1][3] উদ্‌যাপনৰ অংশ হিচাপে বিয়লিৰ ভাগত অঞ্চলটোৰ চাৰিওফালে থকা ঘৰৰ ছাদৰপৰা ওপৰলৈ ৰঙীন চিলা উৰুৱাই দিয়া হয়।[1][4] ই প্ৰায়ে চিলা যুঁজৰ ৰূপ লয়, কাৰণ অংশগ্ৰহণকাৰীসকলে ইজনে সিজনৰ চিলাৰ ৰছী ধৰিবলৈ বা কাটি পেলাবলৈ চেষ্টা কৰে।[4] ৰং-বিৰঙৰ চিলা উৰি থকা আকাশখন মনোমোহা হৈ পৰে।

আচাৰ-ব্যৱহাৰ

[সম্পাদনা কৰক]

ৰাতি হ’লে আতচবাজীৰে পুৰণি ঢাকাৰ আকাশখন পোহৰাই তোলা হয়। আতচবাজী-ফুলজাৰি আদি হাতত লৈ ছাদত গোট খোৱা লোকসকলেও একেলগে জুইৰ সৈতে হেতালি খেলাৰ দক্ষতাৰে মানুহক মনোৰঞ্জন দিয়ে।[1] সংগীতে গোটেই চহৰখনক জগাই তোলে, মানুহৰ মন আনন্দিত হৈ থাকে। হাজাৰ হাজাৰ লোকক একত্ৰিত কৰি প্ৰতিযোগিতা আৰু উপভোগ কৰা, ই এক আকৰ্ষণীয় অনুষ্ঠান, যাৰ বাবে প্ৰতিজন যুৱকে আগ্ৰহেৰে অপেক্ষা কৰে। প্ৰত্যেক ঘৰত কোনে ডাঙৰকৈ পিঠা পুৰিব পাৰে তাৰো প্ৰতিযোগিতা হয় আৰু মাজনিশাৰ পিছত পাশা খেলৰ দৰে খেল খেলা হয়, কিন্তু কেৱল ফলাফলৰ সৈতেহে যুক্ত। এই উৎসৱৰ দিনটোত বিভিন্ন ধৰণৰ মিঠাই আৰু পৰম্পৰাগত খাদ্য, বিশেষকৈ পুৰণি ঢাকাৰ বৈশিষ্ট্যযুক্ত খাদ্য কাচ্চি বিৰিয়ানীও পৰিৱেশন কৰা হয়।

চিত্ৰভাণ্ডাৰ

[সম্পাদনা কৰক]

অন্যান্য ঠাইত

[সম্পাদনা কৰক]

বাংলাদেশৰ দৰে পৃথিৱীৰ অন্যান্য ঠাইতো চিলা উৰুওৱা কাৰ্য উৎসৱৰ লেখীয়াকৈয়ো পালন কৰা হয়। ভাৰতৰ বিহাৰ ৰাজ্যৰ পাটনা চহৰখন চিলাৰ বাবে জনাজাত বুলি কোৱা হয়। এই ঠাইৰ বজাৰৰ দজখন দোকানৰ মাজত এখন চিলাৰ দোকান থাকে। চিলাবোৰ হীৰা আকৃতিৰ, পাখিৰ দৰে পাতল, নেজ নাই, একেবাৰে পাতল ৰেচমী সূতাৰে এই চিলা উৰুওৱা হয়।[5]

অসমতো এসময়ত চিলা উৰুওৱা বৰ জনপ্ৰিয় খেল আছিল। বৰ্তমান ই নৱপ্ৰজন্মৰ মাজত ঠাই ল’ব পৰা নাই। মাঘ-ফাগুন মাহত চিলা উৰুওৱা হৈছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Shakrain festival". The Daily Star. 19 January 2011. http://www.thedailystar.net/newDesign/news-details.php?nid=170574। আহৰণ কৰা হৈছে: 16 January 2012. 
  2. "Tales of Shakrain". Dhaka Tribune. 2019-01-12. https://archive.dhakatribune.com/feature/2019/01/12/tales-of-shakrain. 
  3. "The Kite Festival". Daily Sun. 20 January 2012. Archived from the original on 21 January 2013. https://archive.today/20130121060443/http://www.daily-sun.com/details_yes_20-01-2012_The-Kite-Festival_22_4_14_1_21.html. 
  4. 4.0 4.1 "Kite Festival during Makar Sankranti". Demotix. 15 January 2012. Archived from the original on 8 May 2013. https://web.archive.org/web/20130508122056/http://www.demotix.com/news/1003819/kite-festival-during-makar-sankranti। আহৰণ কৰা হৈছে: 9 November 2025. 
  5. "বিপাঙত চিলা সজা শিল্পী...". https://ruralindiaonline.org/article/patnas-kite-makers-caught-in-a-crosswind-as। আহৰণ কৰা হৈছে: 9 November 2025. 
  6. "ফাগুন মানেই চিলা উৰুওৱা বতৰ". https://assam.news18.com/news/assam/kite-shop-in-sivasagar-gets-attention-of-public-dd-local18-448397.html। আহৰণ কৰা হৈছে: 9 November 2025.