সমললৈ যাওক

শ্বাহলা জিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাহলা জিয়া
شہلا ضیاء
জন্ম ১২ ফেব্ৰুৱাৰী, ১৯৪৭
লাহোৰ
মৃত্যু ১০ মাৰ্চ, ২০০৫ (৫৮ বছৰ)
ইছলামাবাদ, পাকিস্তান
নাগৰিকত্ব পাকিস্তান
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়
পেচা অধিবক্তা


শ্বাহলা জিয়া (ইংৰাজী: Shahla Zia; ১২ ফেব্ৰুৱাৰী ১৯৪৭ – ১০ মাৰ্চ ২০০৫) শ্বেহলা জিয়া নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী পাকিস্তানী অধিবক্তা আৰু সমাজ কৰ্মী৷ তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰাৰ বাবে পৰিচিত।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জিয়াৰ জন্ম হৈছিল লাহোৰৰ এটা পাঞ্জাবী মুছলমান পৰিয়ালত। তেওঁৰ পিতৃ মাহমুদ আলী খান পাকিস্তান আন্দোলনৰ কৰ্মী আছিল, আনহাতে মাতৃ সতনম মাহমুদ এগৰাকী শিক্ষাবিদ আছিল।[1][2] ১৯৬০ চনত তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু তাৰ পৰাই তেওঁ আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু এইদৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম পাকিস্তানী মহিলাসকলৰ ভিতৰত তেওঁ অন্যতম হয়।[[2]

তেওঁৰ দুজন পুত্ৰ আৰু তিনিগৰাকী কন্যা আছিল।.[1][3] তেওঁৰ এগৰাকী কন্যা মালিহা জিয়া লাৰী, যি এগৰাকী অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী।[4] ৫৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[1]

আইনী কৰ্ম আৰু সক্ৰিয়তা

[সম্পাদনা কৰক]

জিয়া নিগাৰ আহমেদৰ সৈতে মহিলা অধিকাৰ সংস্থা ঔৰত ফাউণ্ডেশ্যনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল, লগতে ১৯৮০ চনত এ জি এইচ এছ মহিলা আইন সংস্থা আৰু আইনী সাহায্য কেন্দ্ৰৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।[1][3] ১৯৮৩ চনত লাহোৰ উচ্চ ন্যায়ালয়ৰ সন্মুখত ১৯৮৩ চনৰ প্ৰমাণ আইনখনৰ প্ৰতিবাদ কৰাৰ বাবে জিয়াক আন কেইবাগৰাকীও মহিলাৰ সৈতে কাৰাগাৰত ভৰোৱা হয়৷[3] [5][6] মহিলা কাৰ্য্য মঞ্চতো তেওঁ সক্ৰিয় আছিল।[3] মহিলা আৰু ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে বৈষম্যমূলক আইনসমূহৰ বিৰুদ্ধে জিয়াই যুঁজিছিল।[1][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "HR activist Shahla Zia passes away". Dawn. 11 March 2005. http://www.dawn.com/news/384940। আহৰণ কৰা হৈছে: 26 November 2016. 
  2. 2.0 2.1 "Shehla Zia (Pakistan)". WikiPeaceWomen. Archived from the original on 20 December 2016. https://web.archive.org/web/20161220185213/http://wikipeacewomen.org/wpworg/en/?page_id=2213। আহৰণ কৰা হৈছে: 26 November 2016. 
  3. 3.0 3.1 3.2 3.3 3.4 "Human rights activist Shehla Zia dies". Daily Times. 11 March 2005. Archived from the original on 16 January 2017. https://web.archive.org/web/20170116151948/http://www.pakistanpressfoundation.org/2005/03/human-rights-activist-shehla-zia-dies/। আহৰণ কৰা হৈছে: 26 November 2016. 
  4. Ali, Rabia (29 November 2014). "Legal battle: The woman behind Sindh's domestic violence bill". The Express Tribune. http://tribune.com.pk/story/798979/legal-battle-the-woman-behind-sindhs-domestic-violence-bill/। আহৰণ কৰা হৈছে: 26 November 2016. 
  5. Weiss, Anita M. (1986). Islamic Reassertion in Pakistan: The Application of Islamic Laws in a Modern State. Syracuse University Press. পৃষ্ঠা. 101. ISBN 9780815623755. https://archive.org/details/islamicreasserti00weis। আহৰণ কৰা হৈছে: 26 November 2016. 
  6. Waraich, Sukhmani. "The Story Behind Pakistan's Feminism Of The 70s And 80s". Vagabomb. http://www.vagabomb.com/The-Story-Behind-Pakistans-Feminism-Of-The-s-And-s/। আহৰণ কৰা হৈছে: 26 November 2016.