সমললৈ যাওক

শ্বামিন মান্নান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বামিন মান্নান

২০১৮ চনত শ্বামিন মান্নান
জন্ম ডিব্ৰুগড়, অসম, ভাৰত
পেচা
  • অভিনেত্ৰী
  • মডেল
আত্মীয়-স্বজন তামান্না মান্নান (ভগ্নী)

শ্বামিন মান্নান হিন্দী টেলিভিছনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কালাৰ্ছ টিভি নাট্য ধাৰাবাহিক সংস্কাৰ – ধৰোহৰ আপনো কি (২০১৩–১৪)ত ভূমি বৈষ্ণৱৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত হৈছে।[1][2]

প্ৰাথমিক আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মান্নানৰ জন্ম হৈছিল অসমডিব্ৰুগড়ত।[3] তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নী তামান্না, যি এগৰাকী হিন্দী টেলিভিছন অভিনেত্ৰীও, যি ষ্টাৰ প্লাছৰ নজৰ ছবিত কৰা কামৰ বাবে পৰিচিত।[4]

মান্নান এগৰাকী ইছলাম ধৰ্মী ব্যক্তি আৰু তেওঁ নিজকে "ধৰ্মীয়তকৈ অধিক আধ্যাত্মিক" বুলি বৰ্ণনা কৰে। ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ প্ৰকাশ কৰে যে তেওঁৰ অতুল কুমাৰৰ সৈতে আঠবছৰীয়া সম্পৰ্ক আছে।[5] ২০১৭ চনৰ ৩ ডিচেম্বৰত কাজিৰঙাত ব্যক্তিগত অনুষ্ঠানত কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[6][7]

কেৰিয়াৰ

[সম্পাদনা কৰক]

শ্বামিন বহু টিভি বিজ্ঞাপনত অভিনয় কৰিছিল - ডাবুৰ গুলাবাৰী ৰোজ ৱাটাৰ, বাঘ বাকৰি চাহ, ডিচ টিভি, চনী এৰিক্সন, পলিক্ৰল এণ্টাচিড আৰু মেকড'নাল্ডছ।[8] ভূমিৰ চৰিত্ৰত কালাৰছ টিভিৰ সংস্কাৰ - ধৰোহৰ আপ্নো কিৰ বাবেই তেখেতক আটাইতকৈ বেছি প্ৰশংসা কৰা হৈছিল।

ৱেব চিৰিজ

[সম্পাদনা কৰক]
শিৰোনাম ছেনেল টোকা
আনজান : গ্ৰাম্য কাহিনী নেটফ্লিক্স মুখ্য
খাড়ে হ্যেই তেৰি ৰাহোঁ মেঁ হটষ্টাৰ মুখ্য

টেলিভিছন

[সম্পাদনা কৰক]
শিৰোনাম ছেনেল টোকা
সংস্কাৰ-ধৰোহৰ অপ্নো কী কালাৰ্চ টিভি মুখ্য
ৰাম প্যাৰে চিৰ্ফ হামাৰে জি টিভি মুখ্য
য়ে হ্যেই আশ্বিকী বিন্দাচ মুখ্য
প্যাৰ তুনে ক্যা কিয়া ঝিং টিভি মুখ্য
খিড়কী চব টিভি মুখ্য
এম টিভি বিগ এফ এম টিভি মুখ্য
কছম টেৰি প্যাৰ কী কালাৰ্চ টিভি এণ্টাগোনিষ্ট

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Shamin Mannan teases cyberspace with her sultry pictures". https://photogallery.indiatimes.com/tv/stars/shamin-mannan/Shamin-Mannans-pictures/articleshow/66080772.cms. 
  2. "'Sanskaar - Dharohar Apnon Ki' TV serial on Colors TV". Official Website for Colors TV. Archived from the original on 7 January 2013. https://web.archive.org/web/20130107104234/http://colors.in.com/in/shows/sanskaar-dharohar-apnon-ki-3594.html। আহৰণ কৰা হৈছে: 11 March 2013. 
  3. "I pursued acting against my parents' wishes: Shamim Mannan - Times of India". 30 January 2013. http://timesofindia.indiatimes.com/tv/news/hindi/I-pursued-acting-against-my-parents-wishes-Shamim-Mannan/articleshow/18237138.cms. 
  4. "Shamin mannan: My sister is my bestie: Shamin Mannan - Times of India". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/my-sister-is-my-bestie-shamin-mannan/articleshow/60902545.cms। আহৰণ কৰা হৈছে: 1 October 2017. 
  5. Maheshwari, Neha (2016-02-11). "Shamin Mannan: My boyfriend and I don't feel the the[sic need to convert for marriage"]. The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/shamin-mannan-my-boyfriend-and-i-dont-feel-the-the-need-to-convert-for-marriage/articleshow/50931561.cms. 
  6. "Actress Shamin Mannan ties the knot with beau Atul Kumar" (en ভাষাত). India Today. 2017-12-14. https://www.indiatoday.in/television/video/actress-shamin-mannan-ties-the-knot-with-beau-atul-kumar-lifetv-1107445-2017-12-14। আহৰণ কৰা হৈছে: 2024-10-26. 
  7. "Banoo Main Teri Dulhan fame Shamin Manann's pre-wedding clicks are adorable" (en ভাষাত). The Times of India. 2017-11-15. https://timesofindia.indiatimes.com/banoo-main-teri-dulhan-fame-shamin-mananns-pre-wedding-clicks-are-adorable/amp_etphotostory/61659451.cms। আহৰণ কৰা হৈছে: 2024-10-26. 
  8. "Web Reference by Anupam Kher's acting school - Actor Prepares". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304230315/http://www.actorprepares.net/news/shamin-mannan-in-the-latest-sony-ericsson-tvc/। আহৰণ কৰা হৈছে: 11 March 2013.