শ্বাদী আমিন
শ্বাদী আমিন (ইংৰাজী: Shadi Amin) এগৰাকী ইৰাণী লেখিকা আৰু কৰ্মী। ৰাজনৈতিক কাৰ্যকলাপৰ বাবে ১৯৮০ চনৰ আৰম্ভণিতে তেওঁ ইৰাণ এৰি যাবলৈ বাধ্য হৈছিল। বৰ্তমান আমিন জাৰ্মানীত নিৰ্বাসিত জীৱন কটাই আছে।.[1]
জীৱন
[সম্পাদনা কৰক]ইৰাণ এৰি যোৱাৰ আগতে আমিনে নিজৰ যৌনতাক ৰাজহুৱাভাৱে লুকুৱাবলগীয়া হৈছিল যদিও তেওঁৰ নিজৰ পৰিয়ালত নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ স্বাধীনতা আছিল।[2][3] ১৯৭৯ চনৰ পৰা আৰম্ভ কৰি আমিন ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰিছিল, যেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ৷ তেওঁ আছিল খোমেইনীৰ শাসনৰ বিৰোধী। তেওঁ অ'আইপিএফজিৰ অন্যতম সমৰ্থক আৰু সদস্য আছিল।[4] অৱশেষত ১৯৮৩ চনত ইস্তানবুল আৰু বাৰ্লিনৰ মাজেৰে পাকিস্তানলৈ গৈ ফ্ৰেংকফৰ্টত বসতি স্থাপন কৰিবলৈ পলায়ন কৰিবলগীয়া হয়।[5]
ইৰাণৰ ইছলামিক ৰিপাব্লিকত লিংগ বৈষম্য, নাৰীৰ ওপৰত পদ্ধতিগত অত্যাচাৰ আৰু মহিলা সমকামী আৰু কিন্নৰৰ অৱস্থাৰ দিশত গৱেষণা কৰি তেওঁৰ তথ্যৰ সৈতে জেণ্ডাৰ এক্স নামৰ এখন কিতাপ প্ৰকাশ কৰিছে।[6]ৰাহা বাহৰেইনীয়ে তেওঁৰ তথ্যৰ ইংৰাজী অনুবাদো প্ৰকাশ কৰা হৈছে, যাৰ নাম ডায়েগনজিং আইডেন্টিটিজ, ৱাউণ্ডিং বডিজ।[7][8] আমিনে তুৰস্কৰ এলজিবিটি লোকসকলৰ ওপৰত অধ্যয়ন কৰি তুৰস্কক ইৰাণৰ পৰা অহা লোকসকলে সহজেই ৰাজনৈতিক আশ্ৰয় ল’ব পৰা ঠাই বুলি অভিহিত কৰিছে।[9]
ইৰাণী মহিলা নেটৱৰ্ক এছ'চিয়েচন (SHABAKEH)ৰ প্ৰতিষ্ঠাপক সদস্য [10]আৰু বৰ্তমান ইৰাণী লেচবিয়ান নেটৱৰ্ক (6Rang)ৰ অন্যতম সমন্বয়ক৷ [3]ছিক্সৰেঙৰ সমন্বয়ক হিচাপে তেওঁ ইৰাণত মানৱ অধিকাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰামৰ্শৰ ওপৰত মন্তব্য কৰে।[11][12] ইয়াৰ উপৰিও জাষ্টিচ ফৰ ইৰাণ সংস্থাৰ সহ-প্ৰতিষ্ঠাপক।[3][12]
২০০০ চনত বাৰ্লিনত অনুষ্ঠিত এখন সন্মিলনত আমিনে ইৰাণৰ ইছলামিক ষ্টেটত তেতিয়া সংঘটিত হোৱা ৰক্ষণশীল প্ৰতিক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ আয়োজন কৰিছিল। ইৰাণৰ বাৰ্লিন এক্সাইলড উইমেন অৱ ইৰাণ এগেইনষ্ট ফাণ্ডামেণ্টেলিজম (বিইডব্লিউআইএএফ)ৰ সদস্য হিচাপে তেওঁ ইছলামিক ৰিপাব্লিকৰ ভুক্তভোগীসকলৰ বাবে এক মুহূৰ্তৰ মৌনতাৰে সন্মিলনখন আৰম্ভ কৰিবলৈ কয়৷ আনহাতে বিইডব্লিউআইএএফৰ আন সদস্যসকলে "তেওঁলোকে পিন্ধা ক'লা চাদৰ, যাৰ ভিতৰত সভা আৰু ইছলামিক ৰিপাব্লিকৰ বিৰুদ্ধে শ্লোগান আছিল" মুকলি কৰে। এই কাণ্ডৰ ফলত কেইবাজনো দৰ্শকে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা চলাই আৰক্ষীক মাতি অনা হয়।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ De Bellaigue, Christopher (2007). The Struggle for Iran. প্ৰকাশক New York: The New York Review of Books. পৃষ্ঠা. 74. ISBN 9781590172384. https://archive.org/details/struggleforiran0000debe/page/74.
- ↑ "Shadi Amin: Şeriatın gölgesindeki kadınlar toplumsal yaşama eşit katılamıyor" (tr ভাষাত). Alternatif Siyaset. 5 June 2013. Archived from the original on 23 September 2015. https://web.archive.org/web/20150923060745/http://alternatifsiyaset.net/2013/06/05/shadi-amin-seriatin-golgesindeki-kadinlar-toplumsal-yasama-esit-katilamiyor/.
- 1 2 3 Terman, Rochelle (Spring 2014). "Trans[ition in Iran"]. World Policy Journal (New York, New York: SAGE Publications) খণ্ড 31 (1): 28–38. doi:10.1177/0740277514529714. http://wpj.sagepub.com/content/31/1/28.full.pdf+html। আহৰণ কৰা হৈছে: 24 September 2015.[সংযোগবিহীন উৎস]
- ↑ صبا, صادق (2016-11-26). "«چالش احترامآمیز» اشرف دهقانی و اوریانا فالاچی در مهمانی شادی امین" (fa ভাষাত). رادیو فردا. https://www.radiofarda.com/a/f7-mizban-e16-shadi-amin/28139833.html.
- ↑ Jaeger, Milan (22 November 2013). "Die Hoffnung ist geblieben" (de ভাষাত). Frankfurter Allgemeine Rhein-Main. https://www.faz.net/aktuell/rhein-main/politische-fluechtlinge-in-frankfurt-die-hoffnung-ist-geblieben-12677128.html.
- ↑ Evans, Trausti (19 September 2015). "Jag vill användamig av humorn" (sv ভাষাত). প্ৰকাশক Stockholm, Sweden: Stockholms Fria. http://www.stockholmsfria.se/artikel/119084.
- ↑ Stewart, Colin (31 July 2014). "Iran Campaign Seeks End to Coerced LGBT Sex Changes". Erasing 76 Crimes. http://76crimes.com/2014/07/31/iran-campaign-seeks-end-to-coerced-lgbt-sex-changes/। আহৰণ কৰা হৈছে: 22 September 2015.
- ↑ Farahani, Mansoureh (18 August 2015). "Forced Sex Changes Must Stop Now". প্ৰকাশক London, England: IranWire. http://en.iranwire.com/features/6712/.
- ↑ Mirac, Zeynep (11 August 2014). "İranlı eşcinsellerin bekleme salonu Türkiye" (tr ভাষাত). Hurriyet Kelebek. http://www.hurriyet.com.tr/kelebek/hayat/26929462.asp.
- ↑ "6Rang Talks About Iranian LGBTQ Realities". Sogi News. 22 August 2014. http://www.soginews.com/6rang-talks-iranian-lgbtq-realities/। আহৰণ কৰা হৈছে: 23 September 2015.
- ↑ Stewart, Colin (5 November 2014). "11 Nations Blast Iran's Record on LGBTI Rights". Erasing 76 Crimes. http://76crimes.com/2014/11/05/11-nations-blast-irans-record-on-lgbti-rights/। আহৰণ কৰা হৈছে: 22 September 2015.
- 1 2 "Justice For Iran Delivers UPR-Pre Session Statement". Sogi News. 11 October 2014. http://www.soginews.com/justice-iran-delivers-upr-pre-session-statement/.
- ↑ Eshkevari, Hasan Yousefi; Mir-Hosseini, Ziba; Tapper, Richard (2006). Islam and Democracy in Iran: Eshkevari and the Quest for Reform. প্ৰকাশক London and New York: I.B.Tauris. পৃষ্ঠা. 147–148. ISBN 978-1-84511-133-5. https://books.google.com/books?id=irY4_doVYVYC&pg=PA148.