শ্বানুৰ ছানা
| শ্বানুৰ ছানা | |
|---|---|
| জন্ম | শ্বানুৰ ছানা বেগম হায়দৰাবাদ, তেলংগানা, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৪ - বৰ্তমান |
| দাম্পত্যসঙ্গী | ছাদত |
| সন্তান | ছৈয়দ আনোৱাৰ আহমেদ (পুত্ৰ) সহ ২ জন |
| আত্মীয়-স্বজন | সমীৰা শ্বৰীফ (বোৱাৰী) |
শ্বানুৰ ছানা বেগম (ইংৰাজী: Shanoor Sana Begum), যাক এককভাৱে ছানা বুলি জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে।[1] তেওঁ কেইখনমান কন্নড় আৰু তামিল ছবিতো অভিনয় কৰিছে। সহযোগী চৰিত্ৰৰ বাবে পৰিচিত ছানাই দক্ষিণ ভাৰতীয় ভাষাসমূহৰ ২০০তকৈও অধিক ছবিত অভিনয় কৰিছে।
জীৱনী
[সম্পাদনা কৰক]তেলংগানাৰ হায়দৰাবাদত এজন খ্ৰীষ্টান পিতৃ আৰু এগৰাকী মুছলমান মাতৃৰ ঘৰত তেওঁৰ জন্ম হৈছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ আগতেই কিশোৰ বয়সতে তেওঁ ছাদতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।[2] তেওঁৰ পুত্ৰ ছৈয়দ আনোৱাৰ আহমেদ এজন চলচ্চিত্ৰ নিৰ্মাতা আৰু তেওঁৰ বোৱাৰী সমীৰা শ্বৰীফ এগৰাকী টেলিভিছন অভিনেত্ৰী।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁ আৰম্ভণিতে মডেলিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ গঢ়িছিল। টেলিভিছন আৰু মডেলিংৰ কামত ব্যস্ত থকাৰ সময়তে তেওঁ পৰিচালক কৃষ্ণ বংশীৰপৰা চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে। পৰিচালক কৃষ্ণ বংশীয়ে তেওঁৰ ১৯৯৬ চনৰ ছবি নিন্নে পেল্লাদাথাৰ এটা সহযোগী চৰিত্ৰৰ বাবে এগৰাকী উপযুক্ত অভিনেত্ৰীৰ সন্ধানত আছিল আৰু তেওঁ ছানাক এই চৰিত্ৰটোৰ বাবে চুক্তিবদ্ধ কৰে। এই ছবিখনেই আছিল তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি।[4] নাগাৰ্জুন অভিনীত এই ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে বক্স অফিচতো সফলতা অৰ্জন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তেতিয়াৰপৰাই তেওঁ বেছিভাগ তেলুগু ছবিত সহযোগী অভিনেত্ৰী হিচাপে অভিনয় কৰি আহিছে। ২০১১ চনৰ ছবি শ্ৰী ৰাম ৰাজ্যমত কৈকেয়ীৰ চৰিত্ৰত কৰা তেওঁৰ অভিনয় প্ৰশংসিত হৈছিল আৰু ২০১১ চনৰ আন এখন ছবি ৰাজাপট্টাইত নেতিবাচক চৰিত্ৰত কৰা অভিনয়ৰ বাবেও তেওঁ সমালোচকৰপৰা সমাদৰ লাভ কৰিছিল। ২০১৬ চনত তেওঁ কন্নড় ছবি চিল্ক চক্কথ মাগাত এগৰাকী ভেম্পৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] ২০১৮ চনত তেওঁ তামিল ধাৰাবাহিক পনমগল ৱান্থালৰ জৰিয়তে টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।[6]
২০২০ চনৰ মে’ মাহত তেওঁ বোৱাৰীয়েক সমীৰা শ্বৰীফৰ সৈতে পাকঘৰৰ বিভিন্ন ৰন্ধন প্ৰণালী শিকাই নিজাববীয়া ইউটিউব চেনেল আৰম্ভ কৰে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kavirayani, Suresh (3 May 2020). "Shanoor Sana flaunts her culinary skills" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/sunday-chronicle/leisure/030520/shanoor-sana-flaunts-her-culinary-skills.html। আহৰণ কৰা হৈছে: 22 May 2020.
- ↑ "The Ultimate Support System". The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2016/mar/19/the-ultimate-support-system-913274.html.
- ↑ "Syed Anwar surprises birthday girl Sameera Sherief on their honeymoon; take a look" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/tamil/syed-anwar-surprises-birthday-girl-sameera-sherief-on-their-honeymoon-take-a-look/articleshow/72072624.cms। আহৰণ কৰা হৈছে: 22 May 2020.
- ↑ kavirayani, suresh (26 March 2014). "The surprising Sana" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/140325/entertainment-tollywood/article/surprising-sana। আহৰণ কৰা হৈছে: 22 May 2020.
- ↑ "Sana plays a stunning vamp". The Times of India. 2012-07-20. Archived from the original on 2013-04-14. https://web.archive.org/web/20130414084447/http://articles.timesofindia.indiatimes.com/2012-07-20/news-interviews/32763780_1_vamp-veena-malik-kannada-film.
- ↑ "Shanoor Sana Begum flaunts her Bharatanatyam skills; See video - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/tamil/shanoor-sana-begum-flaunts-her-bharatanatyam-skills-see-video/articleshow/66380029.cms। আহৰণ কৰা হৈছে: 22 May 2020.
- ↑ "Actress Sana: ఈసారి స్వీట్ తినిపిస్తానంటున్న సనా, సమీరా! డబుల్ కా మీఠా ఈజీ రెసిపీ" (te ভাষাত). Samayam Telugu. https://telugu.samayam.com/tv/news/shanoor-sana-and-sameera-sheriefs-ramadan-special-hyderabadi-double-ka-meetha-taste-it/articleshow/75850697.cms। আহৰণ কৰা হৈছে: 22 May 2020.