শ্বামু
| শ্বামু | |
|---|---|
| জন্ম | ছিৰিন শৰ্মিলী ৰামলিংগম ১৪ জুন ১৯৮৮ বিকানেৰ, ৰাজস্থান, ভাৰত |
| নাগৰিকত্ব | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৮–২০১২ |
ছিৰিন শৰ্মিলী ৰামলিংগম, পেছাদাৰীভাৱে শ্বামু নামেৰে পৰিচিত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান অভিনেত্ৰী। তেওঁ মূলতঃ তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কাঞ্চীভৰম, ময়িলু আৰু দশৱতাৰমৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত।[1]
পটভূমি
[সম্পাদনা কৰক]শ্বামুৰ জন্ম ৰাজস্থানৰ বিকানেৰত এটা তামিল হিন্দু পৰিয়ালত হৈছিল। তেওঁলোকৰ পৰিয়ালটো মূলতঃ তামিলনাডুৰ নেইভেলীৰ আছিল। পৰৱৰ্তী সময়ত তেওঁৰ পৰিয়ালটো আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়। তেওঁৰ পিতৃ ৰাজাৰাম ৰামলিংগম এজন কম্পিউটাৰ কনচুলটেণ্ট আছিল আৰু মাতৃ এগৰাকী গৃহিণী। শ্বামুৱে ফ্ল’ৰিডাৰ অৰলেণ্ডোৰ চাইপ্ৰেছ ক্ৰীক হাইস্কুলত অধ্যয়ন কৰি আছিল যদিও চলচ্চিত্ৰত অভিনয় কৰিবলৈ তেওঁ বিদ্যালয় ত্যাগ কৰে। চলচ্চিত্ৰত অভিনয় কৰি থকাৰ মাজতে শ্বামুৱে অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে তেওঁৰ হাইস্কুলৰ শিক্ষা সম্পূৰ্ণ কৰে। তেওঁৰ সৰু ভনীয়েকেও ময়িলু ছবিত শ্বামুৰ চৰিত্ৰটোৰ কিশোৰী কালৰ ৰূপত অভিনয় কৰিছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৮ চনৰ তামিল ছবি দশৱতাৰমৰ এটা চুটি চৰিত্ৰৰ বাবে এগৰাকী ভাৰতীয় অভিনেত্ৰীৰ সন্ধানত থকা ছবিখনৰ কৰ্মকৰ্তাসকলৰপৰা আমন্ত্ৰণ পোৱাৰ পিছত শ্বামুৱে সেই ছবিত অভিনয় কৰিছিল। তেওঁৰ ভাৰতনাট্যম প্ৰদৰ্শনৰ জৰিয়তে ছবিখনৰ পৰিচালক গোটটোৱে তেওঁৰ বিষয়ে জানিব পাৰিছিল। ছবিখনত তেওঁ এগৰাকী বিজ্ঞানীৰ চৰিত্ৰত অভিনয় কৰিছিল।
ইয়াৰ কিছুসময়ৰ পাছতে ভাৰতত বন্ধ কটাই থকাৰ সময়ত শ্বামুৱে প্ৰকাশ ৰাজৰ ঘৰুৱা প্ৰযোজনাৰ ছবি ময়িলুৰ বাবে অডিচন দিছিল আৰু তাত নিৰ্বাচিত হোৱাৰ পিছত প্ৰকাশ ৰাজে তেওঁ কাম কৰি থকা আন এটা প্ৰকল্পৰ বাবেও শ্বামুৰ নামটো প্ৰস্তাৱ কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত কাঞ্চীভৰমত প্ৰকাশ ৰাজৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে 'ফিল্মফেয়াৰ শ্ৰেষ্ঠ তামিল সহযোগী অভিনেত্ৰী বঁটা' লাভ কৰে। ময়িলু ছবিত তেওঁ এগৰাকী গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু মাদুৰাইৰ এগৰাকী সাধাৰণ কিশোৰীৰ দৰে দেখাবলৈ তেওঁ ক’লা মেকআপ আৰু তেলীয়া চুলিৰ বেণী ধৰণৰ সাজ-সজ্জা ল’বলগীয়া হৈছিল। অৱশ্যে ছবিখন মুক্তি পাবলৈ পলম হৈছিল আৰু ২০১২ চনত ইয়াৰ অতি সীমিত মুক্তিহে হৈছিল।
ইয়াৰ পিছত তেওঁ অভিনেতা কৰণৰ বিপৰীতে মালয়ান নামৰ ছবিখনত মাদুৰাইৰ এগৰাকী চঞ্চল কিশোৰীৰ চৰিত্ৰত অভিনয় কৰে, যদিও ছবিখন বক্স অফিচত বিফল হয়। শ্বামুৱে আৰ. কান্নানৰ কাণ্ডেন কাধালাই ছবিত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ মাথি যোচি আৰু পালাই নামৰ আন দুখন সমালোচকৰদ্বাৰা প্ৰশংসিত ছবিত অভিনয় কৰিছিল যদিও এই দুয়োখনেই বক্স অফিচত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। ২০১১ চনত তেওঁ অভিনয় জগত ত্যাগ কৰে আৰু দক্ষিণ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ গঢ়িবলৈ ফ্ল’ৰিডালৈ উভতি যায়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Actress Shammu - Behindwoods.com - Tamil Movie Actress Interviews - Kanchivaram Malayan Mayilu". Behindwoods.com. http://www.behindwoods.com/features/Interviews/interview-5/actress/shammu.html। আহৰণ কৰা হৈছে: 2022-08-09.