শ্বাফিগা এফেন্দিজাদে
| শ্বাফিগা এফেন্দিজাদে | |
|---|---|
![]() | |
| জন্ম | ১৯ মাৰ্চ, ১৮৮৩ আট্সকুৰি, আখালৎসিখে উয়েজ্দ, টিফ্লিছ গৱৰ্ণৰেট |
| মৃত্যু | ২৯ জুলাই, ১৯৫৯ (৭৬ বছৰ) বাকু, আজাৰবাইজান SSR, USSR |
| পেচা | সাংবাদিক, লেখিকা, শিক্ষয়িত্ৰী |
শ্বাফিগা এফেন্দিজাদে (আজাৰবাইজানী: Şəfiqə Əfəndizadə; ১৯ মাৰ্চ ১৮৮৩ – ২৯ জুলাই ১৯৫৯) আছিল এগৰাকী আজাৰবাইজানী মহিলা অধিকাৰ আন্দোলনকাৰী, শিক্ষয়িত্ৰী আৰু সাংবাদিক। তেওঁ মহিলাৰ অধিকাৰ আৰু স্বাধীনতাৰ সুৰক্ষাৰ বিষয়ে বহুতো প্ৰবন্ধ লিখিছিল, যিবোৰ ‘ইশিগ’’ আৰু ‘‘আজাৰবাইজান’’ বাতৰি কাকত আৰু ‘‘শাৰ্গ গাদিনী’’ আলোচনীত প্ৰকাশ পাইছিল। তেওঁ আলি বাইৰামভ ক্লাব সংগঠনত সক্ৰিয় ভূমিকা লৈছিল, যিটো আছিল আজাৰবাইজানৰ প্ৰথম মহিলা ক্লাব।
শ্বাফিগা এফেন্দিজাদে আছিল প্ৰথম আজাৰবাইজানী মহিলা সাংবাদিক আৰু ৰাজহুৱা চিন্তাবিদ, লগতে দক্ষিণ ককেছাছত আজাৰবাইজানী ভাষা পঢ়োৱা প্ৰথম মহিলা শিক্ষক।[1][2] তেওঁ আজাৰবাইজান গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ প্ৰথম মহিলা চৰকাৰী কৰ্মচাৰী বুলিও জনা যায়।[2][3][4]
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
[সম্পাদনা কৰক]শ্বাফিগা এফেন্দিজাদেৰ জন্ম ১৮৮৩ চনৰ ১৯ মাৰ্চত টিফ্লিছ গৱৰ্ণৰেটৰ আখালৎসিখে উয়েজ্দৰ আট্সকুৰি গাঁৱত হৈছিল। তেওঁ এজন শিক্ষাবিদ হাফিজ মহাম্মদামিন শ্বেইখজাদেৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[5] তেওঁ ঘৰতেই নিজৰ সৰু ভনীৰ সৈতে প্ৰাথমিক শিক্ষা লাভ কৰে। ১৮৯৬ চনত তেওঁৰ পৰিয়াল নুখা (বৰ্তমানৰ শ্বাকি) লৈ গুচি যায়। ১৪ বছৰ বয়সতে তেওঁ পিতৃয়ে ছোৱালীৰ বাবে স্থাপন কৰা এখন শ্ৰেণীত শিক্ষকতা আৰম্ভ কৰে। পিছলৈ তেওঁ ককেছাছৰ ধৰ্মীয় পৰিষদ আৰু বাকুৰ তৃতীয় আলেকজান্দ্ৰভস্কি পুৰুষ জিমনেছিয়ামত পৰীক্ষা দি প্ৰাথমিক বিদ্যালয়ত তুৰ্কী ভাষা আৰু শ্বৰিয়ত আইন পঢ়াবলৈ অনুমতিপত্ৰ লাভ কৰে।[5] ১৯০১ চনত টিফ্লিছত ককেছাছৰ ধৰ্মীয় পৰিষদৰ পৰা শিক্ষকতাৰ প্ৰমাণপত্ৰ লাভ কৰি, তেওঁ হাজী জেইনালাবদিন তাগিয়েভে প্ৰতিষ্ঠা কৰা ‘‘এমপ্ৰেছ আলেকজান্দ্ৰা ৰাছিয়ান মুছলিম ছোৱালী আৱাসিক বিদ্যালয়’’ত আজাৰবাইজানী ভাষা পঢ়াবলৈ আৰম্ভ কৰে।[5][3] তেওঁ পাৰ্ছী, ৰাছিয়ান আৰু আৰবী ভাষা গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু পূৰ্বীয় ধ্ৰুপদী সাহিত্য অধ্যয়ন কৰিছিল। লগতে তেওঁ মহিলা শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমতো পাঠদান কৰিছিল।[2]
শ্বাফিগাৰ বিবাহ হৈছিল শিক্ষক আলাদ্দিন আফান্দিয়েভৰ সৈতে। তেওঁলোকৰ দুজন পুত্ৰ আছিল— আদিল (জন্ম ১৯০৭) আৰু ফুৱাদ (জন্ম ১৯০৯)। ১৯১৮ চনৰ মাৰ্চ ঘটনাৰ সময়ত তেওঁ পৰিয়ালসহ বাকু ত্যাগ কৰি আখালৎসিখে আৰু তাৰ পৰা ইস্তানবুললৈ যায়। এই যাত্ৰাৰ সময়তে তেওঁ স্বামী আৰু ভনীক হেৰুৱায়। ১৯১৯ চনৰ এপ্ৰিল মাহত তেওঁ পুনৰ বাকুলৈ উভতি আহে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]শ্বাফিগা এফেন্দিজাদে ১৯০৩ চনত ‘‘শাৰ্গি-ৰুছ’’ বাতৰি কাকতত প্ৰকাশিত ‘‘মাৰিফপৰভাৰ ৰুফআতি মুছাহাম্মদ আগা শ্বাখতাখ্তিনস্কিৰ হুজুৰিয়ালিলাৰ’’ নামৰ প্ৰবন্ধৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰে।[1]
তেওঁ ‘‘দেবিস্তান’’, ‘‘মক্তেব’’, ‘‘ফুকাৰা ফুযুজাতি’’, ‘‘দিৰিলিক’’, ‘‘মেদেনিয়েত’’ আলোচনী আৰু ‘‘শাৰ্গি-ৰুছ’’, ‘‘হেয়াত’’, ‘‘ইৰশাদ’’, ‘‘ইকবাল’’, ‘‘ইয়েনি ইকবাল’’ আৰু ‘‘আচিগ সোজ’’ বাতৰি কাকতৰ সৈতে সহযোগিতা কৰিছিল।[1] তেওঁৰ লেখাসমূহত মহিলাৰ অধিকাৰ, নিপীড়ন, শৰণাৰ্থীৰ সমস্যা, শিশু শিক্ষা, বিদ্যালয় জীৱন আদি সামাজিক বিষয় আলোচনা কৰা হৈছিল।[1]
১৯১৪ চনত তেওঁ ‘‘ইকি ইয়েতিম, ইয়াখুদ কেৰিমিন হিম্মেতি’’ নামৰ এখন কিতাপ প্ৰকাশ কৰে। তেওঁৰ শিশু-কেন্দ্ৰিক গল্পসমূহ সেই সময়ৰ বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল।[3] তেওঁ আৰবী, পাৰ্ছী আৰু ৰাছিয়ান ভাষাৰ পৰা অনুবাদো কৰিছিল।[2][4]
১৯১৬ চনত তেওঁ জালিল মাম্মদকুলুজাদেৰ বিখ্যাত নাটক ‘‘মৃতদেহ’’ৰ প্ৰথম সমালোচনা লিখিছিল।[3]
১৯১৭ চনত বাকুৰ ইসমাইলিয়্যা ভৱনত অনুষ্ঠিত ককেছাছ মুছলমান কংগ্ৰেছত তেওঁ অংশগ্ৰহণ কৰা তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী আছিল। তেওঁৰ ভাষণে পূৰ্বীয় মহিলাৰ শিক্ষা আৰু মহিলা বিদ্যালয় স্থাপনৰ বিষয়ে আলোচনাৰ সূচনা কৰিছিল।[4][3]
১৯১৯ চনত ইস্তানবুলৰ পৰা উভতি আহি তেওঁ ‘‘আজাৰবাইজান’’ বাতৰি কাকতৰ সম্পাদকমণ্ডলীৰ সদস্য হয়।[6][7] তেওঁ আজাৰবাইজান গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ সংসদৰ কাৰ্যকলাপত ষ্টেনোগ্ৰাফাৰ হিচাপে অংশগ্ৰহণ কৰিছিল। ১৯১৯ চনত তেওঁ সংসদৰ নথিভুক্তি বিভাগৰ সহকাৰী পৰিচালক নিযুক্ত হয়।[1]
ছোভিয়েট শাসনৰ সময়ত তেওঁ ১৯২০ চনত আলি বাইৰামভ ক্লাব গঠন কাৰ্যত অংশ লয়।[8] ১৯২৩ চনত তেওঁ ‘‘শাৰ্গ গাদিনী’’ আলোচনীৰ সম্পাদক আৰু সাহিত্য বিভাগৰ মূৰব্বী নিযুক্ত হয়।[5] সেই বছৰত তেওঁ আজাৰবাইজান SSRৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সমিতিৰ সদস্য নিযুক্ত হয়।[7]
মৃত্যু আৰু ঐতিহ্য
[সম্পাদনা কৰক]শ্বাফিগা এফেন্দিজাদেৰ ১৯৫৯ চনৰ ২৯ জুলাইত বাকুত মৃত্যু হয়।[2][6][7] বাকুৰ ১৩ নম্বৰ সম্পূৰ্ণ বিদ্যালয়খন তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে।[9]
শ্বাফিগা এফেন্দিজাদেৰ নিৰ্বাচিত গল্পসমূহ—যাৰ ভিতৰত ‘‘Two Orphans, or Karim's Community’’ আৰু ‘‘The Doorman's Daughter’’ অন্তৰ্ভুক্ত—আৰু আজাৰবাইজান ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফুজুলি পাণ্ডুলিপি প্ৰতিষ্ঠানত সংৰক্ষিত তেওঁৰ ‘‘স্মৃতিচাৰণ’’ৰ কিছুমান অংশ একেলগ কৰি ‘‘Selected Works of Shafiga Efendizadeh (1903–1925)’’ শীৰ্ষক গ্ৰন্থখন প্ৰস্তুত কৰা হয়।[10] তেওঁৰ জন্মৰ ১৩৫ বছৰ পূৰ্তি উপলক্ষে ২০১৭ চনত এই গ্ৰন্থখন প্ৰকাশ কৰা হয়।[1] এই গ্ৰন্থখনৰ সংকলক আছিল দৰ্শনশাস্ত্ৰৰ ডক্টৰ শাহলা আব্দুল্লায়েভা।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Abdullayeva, Şəhla (August 2023). "Şəfiqə Əfəndizadə – ilklərə imza atan Azərbaycan qadını" (az ভাষাত). Tribun (9): 623–634. ISBN 978-625-992-922-4.
- ↑ 2.0 2.1 2.2 2.3 2.4 Vəliyev, Əfqan. "Azərbaycan Cümhuriyyəti Parlamentinin iIk qadın əməxdaşı" (az ভাষাত). Türküstan. https://www.elibrary.az/docs/qazet/qzt2020_14744.pdf.
- ↑ 3.0 3.1 3.2 3.3 3.4 "Azərbaycan Cümhuriyyəti Parlamentinin ilk qadın əməkdaşı" (az ভাষাত). Azerbaijan State News Agency. 2018-10-07. https://azertag.az/xeber/Azerbaycan_Cumhuriyyeti_Parlamentinin_ilk_qadin_emekdasi-1201762.
- ↑ 4.0 4.1 4.2 "Azərbaycan Cümhuriyyəti Parlamentinin ilk qadın əməkdaşı" (ru ভাষাত). Social Research Center of Azerbaijan. https://stm.az/ru/news/322/azerbaycan-cumhuriyyeti-parlamentinin-ilk-qadin-emekdasi। আহৰণ কৰা হৈছে: 2024-02-08.
- ↑ 5.0 5.1 5.2 5.3 Əhmədzadə, Fidan. "Mübariz, maarifpərvər ziyalı qadın – Şəfiqə Əfəndizadə" (az ভাষাত). National Archive Department of Azerbaijan. http://milliarxiv.gov.az/az/shefiqe-ahmedzade-140.
- ↑ 6.0 6.1 Şəymən (2018-09-04). "Azərbaycanın ilk peşəkar qadın jurnalisti..." (az ভাষাত). Şərq qəzeti: পৃষ্ঠা 11. https://anl.az/down/meqale/sherq/2018/sentyabr/604032.htm.
- ↑ 7.0 7.1 7.2 Dünyaminqızı, Qərənfil (2015-09-15). "Öz millətini ucaldan xanım" (az ভাষাত). Kaspi qəzeti: পৃষ্ঠা 9–10. http://web2.anl.az:81/read/page.php?bibid=vtls000454662.
- ↑ Mikayıl qızı, Pərixanım (2015-09-15). "Şəfiqə Əfəndizadənin qadın azadlığı uğurunda mübarizəsi" (az ভাষাত). Kaspi qəzeti: পৃষ্ঠা 14. http://web2.anl.az:81/read/page.php?bibid=vtls000454691.
- ↑ Fərəcov, Savalan (2022-12-29). "İşıqlı xanımlarımızdan: Şəfiqə Əfəndizadə" (az ভাষাত). Mədəniyyət qəzeti. https://medeniyyet.az/page/news/65694/Isiqli-xanimlarimizdan:-Sefiqe-Efendizade.html?lang=az.
- ↑ 10.0 10.1 Əliyev, Rafiq (2019-02-22). "Keçmişlə gələcəyin vəhdəti" (az ভাষাত). 525-ci qəzet: পৃষ্ঠা 6. https://www.anl.az/down/meqale/525/2019/fevral/636989.htm.
