শ্বাস তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


শ্বাস তন্ত্ৰ

মানুহৰ শ্বাস তন্ত্ৰৰ চিত্ৰ।
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা ৰেছপাইৰেটৰিয়াম
MeSH D012137
TA98 A06.0.00.000
TA2 3133
FMA 7158
দেহতাত্ত্বিক পৰিভাষা

শ্বাস তন্ত্ৰ হৈছে বিশেষ শ্বাসঅংগৰ জৰিয়তে জীৱশ্বসন সম্পন্ন কৰা এক অংগ তন্ত্ৰ। শ্বাস তন্ত্ৰৰ সহায়ত জীৱই পৰিৱেশৰ লগত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বিনিময় কৰে।

মানুহৰ দৰে মেৰুদণ্ডী প্ৰাণীবোৰৰ প্ৰধান শ্বাসঅংগ হৈছে হাওঁফাওঁদেহক অক্সিজেনৰ যোগান ধৰিবৰ বাবে হাওঁফাওঁ বায়ুৰে পূৰ্ণ কৰাক শ্বাস আৰু হাওঁফাওঁৰ পৰা কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়াক প্ৰশ্বাস বোলে। সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বসন বোলে। মানুহ আৰু অন্য স্তন্যপায়ীশৰীৰ ৰচনাত, শ্বাস তন্ত্ৰত অন্তৰ্ভুক্ত অংগবোৰ হৈছে শ্বাসনলী, ব্ৰংকি, ব্ৰংকিঅল, হাওঁফাওঁ, আৰু ডায়েফাৰ্ম। অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ অনুবোৰ তেজ আৰু বাহ্যিক গেছীয় পৰিৱেশৰ মাজত ব্যাপনৰ দ্বাৰা নিষ্ক্ৰিয়ভাৱে বিনিময় হয়। এই বিনিময় প্ৰক্ৰিয়া হাওঁফাওঁৰ বায়ুথলী বোৰত সংঘটিত হয়।[1]

মাছ আৰু অন্য বহু অমেৰুদণ্ডী প্ৰাণীৰ শ্বসন ফুলৰ দ্বাৰা সংঘটিত হয়। পতংগৰ দৰে অন্য প্ৰাণীবোৰৰ, শ্বাস তন্ত্ৰৰ শৰীৰ ৰচনা অতি সৰল, আনকি উভচৰ প্ৰাণীবোৰৰ শ্বসন চাল দ্বাৰাই সংঘটিত হয়। উদ্ভিদপাতত থকা পত্ৰৰন্ধ্ৰ নামৰ ছিদ্ৰৰ মাজেৰে শ্বসন সম্পন্ন হয়।[2]


তথ্য সংগ্ৰহ

  1. Maton, Anthea; Jean, Hopkins Susan, Johnson Charles William, McLaughlin Maryanna Quon Warner David, LaHart Wright, Jill (2010). Human Biology and Health. প্ৰকাশক Englewood Cliffs: Prentice Hall. পৃষ্ঠা. 108–118. ISBN 0134234359. 
  2. West, John B.. Respiratory physiology-- the essentials. প্ৰকাশক Baltimore: Williams & Wilkins. পৃষ্ঠা. 1–10. ISBN 0-683-08937-4.