সমললৈ যাওক

শ্বামছুন্নহৰ মাহমুদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেগম

শ্বামছুন্নহৰ মাহমুদ
শ্বামছুন্নহৰ মাহমুদ
তৃতীয় ৰাষ্ট্ৰীয় বিধানসভা
কাৰ্যকাল
১৯৬২ – ১৯৬৫
ৰাষ্ট্ৰপতি আয়ুব খান
উত্তৰসূৰী ডলী আজাদ
সমষ্টি এন ই-৭৭ (মহিলাৰ সংৰক্ষিত আসন-II)
ব্যক্তিগত তথ্য
জন্ম ১৯০৮
মৃত্যু ১০ এপ্ৰিল, ১৯৬৪ (৫৬ বছৰ)
ঢাক্কা
সন্তান মামুন মাহমুদ
পেচা লেখক, ৰাজনীতিক আৰু শিক্ষাবিদ

শ্বামছুন্নহৰ মাহমুদ (ইংৰাজী: Shamsunnahar Mahmud, প্ৰায় ১৯০৮ — ১০ এপ্ৰিল, ১৯৬৪) ২০ শতিকাৰ আৰম্ভণিৰ সময়ৰ বংগৰ এগৰাকী লেখক, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। বেগম ৰকেয়াৰ নেতৃত্বত তেওঁ বংগৰ নাৰী অধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল।[1] ঢাকা বিশ্ববিদ্যালয় আৰু চিট্টাগং বিশ্ববিদ্যালয়ৰ শ্বামছুন্নাৰ হলৰ নাম তেওঁৰ নামেৰে ৰখা হয়।[2]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯০৮ চনত বাংলাদেশৰ ফেনী জিলাৰ বৰ্তমানৰ পৰশুৰাম উপজিলাৰ উত্তৰ গুথুমা গাঁৱত মাহমুদৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহম্মদ নুৰুল্লাহ এজন মুনচিফ আছিল। খান বাহাদুৰ আব্দুল আজিজ আছিল তেওঁৰ ককাক। তেওঁৰ ভাতৃ হবিবুল্লাহ বাহাৰ চৌধুৰী এজন ৰাজনীতিবিদ আছিল।[2]

মাহমুদে চট্টগ্ৰামৰ ড° খস্তাগীৰ চৰকাৰী বালিকা বিদ্যালয়ত পঢ়া-শুনা আৰম্ভ কৰে, আৰু ১৯২৬ চনত ব্যক্তিগত প্ৰাৰ্থী হিচাপে মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হয়। তেওঁ কলিকতাৰ ডাইচেচন কলেজ পৰা আই.এ. (১৯২৮ চনত) আৰু বি.এ. (১৯৩২ চনত) উত্তীৰ্ণ হয়।[3]১৯৪২ চনত বাংলা সাহিত্যত এম.এ. পঢ়াৰ পিছত তেওঁ বেগম ৰকেয়াৰ নেতৃত্বত নাৰী অধিকাৰ আন্দোলনত যোগদান কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

লেডী ব্ৰাবৰ্ণ কলেজত বাংলা সাহিত্যৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল৷ তেওঁ নিখিল বংগা মুছলিম মহিলা সমিতি (অল ​​বেংগল মুছলিম মহিলা সমাজ)ৰ সম্পাদিকা হিচাপে কাম কৰিছিল। ১৯৫২ চনত পূব পাকিস্তানৰ প্ৰতিনিধি হিচাপে তুৰস্ক আৰু মধ্যপ্ৰাচ্য ভ্ৰমণ কৰে।১৯৬২ চনত ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য নিৰ্বাচিত হয়।[2]

১৯৬১ চনত তেওঁ "দি চেণ্টাৰ ফৰ দ্য ৰিহেবিলিটেচন অৱ ডিচেবল চিলড্ৰেন" স্থাপনৰ সূচনা কৰে।[2]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

মাহমুদৰ মৃত্যুৰ পিছত ঢাকা বিশ্ববিদ্যালয়,চট্টগং বিশ্ববিদ্যালয়ৰ মহিলা হলটোৰ নাম শ্বামছুন্নহৰ হল ৰখা হয়।[2] সামাজিক কাম-কাজত আগবঢ়োৱা অৱদানৰ বাবে ১৯৮১ চনত বাংলাদেশ চৰকাৰে তেওঁক স্বাধীনতা দিৱসৰ বঁটাৰে সন্মানিত কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Banu, U. A. B. Razia Akter (1992). Islam in Bangladesh. BRILL. পৃষ্ঠা. 135. ISBN 90-04-09497-0. "Begum Shamsunnahar Mahmud carried Rokeya's torch in former East Pakistan from 1950 to the 1960s." 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 AKM Saifuzzaman (2012). "Mahmud, Shamsunnahar". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 6 April 2025. 
  3. Amin, Sonia (1996). The World of Muslim Women in Colonial Bengal, 1876-1939. BRILL. পৃষ্ঠা. 159. ISBN 90-04-10642-1.